মহাবীৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
মহাবীৰ (ইংৰাজী: Mahavira) বা বৰ্ধমান হৈছে জৈন ধৰ্মৰ ২৪তম তথা শেষৰ জন তীৰ্থকৰ। জৈন পৰম্পৰা মতে মহাবীৰ খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত বিহাৰৰ এক ৰাজ পৰিয়ালত জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। ৩০ বছৰ বয়সত তেওঁ পৰম জ্ঞানৰ সন্ধানত সংসাৰৰ মোহ মায়া ত্যাগ কৰি ঘৰ এৰি গুচি যায়। প্ৰায় চাৰে বাৰ বছৰ তেওঁ পৰম জ্ঞানৰ সন্ধানত কঠোৰ তপ আৰু ব্ৰহ্মচাৰ্য পালন কৰে। তাৰ পিছত তেওঁ পৰম সত্যৰ সন্ধান পাই এজন ৰিপুঞ্জয় তথা জিন স্বৰূপে স্বীকৃতি পায়। তেওঁ প্ৰায় ৩০ বছৰ সাধনাৰ পৰা প্ৰাপ্ত জ্ঞান লোক সমাজত বিতৰণ কৰি খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত নশ্বৰ দেহ ত্যাগ কৰে।
উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]
- ঘৃণাই মানৱ চৰিত্ৰৰ ডাঙৰ দূৰ্বলতা।[১]
- অহিংস আৰু প্ৰেমৰ পথ অনুসৰণ কৰিলেহে শান্তি আহিব।[১]
- লোভ আৰু বাসনাই জগতৰ সকলো দুখ কষ্টৰ কাৰণ। [২]