ভাৰতীয় গণিতৰ চমু ইতিহাস

ৱিকিউদ্ধৃতিৰ পৰা

ভাৰতীয় গণিতৰ চমু ইতিহাস হৈছে অসমীয়া ভাষাত লিখা ড° কৈলাশ গোস্বামীৰ এখন গ্ৰন্থ।[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ইতিহাসৰ ওপৰত ভেজা দি এটা প্ৰজন্মই সৃষ্টি কৰা কৃতকৰ্মক অইন এটা প্ৰজন্মই ভঙা-গঢ়া কৰে আৰু এক প্ৰজন্মই সেয়া ভঙা-গঢ়া কৰ্মত অইন এটা প্ৰজন্মই সোণত সুৱগা ঢালে। [২]
  2. ইতিহাস অধ্যয়নেৰে জাতিৰ মানসিক বিকাশৰ সূত্ৰ নিৰ্ণয়ৰ দিশবোৰ বিচাৰি পোৱা যায়। [৩]
  3. মহান গণিতজ্ঞসকলৰ শতিকাযোৰা গাণিতিক যাত্ৰা প্ৰবাহৰ (যদিও সময়ে সময়ে বেদনাদায়ক) পৰিশ্ৰমৰ ফলেই হ’ল গণিতৰ বিকাশ। সেইবোৰৰ স্মৰণ আৰু শ্ৰদ্ধা কৰা আমাৰ কৰ্তব্য। [৪]
  4. গণিত বিজ্ঞানেই নহয়, কলাও। বিকাশ আৰু প্ৰগতিৰ সোঁতৰ লগত জড়িত বিভিন্ন মনোমোহা গল্প. সাধু, ক্ষুদ্ৰ কল্প-কাহিনী, অভাৱনীয় আৱিষ্কাৰ, উদ্ভাৱনৰ জন্ম কাহিনী আদিয়ে গণিত পঢ়ুৱৈৰ মনত আগ্ৰহ আৰু উত্তেজনাৰ সৃষ্টি কৰে। [৫]
  5. অবাঞ্ছিত পৰিস্থিতি, দুৰ্বহ জীৱিকা-নিৰ্বাহ, যাতায়াত, জনসংযোগ আদি পুৰণি ভাৰতীয় পৰিবেশ আৰু অনেক বাধা-বিঘিনিয়ে অতীতৰ মানুহৰ জ্ঞান-চৰ্চা আৰু চিন্তাৰ বিকাশত বাধাৰ প্ৰাচীৰৰূপে থিয় হৈছিল। সময়ৰ সোঁতত প্ৰাচীৰ আঁতৰাই প্ৰয়োজনৰ খাতিৰ আৰু অনুসন্ধিৎসু মানসিকতাৰ হেঁচাৰ বাবে বৈজ্ঞানিক যুক্তিগত চিন্তা দৰ্শনেৰে তেওঁলোকৰ জ্ঞানৰ মঞ্জৰিক বিকাশৰ পথলৈ দ্ৰুত গতিত আগবঢ়াই নিলে।[৬]
  6. গণিত আৰু সভ্যতাৰ ইতিহাস দুয়ো ঘনিষ্ঠভাৱে সম্পৰ্কীয় আৰু এটাই অইনটোক এৰিব নোৱাৰা ধাৰণা । [৭]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. গোস্বামী, ড° কৈলাশ (২০১২)। ভাৰতীয় গণিতৰ চমু ইতিহাস। অসম প্ৰকাশন পৰিষদ।
  2. পৃষ্ঠা পাতনি
  3. পৃষ্ঠা পাতনি
  4. পৃষ্ঠা পাতনি
  5. পৃষ্ঠা পাতনি
  6. পৃষ্ঠা পাতনি
  7. পৃষ্ঠা ২