মনন আৰু মনীষী (গ্ৰন্থ)
অৱয়ব
মনন আৰু মনীষী প্ৰসেনজিৎ চৌধুৰীৰ এখন উল্লেখযোগ্য প্ৰবন্ধ সংকলন৷ ২০০৮ চনৰ ডিচেম্বৰ মাহত প্ৰথম প্ৰকাশ হোৱা এই প্ৰবন্ধ সংকলনখনত চৌধুৰীৰ যুক্তিবাদী আৰু ইতিহাসৰ বস্তুনিষ্ঠ বিশ্লেষণৰ উমান পাব পাৰি৷
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "পৰাধীন মানুহে যথাযোগ্য সন্মান কাহানিও নাপায়৷"[১]
- "আত্মশ্ৰেষ্ঠতাৰ অধুনা-জনপ্ৰিয় অহংকাৰ-মিশ্ৰিত তত্ত্বৰ কবলত নপৰাকৈ এষাৰ কথা নিশ্চয় ন দি ক'ব পাৰি : ভাৰতৰ যি বিচিত্ৰ আৰু বহুমুখী বৌদ্ধিক ইতিহাস তাত আধ্যাত্মিকতাৰ আধিপত্য হয়তো অলপ বেছি, কিন্তু এই ইতিহাসত মনন-মনীষাৰ অভাৱ থকা বুলি ক'লে সত্যৰ অপলাপ হ'ব৷"[২]
- "যি আধুনিকতাই মানুহৰ চিন্তা-চেতনাক গঢ় দিয়ে তাৰ এটা ঘাই উপাদান যুক্তিবাদ। শাস্ত্ৰ, পৰম্পৰা, গুৰু আদিৰ কৰ্তৃত্বক যুক্তিবাদে বিনা প্ৰশ্নে মানি নলয়। যুক্তিবাদ আধুনিক বিজ্ঞানৰ সতে যুক্ত। মুক্ত চিন্তা, কাৰ্যকাৰণ তত্ত্ব, প্ৰমাণ আৰু অভিজ্ঞতাৰ গুৰুত্ব - এইবোৰ যুক্তিবাদৰ অন্তৰ্নিহিত কথা। কোৱা বাহুল্য যে সাধাৰণ অৰ্থত যুক্তিবাদৰ ঐতিহ্য কেৱল প্ৰতীচ্যৰেই এদিনীয়া ভাব সম্পদ নহয়। ভাৰতৰ ইতিহাস ফঁহিয়াই চালে দেখা যায় যে যুক্তিবাদৰ ঐতিহ্যৰ পিনৰ পৰা ভাৰত নিশকতীয়া নহয়। চাৰ্বাকবাদেই ইয়াৰ উৎকৃষ্ট উদাহৰণ।"[৩]
- "বংগত শিক্ষিত লোকৰ চেতনাত ৰামমোহন আৰু 'ইয়ং বেংগল'ৰ ভাবধাৰা আৰু কৰ্মকাণ্ডই আলোড়ন তুলিলেও যুক্তিবাদৰ স্মৰণীয় বাহক হিচাপে আমাৰ মনলৈ প্ৰথমেই দুটা নামহে আহে - ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ আৰু অক্ষয়কুমাৰ দত্ত। এই দুজনৰ ভিতৰত প্ৰথমজনৰ চিন্তাধাৰাৰ বিষয়ে ইতিমধ্যে কিছু আলোচনা-বিলোচনা হৈছে। পিছে দুখৰ কথা যে দ্বিতীয়জনৰ চিন্তা-চৰ্চা সম্পৰ্কে বিশেষ পৰ্যালোচনা হোৱা নাই।"[৪]
- "ঊনৈশ শতিকাৰ বংগত প্ৰথা-পৰম্পৰাৰ বিৰুদ্ধে বহুতেই বিদ্ৰোহ কৰিছিল যদিও অধিকাংশই ব্যক্তিগত জীৱনত এই বিদ্ৰোহৰ ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱাৰিলে। সমাজত যুক্তিবাদী ঐতিহ্যৰ দৃঢ় ভিত্তি নিৰ্মাণ সম্ভৱ হৈ নুঠাৰ আঁৰত এনে বিসংগতিৰ কিছু অৰিহণা থকা বুলি মনে ধৰে।"
- "অদম্য জ্ঞান-স্পৃহা নৱজাগৰণৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য।"[৫]
- "যুক্তিমনস্ক মানুহৰ কেতবোৰ সুচিন্তিত অগতানুগতিক আচৰণ একোটা বৌদ্ধিক বিবৃতি (intellectual statement)। পৰম্পৰাৰ লগত খাপ নোখোৱা এনে আচৰণবোৰে যুক্তিবাদীজনৰ চিন্তাৰ স্বাতন্ত্ৰ্যকহে প্ৰতিফলিত কৰে।"[৬]
- "ঐতিহ্যৰ স'তে আধুনিকতাৰ দ্বন্দ্ব এক সাৰ্বজনীন সত্য।"[৭]
- "আধুনিকতাই সমাজৰ সৰু এটা অংশৰ চিন্তা-চেতনাত যি হেন্দোলনি তুলিলে তাৰ প্ৰেৰণাই দৰাচলতে ভাৰতীয় নৱজাগৰণৰ ঘাই প্ৰাণশক্তি৷ এই নতুন পৰিস্থিতিত মানুহে কেতবোৰ পুৰণি প্ৰথা-প্ৰমূল্যৰ উপযোগিতা তথা গ্ৰহণযোগ্যতাক প্ৰশ্ন কৰাৰ সাহস গোটাব পাৰিলে৷ ঐতিহ্যৰ অবিসম্বাদী আধিপত্যৰ বিৰুদ্ধে শুনা গ'ল বিসম্বাদী কণ্ঠৰ প্ৰতিবাদ আৰু সমালোচনা৷ নিস্পন্দ সমাজৰ এটা অংশত মূৰ দাঙি উঠা এই বিসম্বাদী কণ্ঠৰ অন্যতম আধাৰ আছিল যুক্তিবাদ৷"[৮]
তথ্য উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ প্ৰসেনজিৎ চৌধুৰী (২০০৮)। মনন আৰু মনীষী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:আগকথা।
- ↑ প্ৰসেনজিৎ চৌধুৰী (২০০৮)। মনন আৰু মনীষী, পৃষ্ঠা:আগকথা।
- ↑ প্ৰসেনজিৎ চৌধুৰী (২০০৮)। মনন আৰু মনীষী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:১-২।
- ↑ প্ৰসেনজিৎ চৌধুৰী (২০০৮)। মনন আৰু মনীষী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:২।
- ↑ প্ৰসেনজিৎ চৌধুৰী (২০০৮)। মনন আৰু মনীষী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৫।
- ↑ প্ৰসেনজিৎ চৌধুৰী (২০০৮)। মনন আৰু মনীষী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৯।
- ↑ প্ৰসেনজিৎ চৌধুৰী (২০০৮)। মনন আৰু মনীষী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:১৭।
- ↑ প্ৰসেনজিৎ চৌধুৰী (২০০৮)। মনন আৰু মনীষী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:২৪-২৫।