ভবেন বৰুৱা
অৱয়ব
ভবেন বৰুৱা অসমৰ এগৰাকী কবি, প্ৰবন্ধকাৰ আৰু সমালোচক। প্ৰতীক-ধৰ্মীতা আৰু নব্য-ৰমন্যাসবাদৰ দ্বাৰা অনুপ্ৰাণিত হোৱা অসমীয়া কবিসকলৰ ভিতৰত তেওঁ অন্যতম।[১] 'সোণালী জাহাজ' তেওঁৰ শ্ৰেষ্ঠ কাব্য-কৃতি বুলি গণ্য কৰা হয়।[২] এই গ্ৰন্থৰ বাবে তেওঁ ১৯৭৮ চনত যুটীয়াভাৱে প্ৰকাশন পৰিষদ বঁটা আৰু ১৯৭৯ চনত সাহিত্য অকাডেমি বঁটা[৩] লাভ কৰে।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ৰাজনৈতিক শক্তিবাদৰ আদৰ্শটোৱেই এতিয়া যিসময়ত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰচণ্ড ৰূপত পৰাক্ৰমী হৈ পৰিছে প্ৰকৃত মানসিক সাংস্কৃতিক প্ৰগতিৰ দূৰলৈকে অসমক লৈ গৈছে—অসমৰ অৰ্থনৈতিক প্ৰগতিৰ সম্ভাৱনাবোৰকো মষিমূৰ কৰিছে— সেইসময়ত অসমীয়া সমাজখনত প্ৰয়োজন হৈছে এক গভীৰ আৰু প্ৰশস্ত চৰিত্ৰৰ ইতিহাস দৰ্শনৰ। এই পথত আগবাঢ়িবলৈ হ’লে অসমীয়া জাতিয়ে আজি এটা নতুন ধৰণৰ জাতীয় চেতনাৰ সংগ্ৰামো চলাব লাগিব। এই পথত বাণীকান্ত কাকতিৰ পাণ্ডিত্যখিনিৰ আদৰ্শটোকো এটা শক্তি হিচাবেই অসমীয়াই পাই থাকিব।[৪]
- অসমীয়া ভাষা-সংস্কৃতিৰ কেন্দ্ৰীয় তথা উৎকৃষ্ট ধাৰাটোৰ প্ৰতিমুখেই চলা ষড়যন্ত্ৰ নাইবা অজ্ঞতামূলক এবিধ চিন্তাৰ বিৰুদ্ধে বেজবৰুৱাৰ সতীৰ্থ হৈ বাণীকান্তয়ো একালত যিখন যুঁজ চলাব লগা হৈছিল তাৰ ঐতিহাসিক তাৎপৰ্যখিনি বুজিবলৈ আজিৰ অসমীয়া সাহিত্যিকসকলে চেষ্টা কৰা উচিত।[৪]
- বিশ্ববিদ্যালয়ৰ আৰ্থিক দৰিদ্ৰতা চৰকাৰেও হয়তো মোচন কৰিব পাৰে। কিন্তু বৌদ্ধিক দৰিদ্ৰতা, নৈতিক দৰিদ্ৰতাৰ মাজলৈ যেতিয়া এবিধ কেৰাণী আৰু টেকনক্ৰেট আৰু পলিটিচিয়ানে এখন বিশ্ববিদ্যালয় ঠেলি লৈ যায় তেতিয়া? তেতিয়া লাগিব ঘাইকৈ বৌদ্ধিক পথৰে সংগ্ৰাম। নীতিক (ৰাজনৈতিক চালাকি আৰু অভিসন্ধিক নহয়) গুৰুত্ব দিব পৰা মানসিকতাৰো জাগৰণ। সেই পথতেহে আমাৰ অসমীয়া সমাজত উচ্চ শিক্ষাৰ জগতখনত বাণীকান্তও ঘূৰি আহিব পাৰিব আৰু এটা নতুন পোহৰে তেতিয়াহে দেখা দিব পাৰিব।[৪]
- শঙ্কৰদেৱে হিন্দুধৰ্মৰ ‘প্ৰতিক্ৰিয়াশীল’ ধাৰাটোৰ প্ৰতিমুখে যি গণতন্ত্ৰী আদৰ্শ এটা দি থৈ গ’ল তাক সঁচাকৈয়ে গ্ৰহণ কৰিব পৰা মনবোৰেই পশ্চিমীয়া সভ্যতাৰ পৰা অহা নতুন যুগৰ গণতন্ত্ৰৰ আৰু বিজ্ঞানকো সাৰ্থক ৰূপত গ্ৰহণ কৰিবলৈ শেষত প্ৰস্তুত হ’ব পাৰিব।[৪]
- হিন্দু হিন্দু ভাই ভাই” আৱাজটো হিন্দু সমাজৰ ভাল ঐতিহ্যৰ বাবে মঙ্গলজনক নহয় বুলি জৱাহৰলাল নেহেৰুৰ দৰে ময়ো ভাবোঁ সেয়ে এনে আৱাজৰ প্ৰতিকুলে ১৯৬৫ চনতেই লিখিছিলোঁ— “হিন্দু! হিন্দু! হিন্দু!” নেহৰুৰ ছেকুলাৰিজিমৰ আদৰ্শক ব্যঙ্গ বিদ্ৰুপ কৰা হিন্দু দেখিলেই মোৰ সদায় গাত পোৰণিও অনুভৱ কৰি আহিছোঁ।[৪]
