সমললৈ যাওক

ভোগেশ্বৰ বৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা

ভোগেশ্বৰ বৰুৱা ভাৰতৰ এগৰাকী আগশাৰীৰ খেলুৱৈ তথা প্ৰশিক্ষক। তেওঁ হৈছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া।[১] তেওঁৰ জন্ম হৈছিল ৩ ছেপ্তেম্বৰ ১৯৪০ চনত শিৱসাগৰত।[২] ১৯৬৬ চনৰ বেংককত অনুষ্ঠিত এচিয়ান গেমছত তেওঁ ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে আৰু প্ৰতিযোগিতাৰ নতুন অভিলেখ স্থাপন কৰে। এচিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা তেওঁ প্ৰথমজন অসমীয়া।[৩] সেই বছৰে (১৯৬৬ চনত) তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়। অসম চৰকাৰে তেওঁৰ প্ৰতি সন্মান দেখুৱাই প্ৰতি বছৰে ৩ ছেপ্তেম্বৰত তেখেতৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে।[৪]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ৰাজ্য এখনৰ খেলুৱৈ, সাহিত্যিক, বিশিষ্ট ব্যক্তিক পদ্মশ্ৰী বঁটাৰ কাৰণে মনোনীত কৰি পদ্মশ্ৰী বঁটা দিব পৰাটো ৰাজ্য চৰকাৰ এখনৰ কৃতিত্ব। আজিৰ পৰা ৪-৫ বছৰমান আগতে ক্ৰীড়া প্ৰাধিকৰণৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ জৰিয়তে মোৰ নামটো পদ্মশ্ৰী বঁটাৰ কাৰণে প্ৰেৰণ কৰিব বিছাৰিছিল। কথাটো গম পাই মই তেখেতসকলক মোৰ নামটো নপঠাবলৈ অনুৰোধ জনাইছিলোঁ। লগতে মোক এই বঁটা প্ৰদান কৰিলে মই পোনছাটেই প্ৰত্যাখ্যান কৰিম বুলি কৈছিলোঁ। মোৰ বয়স হৈছে যথেষ্ট। বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰা উঠি অহা প্ৰজন্মক মনোনীত কৰি পদ্মশ্ৰী বঁটা প্ৰদান কৰাৰ ব্যৱস্থা কৰক। তেতিয়াহে ভৱিষ্যতে সেইসকলে পদ্মভূষণ, পদ্মবিভূষণ, ভাৰতৰত্ন বঁটা লাভ কৰি অসমৰ গৌৰৱ বৃদ্ধি কৰিব।[৫]
  2. বিভিন্ন খেলৰ অৰ্থসৰ্বস্ব প্ৰতিযোগিতাসমূহে অভিভাৱক সকলক আগ্ৰহী কৰি তুলিছে।[৫]
  3. গ্ৰাম্য অঞ্চলত অৱশ্যে এতিয়াও অভিভাৱকসকল ক্ৰীড়াৰ প্ৰতি উদাসীন। আৰ্থিক অৱস্থা তথৈবচ কাৰণে গাঁৱৰ সহজ-সৰল অভিভাৱকসকলে নিজৰ লৰা ছোৱালীক পঢ়াশুনা কৰাই চাকৰিৰ প্ৰতি আকৰ্ষিত কৰি আহিছে। ইয়াৰ উপৰিও খেলৰ প্ৰশিক্ষণৰ কাৰণে প্ৰয়োজনীয় অৰ্থ যোগান ধৰিব নোৱাৰাটো ক্ৰীড়াৰ প্ৰতি অনীহাৰ এক কাৰণ।[৫]
  4. আমাৰ গ্ৰাম্য অঞ্চলত যথেষ্ট প্ৰতিভা লুকাই আছে। সিহঁতক নিজৰ খেলবোৰত উন্নতি কৰাবলৈ পঞ্চায়ত পৰ্যায়ৰ পৰাই খেলৰ প্ৰশিক্ষণ, আন্ত: গাঁথনি তথা প্ৰতিযোগিতাৰ ওপৰত চৰকাৰে অধিক গুৰুত্ব দিব লাগিব।উপযুক্ত পৰিকল্পনা অবিহনে গ্ৰাম্য প্ৰতিভাবোৰক বিচাৰি উলিয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিব পৰাটো সম্ভৱ নহয়।[৫]
  5. ভাৰতৰ খেলপথাৰ তথা প্ৰশিক্ষণ এতিয়াও বিশ্বপৰ্যায়ৰ হৈ উঠা নাই। সেয়েহে ভাৰতৰ খেলুৱৈ সকলে বিশ্বৰ অন্য দেশৰ লগত ফেৰমাৰি পদক অৰ্জন কৰা দুৰূহ হৈ পৰে। এইধৰণৰ কথাবোৰৰ কাৰণে ভাৰতৰ অলিম্পিকত প্ৰদৰ্শন পুতৌজনক।[৫]
  6. আমাৰ ভাৰতীয়সকল বেছি আৱেগিক। আৱেগৰ বশৱৰ্তী হৈ আমি কেতিয়াবা এনে কিছুমান পদক্ষেপ গ্ৰহণ কৰোঁ যে সময়ত খেলুৱৈ সকলৰ অতিমাত্ৰা চাপ বৃদ্ধি হয়।[৫]
  7. আমাৰ সকলোৰে দায়িত্ব যে খেল প্ৰতিযোগিতা এখনত অংশগ্ৰহণ কৰা খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ নামত আমি তেওঁলোকৰ মানসিক চাপ যেন বৃদ্ধি নকৰোঁ।[৫]
  8. অৱসৰ গ্ৰহণ কৰা খেলুৱৈসকলক বিভিন্ন চৰকাৰী ক্ৰীড়া-সংগঠনৰ মুৰব্বী অথবা পৰিচালনাৰ দায়িত্ব দিলেও ৰাজ্যখনৰ খেলৰ ক্ষেত্ৰখনৰ যথেষ্ট পৰিমাণে উন্নতি সাধন হ'ব বুলি মোৰ বিশ্বাস।[৫]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. English wiki page
  2. Making sports a celebration
  3. Athletics at the 1966 Asian Games
  4. "Abhiruchi Sports Day to be celebrated on September 3 in Guwahati", ১ আগষ্ট ২০২২. আহৰণ কৰা হৈছে ২ ছেপ্টেম্বৰ ২০২২.
  5. ৫.০ ৫.১ ৫.২ ৫.৩ ৫.৪ ৫.৫ ৫.৬ ৫.৭ অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাদেৱৰ লগত এখন্তেক. সাক্ষাৎকাৰ. প্ৰকাশক: জ্ঞানম (ছেপ্তেম্বৰ, ২০২১). আহৰণ কৰা হৈছে: 27 মে' 2024.