মহম্মদ ইকবাল
অৱয়ব
ছাৰ মহম্মদ ইকবাল (৯ নৱেম্বৰ ১৮৭৭ - ২১ এপ্ৰিল ১৯৩৮) এজন দক্ষিণ এছিয় ইছলামিক দাৰ্শনিক, কবি আৰু ৰাজনীতিবিদ।[১][২]
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মানুহৰ বুদ্ধিমত্তা হৈছে প্ৰকৃতিৰ আত্মসমালোচনাৰ প্ৰচেষ্টা।
- Stray Reflections[৩]
- ঈশ্বৰৰ প্ৰতিখন ভূমিয়েই হৈছে আমাৰ ভূমি
- ইছলাম আৰু জাতীয়তাবাদ; ড° আলী মহম্মদ নাকৱী।
- ৰহস্যবাদী অভিজ্ঞতাৰ তাৎক্ষণিকতাৰ অৰ্থ হ’ল, আমি আন বস্তুৰ দৰেই ঈশ্বৰকো চিনি পাওঁ। ঈশ্বৰ কোনো গাণিতিক সত্তা বা ধাৰণাৰ ব্যৱস্থা নহয়, ইটোৱে সিটোৰ লগত পাৰস্পৰিকভাৱে জড়িত আৰু অভিজ্ঞতাৰ কোনো উল্লেখ নাই।
- The Reconstruction of Religious Thought in Islam (1930), p. 14
- এই অধিৱেশনৰ প্ৰতি আপুনি যিমান পাৰে সিমানে স্পষ্ট আৰু শক্তিশালীভাৱে পুনৰ উল্লেখ কৰিব লাগিব, ভাৰতীয় মুছলমানসকলৰ এটাই ৰাজনৈতিক উদ্দেশ্য সেয়া হৈছে ভিন্ন দেশ। ভাৰতৰ ভিতৰত আৰু বাহিৰত বিশ্ববাসীক অৰ্থনৈতিক সমস্যাই দেশৰ একমাত্ৰ সমস্যা নহয় সেয়া জনোৱাটো নিতান্তই প্ৰয়োজনীয়। মুছলমানৰ দৃষ্টিকোণৰ পৰা সাংস্কৃতিক সমস্যাটোৰ পৰিণতি বেছিভাগ ভাৰতীয় মুছলমানৰ বাবে বহুত বেছি। যিকোনো মূল্যতে ই অৰ্থনৈতিক সমস্যাতকৈ কম গুৰুত্বপূৰ্ণ নহয়।
- ছাৰ মহম্মদ ইকবালে মহম্মদ আলী জিন্নালৈ লিখা পত্ৰত নেহৰুৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সৰ্বভাৰতীয় মুছলমান সন্মিলন আহ্বান কৰিবলৈ অনুৰোধ জনাইছিল।
- মুছলমান আমি, এইখন আমাৰ দেশ, চীন আৰু আৰব আমাৰ, ভাৰতো আমাৰ। তৰোৱালৰ ছাঁৰ তলত আমি ডাঙৰ হৈছো। অৰ্ধচন্দ্ৰ আমাৰ জাতীয় প্ৰতীক।
- মহম্মদ ইকবাল , আনুমানিক ১৯৩০ চন, বেদ মেহতা "কমিং ডাউন", ভাৰত
- মোৰ পূৰ্বপুৰুষ ব্ৰাহ্মণ আছিল। ভগৱানৰ সন্ধানতেই তেওঁলোকে জীৱনটো কটালে। মই মানুহৰ সন্ধানত হে জীৱনটো পাৰ কৰিছো।
- Educational Thinkers[৪]
- কবিৰ অন্তৰত হে জাতীয় সত্বাৰ জন্ম হয়; ৰাজনীতিবিদৰ হাতত সেয়া সমৃদ্ধিশালী আৰু লগতে মৃত্যুও হয়।
- Stray Reflections[৫]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Lelyveld, David (2004), "Muhammad Iqbal", in Martin, Richard C., Encyclopedia of Islam and the Muslim World: A-L, Macmillan, p. 356, আই.এচ.বি.এন. 978-0-02-865604-5
- ↑ Iqbal, Sir Muhammad (1981)। Complaint ; And, Answer। Oxford Univ. Pr। ISBN: 978-0-19-561324-7।
- ↑ https://www.allamaiqbal.com/poet/prose/english/stray.pdf
- ↑ https://books.google.co.in/books?id=O6Fp2zaQVVMC&pg=PA151&dq=&redir_esc=y#v=onepage&q&f=false
- ↑ https://www.allamaiqbal.com/poet/prose/english/stray.pdf