সমললৈ যাওক

মহাবীৰ

ৱিকিউদ্ধৃতিৰ পৰা

মহাবীৰ (ইংৰাজী: Mahavira) বা বৰ্ধমান হৈছে জৈন ধৰ্মৰ ২৪তম তথা শেষৰ জন তীৰ্থকৰ। জৈন পৰম্পৰা মতে মহাবীৰ খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত ভাৰতৰ বিহাৰৰ এক ৰাজ পৰিয়ালত জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। ৩০ বছৰ বয়সত তেওঁ পৰম জ্ঞানৰ সন্ধানত সংসাৰৰ মোহ মায়া ত্যাগ কৰি ঘৰ এৰি গুচি যায়। প্ৰায় চাৰে বাৰ বছৰ তেওঁ পৰম জ্ঞানৰ সন্ধানত কঠোৰ তপ আৰু ব্ৰহ্মচাৰ্য পালন কৰে। তাৰ পিছত তেওঁ পৰম সত্যৰ সন্ধান পাই এজন ৰিপুঞ্জয় তথা জিন স্বৰূপে স্বীকৃতি পায়। তেওঁ প্ৰায় ৩০ বছৰ সাধনাৰ পৰা প্ৰাপ্ত জ্ঞান লোক সমাজত বিতৰণ কৰি খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত নশ্বৰ দেহ ত্যাগ কৰে।

  1. ঘৃণাই মানৱ চৰিত্ৰৰ ডাঙৰ দূৰ্বলতা।[]
  2. অহিংস আৰু প্ৰেমৰ পথ অনুসৰণ কৰিলেহে শান্তি আহিব।[]
  3. লোভ আৰু বাসনাই জগতৰ সকলো দুখ কষ্টৰ কাৰণ। []
  4. হিংসাৰ সমান পাপ নাই আৰু অহিংসাৰ দৰে ধৰম নাই।[]
  5. সকলো জীৱিত, উশাহ-নিশাহ লোৱা, বিদ্যমান, জীয়াই থকা আৰু সচেতন জীৱক হত্যা কৰা উচিত নহয়, হিংসাৰ বলি হোৱা উচিত নহয়, অত্যাচাৰ কৰা উচিত নহয়, অত্যাচাৰ কৰা উচিত নহয়, খেদি পঠিওৱা উচিত নহয়।[]
  6. পাপৰ পৰা বিৰত থাকিলে মানুহ সম্পূৰ্ণৰূপে সুখী হয়।[]
  7. অহিংসা আৰু জীৱৰ প্ৰতি দয়া হৈছে নিজৰ প্ৰতি দয়া। কাৰণ ইয়াৰ দ্বাৰা নিজৰ আত্মা বিভিন্ন ধৰণৰ পাপ আৰু তাৰ ফলত হোৱা দুখ-কষ্টৰ পৰা পৰিত্ৰাণ পায় আৰু নিজৰ কল্যাণ নিশ্চিত কৰিবলৈ সক্ষম হয়।[]
  1. ১.০ ১.১ শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
  2. মহৎ লোকৰ অমৃত বাণী, সম্পাদনা:জয়চন্দ্ৰ চক্ৰৱৰ্তী, পৃ. ২
  3. কাশী নাথ বৰ্ম্মণ (১৯৪৯)। “মহাবীৰ”, অমৰ কাহিনী। কাশী নাথ বৰ্ম্মণ।
  4. Ācharanga Sutra, Book 1, lecture 4, lesson 1, as translated by H. Jacobi, quoted in The Boundless Circle : Caring for Creatures and Creation (1996) by Michael W. Fox, p. 262.
  5. As quoted in Religion and culture of the Jains (1975) by Jyotiprasāda Jaina, p. 187.
  6. As quoted in Religion and culture of the Jains (1975) by Jyotiprasāda Jaina, p. 187.