মণিকুন্তলা ভট্টাচাৰ্য
অৱয়ব
মণিকুন্তলা ভট্টাচাৰ্য (ইংৰাজী: Manikuntala Bhattacharya) অসমৰ এগৰাকী ঔপন্যাসিক, কবি তথা গল্পকাৰ। সাধাৰণতে তেখেতে নাৰীৰ মনস্তত্বৰ ওপৰত ভিত্তি কৰি উপন্যাসসমূহ লিখি আহিছে। ভট্টাচাৰ্যই ২০০৪ চনত মুনীন বৰকটকী বঁটা ২০০৭ চনত অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ উপন্যাসিকৰ বঁটা আৰু শ্ৰেষ্ঠ চুটি গল্প লেখিকাৰ বঁটা আদি লাভ কৰাৰ লগতে আৰু ভালেসংখ্যক বঁটা লাভ কৰিছে। তেওঁৰ বহুতো কবিতা, গল্প আৰু উপন্যাস হিন্দী আৰু ইংৰাজী ভাষালৈয়ো অনুবাদ হৈছে। তেওঁ নিজেও বহুকেইখন গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰিছে৷ তেওঁৰ শিশু উপন্যাস ঈশ্বুৱে কথাছবি ৰূপে ২০১৮ বৰ্ষৰ ৰজত কমল বঁটা লাভ কৰিছে৷
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]অনুৰোধ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কামৰ মাজত,অতিপাত ব্যস্ততাৰ মাজতো মানুহৰ ব্যক্তিগত অনুভৱ কিছুমানে চিন্তাৰ পোছাক পিন্ধি বুৰবুৰণি তুলি উঠি আহি থাকে হৃদয় আৰু মস্তিষ্কৰ গভীৰতাৰ পৰা। দীঘল দিন একোটাৰ অগণন কামৰ সুৰুঙা বিচাৰি সেইবোৰে ভুমুকি মাৰে।[১]
- প্ৰকৃতি যিমান সুন্দৰ নহওক,সেই সৌন্দৰ্যৰ মাজত দীঘলীয়া সময় কটোৱা নাযায়। আজিৰ আধুনিক সময়ৰ সৰঞ্জাম কিছুমান নোহোৱাকৈ এনে সৌন্দৰ্যৰ মাজতো মানুহ নিসংগ হৈ পৰে।অৱসাদত ভোগে। [১]
- পোছাক যিয়েই নহওক আবুৰতাৰে পিন্ধিলে সৌন্দৰ্য বাঢ়ে। [১]
- আমি প্ৰকৃতিৰ পৰা এই শিক্ষাকে ল'ব পাৰোঁ।ৰাতিৰ অন্ধকাৰৰ সকলো অসূয়া-অশান্তি সামৰি প্ৰতিটো পুৱা সজাই তুলিব পাৰোঁ অভিনৱ উজ্জ্বলতাৰে।[১]
- মানৱ জীৱনতেই এয়া সম্ভৱ।যিমান দুখ-যন্ত্ৰণা নাহক জীৱনলৈ,সময়ত সকলো পাহৰি পেলায় মানুহে। পাহৰি গৈ থাকে। সেয়েহে শ্ৰাদ্ধৰ পাছতে পাতিব পাৰে জন্মদিন এই মানুহেই।[১]
বন্ধ ঘৰৰ খিৰিকি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- একো একোটা জীৱনত সম্ভাৱনা থকা কথা এটিও কেতিয়াবা কোনো কাৰণ নথকাকৈ অসম্ভৱ হৈ ৰৈ যায়। বহুতো কথা হেঁতেনতে ৰৈ যায়।[২]
- মানুহে যেতিয়া মানুহৰ সংগ বিচাৰে,অৱচেতন মনত অহৰহ ক্ৰিয়া কৰি ৰয় সৎ সংগৰ অন্বেষণে। সৎ সংগৰ পৰা মানুহে আচৰণ শিকে,জ্ঞান লভে আৰু জীৱনৰ নিৰিবিলি প্ৰশান্তিৰ উহ বিচাৰি পায়।[২]
- প্ৰকৃততে গতি যন্ত্ৰত নাথাকে। গতি থাকে মানুহৰ ভিতৰত।যন্ত্ৰক মানুহেহে পৰিচালনা কৰে।[২]