- অসমীয়া কবিতাৰ ভৱিষ্যত অসমীয়া জাতীয়তাৰ কেন্দ্ৰীয় মূল্যবান পথটোৰ ভৱিষ্যৎটোৰ লগতো বিশেষভাৱে জড়িত হৈ আছে। এইটোও এটা তাৎপৰ্যপূৰ্ণ সত্যই। সেয়ে এই পথটোত সক্ৰিয় হৈ অহা মন তথা দৰ্শনবোধৰ চৰিত্ৰটোৰ বিষয়েও এটা ঐতিহাসিক চেতনা আজি অসমীয়াৰ কাব্যসাধনাৰ পথত সক্ৰিয় হোৱাটো প্ৰয়োজনীয় বুলিয়ে মই ভাবোঁ। অসমীয়া কবিতাৰ আধুনিকতাই অসমীয়াৰ শংকৰদেৱ, আজানপীৰ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ কেন্দ্ৰীয় আধ্যাত্মিক আৰু ভাৰতীয় পথটোৰ লগত নাড়ী সংযোগ ছিন্ন কৰি গতি কৰক এনে এটা ভৱিষ্যৎ মই কামনা নকৰোঁ[৪]
মতামত
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "এজন বহু-আয়তন বিশিষ্ট 'মেজৰ' কবিৰ পৰিচয় বহন কৰা 'সোণালী জাহাজ' আধুনিক অসমীয়া কবিতাৰ জগতত এক অনন্য-সাধাৰণ সৃষ্টি।"– নীলমণি ফুকন(কনিষ্ঠ)[৫]
- এইখিনিতে উল্লেখযোগ্য যে, কবি আৰু সমালোচক ভবেন বৰুৱাই তেওঁৰ সমালোচক জীৱন আৰম্ভ কৰিছিল সুবালাৰ বিষয়ে কৰা এটি সুদীৰ্ঘ আলোচনাৰে। মোৰ ঔপন্যাসিক জীৱনৰ আৰম্ভণিতেই ভবেন বৰুৱাৰ এই অন্তৰ্ভেদী আৰু পাণ্ডিত্যপূৰ্ণ সমালোচনাটো পঢ়ি মই ইমান উপকৃত হৈছিলোঁ যে, তাৰ প্ৰভাৱ মই আজিও অনুভৱ কৰি থাকোঁ। যুদ্ধোত্তৰৰ অসমীয়া সাহিত্য সমালোচনাত ভবেন বৰুৱাৰ সেই প্ৰবন্ধটো এটা উল্লেখযোগ্য মাইলৰ খুঁটি বুলি মই ভাবোঁ।” (হোমেন বৰগোহাঞি, আত্মানুসন্ধান, পৃষ্ঠা ৩১)[৪]
- “মনক মুক্ত কৰা: সাহিত্য, ইতিহাস আৰু দৰ্শন।” প্ৰধান ভাৰতীয় কবি, সমালোচক, চিন্তাবিদ, পণ্ডিত আৰু সম্পাদক অধ্যাপক বৰুৱা। তেওঁৰ মাজত এটা সুক্ষ্মভাৱে নিখুঁত গীতিময় স্বভাৱক গভীৰ আৰু সংবেদনশীলভাৱে দাৰ্শনিক মন আৰু ইতিহাসৰ গতিবিধিৰ প্ৰতি বহল আৰু ভেদকাৰী সচেতনতাই মৃদু আৰু বহল কৰি তোলে।”( এছ চি দেৱ ফাউণ্ডেছন, এলাহাবাদ)[৪]
তথ্য সূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ [১]Modern Indian literature,an anthology,Volume 3, By K. M. George, Sāhitya Akādemī, আহৰণ ২১.০৯.২০১১
- ↑ [২]The Encyclopaedia Of Indian Literature,Volume 1,By Amaresh Datta, আহৰণ ২১.০৯.২০১১
- ↑ সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য. প্ৰকাশক: সাহিত্য অকাডেমি. আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ ৪.০ ৪.১ ৪.২ ৪.৩ ৪.৪ ৪.৫ ৪.৬ ৪.৭ কবি ভবেন বৰুৱা. আহৰণ কৰা হৈছে: 18 মে' 2024.
- ↑ সমীন কলিতা (২০০১)। শতাধিক অসমীয়া সাহিত্যিক। গুৱাহাটী। ষ্টুডেণ্টচ্ ষ্ট'ৰচ্, পৃষ্ঠা:৪৯২-৪৯৪। ISBN: 81-7665-095-1।