সমললৈ যাওক

মহম্মদ ইকবাল

ৱিকিউদ্ধৃতিৰ পৰা
১৯৩০ চনত ইকবাল তেওঁৰ পুত্ৰৰ সৈতে।

ছাৰ মহম্মদ ইকবাল (৯ নৱেম্বৰ ১৮৭৭ - ২১ এপ্ৰিল ১৯৩৮) এজন দক্ষিণ এছিয় ইছলামিক দাৰ্শনিক, কবি আৰু ৰাজনীতিবিদ।[][]

  • মানুহৰ বুদ্ধিমত্তা হৈছে প্ৰকৃতিৰ আত্মসমালোচনাৰ প্ৰচেষ্টা।
  • ঈশ্বৰৰ প্ৰতিখন ভূমিয়েই হৈছে আমাৰ ভূমি
    • ইছলাম আৰু জাতীয়তাবাদ; ড° আলী মহম্মদ নাকৱী।
  • ৰহস্যবাদী অভিজ্ঞতাৰ তাৎক্ষণিকতাৰ অৰ্থ হ’ল, আমি আন বস্তুৰ দৰেই ঈশ্বৰকো চিনি পাওঁ। ঈশ্বৰ কোনো গাণিতিক সত্তা বা ধাৰণাৰ ব্যৱস্থা নহয়, ইটোৱে সিটোৰ লগত পাৰস্পৰিকভাৱে জড়িত আৰু অভিজ্ঞতাৰ কোনো উল্লেখ নাই।
  • এই অধিৱেশনৰ প্ৰতি আপুনি যিমান পাৰে সিমানে স্পষ্ট আৰু শক্তিশালীভাৱে পুনৰ উল্লেখ কৰিব লাগিব, ভাৰতীয় মুছলমানসকলৰ এটাই ৰাজনৈতিক উদ্দেশ্য সেয়া হৈছে ভিন্ন দেশ। ভাৰতৰ ভিতৰত আৰু বাহিৰত বিশ্ববাসীক অৰ্থনৈতিক সমস্যাই দেশৰ একমাত্ৰ সমস্যা নহয় সেয়া জনোৱাটো নিতান্তই প্ৰয়োজনীয়। মুছলমানৰ দৃষ্টিকোণৰ পৰা সাংস্কৃতিক সমস্যাটোৰ পৰিণতি বেছিভাগ ভাৰতীয় মুছলমানৰ বাবে বহুত বেছি। যিকোনো মূল্যতে ই অৰ্থনৈতিক সমস্যাতকৈ কম গুৰুত্বপূৰ্ণ নহয়।
    • ছাৰ মহম্মদ ইকবালে মহম্মদ আলী জিন্নালৈ লিখা পত্ৰত নেহৰুৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সৰ্বভাৰতীয় মুছলমান সন্মিলন আহ্বান কৰিবলৈ অনুৰোধ জনাইছিল।
  • মুছলমান আমি, এইখন আমাৰ দেশ, চীন আৰু আৰব আমাৰ, ভাৰতো আমাৰ। তৰোৱালৰ ছাঁৰ তলত আমি ডাঙৰ হৈছো। অৰ্ধচন্দ্ৰ আমাৰ জাতীয় প্ৰতীক।
    • মহম্মদ ইকবাল , আনুমানিক ১৯৩০ চন, বেদ মেহতা "কমিং ডাউন", ভাৰত
  • মোৰ পূৰ্বপুৰুষ ব্ৰাহ্মণ আছিল। ভগৱানৰ সন্ধানতেই তেওঁলোকে জীৱনটো কটালে। মই মানুহৰ সন্ধানত হে জীৱনটো পাৰ কৰিছো।
    • Educational Thinkers[]
  • কবিৰ অন্তৰত হে জাতীয় সত্বাৰ জন্ম হয়; ৰাজনীতিবিদৰ হাতত সেয়া সমৃদ্ধিশালী আৰু লগতে মৃত্যুও হয়।
  • গণতন্ত্ৰ এনে এক ব্যৱস্থা য’ত মানুহক গণনা কৰা হয় যদিও ওজন কৰা নহয়।[]

[][] [] [১০]

  • মুছলমান আমি, দেশ আমাৰ, চীন আৰু আৰব আমাৰ, ভাৰত আমাৰ। তৰোৱালৰ ছাঁৰ তলত আমি ডাঙৰ হৈছো। অৰ্ধচন্দ্ৰচক্ৰ আমাৰ জাতীয় প্ৰতীক।[১১]
  • মই পঞ্জাব, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ, সিন্ধ, আৰু বেলুচিস্তানক একত্ৰিত কৰি একক ৰাজ্য হিচাপে গঢ়ি তুলা বিচাৰিম। এখন ঐক্যবদ্ধ উত্তৰ-পশ্চিম ভাৰতীয় মুছলমান ৰাষ্ট্ৰৰ গঠন ,ব্ৰিটিছ সাম্ৰাজ্যৰ ভিতৰতে হওক বা বাহিৰত স্ব-শাসিত হওক,মোৰ দৃষ্টিত উত্তৰ-পশ্চিম ভাৰতৰ অন্ততঃ মুছলমানসকলৰ চূড়ান্ত ভাগ্য যেন লাগে।[১২]
  1. Lelyveld, David (2004), "Muhammad Iqbal", in Martin, Richard C., Encyclopedia of Islam and the Muslim World: A-L, Macmillan, p. 356, আই.এচ.বি.এন. 978-0-02-865604-5 
  2. Iqbal, Sir Muhammad (1981)। Complaint; And, Answer। Oxford Univ. Pr। ISBN: 978-0-19-561324-7
  3. https://www.allamaiqbal.com/poet/prose/english/stray.pdf
  4. https://books.google.co.in/books?id=O6Fp2zaQVVMC&pg=PA151&dq=&redir_esc=y#v=onepage&q&f=false
  5. https://www.allamaiqbal.com/poet/prose/english/stray.pdf
  6. Zarb-i-Kalim (The Rod of Moses) (1935)
  7. This specific wording as quoted in Voices of Resurgent Islam (1983), Oxford University Press, John Esposito, p. 180
  8. Variant rendering: "Democracy is a system in which heads are counted but not weighed." As quoted in Elst, K. Hindu Dharma and the Culture Wars (2019)
  9. Original Urdu text: جمہوریت اک طرز حکومت ہے کہ جس میں
    بندوں کو گنا کرتے ہیں، تولا نہیں کرتے[উৎসৰ প্ৰয়োজন]
  10. This is a paraphrase of / reference to a quotation from Friedrich Schiller
  11. Mohammed Iqbal , circa 1930, Ved Mehta "Coming Down", India , Granta 57 (London: Granta, 1997), p. 148. quoted in Savarkar and The Discourse on Islam in Pre-independent India, Amalendu Misra. Source: Journal of Asian History, Vol. 33, No. 2 (1999)
  12. Sir Muhammad Iqbal’s 1930 Presidential Address to the 25th Session of the All-India Muslim League, Allahabad, 29 December 1930 (from University of Columbia website) Also quoted in Talib, S. G. S. (1950). Muslim League Attack on Sikhs and Hindus in the Punjab, 1947. Amritshar: Shiromani Gurdwara Parbandhak Committee. p.3