ভগৎ সিং
অৱয়ব

ভগৎ সিং (ইংৰাজী: Bhagat Singh; ২৭ ছেপ্টেম্বৰ, ১৯০৭ – ২৩ মাৰ্চ, ১৯৩১) আছিল ভাৰতীয় উপমহাদেশৰ ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ এজন পুৰোধা ব্যক্তি আৰু অগ্নিযুগৰ ছহিদ বিপ্লবী। দেশৰ স্বাধীনতা সংগ্ৰামৰ তেওঁ আছিল অন্যতম প্ৰভাৱশালী বিপ্লবী। তেওঁক ছহিদ-ঈ আজম ভগৎ সিং নামে অভিহিত কৰা হয়।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- পাগল, প্ৰেমিক আৰু কবি, এই তিনিও একে মাটিৰে গঢ়া।
- মোৰ কলমে মোৰ আৱেগক এইদৰে বুজে যে মই "ইস্ক্"[১] লিখিবলৈ চেষ্টা কৰিলেও "ইনক্লাব"[২] লিখা যায়।
- নিজৰ শক্তিৰে জীৱন যাপন কৰা হয়; কেৱল মৃতদেহহে আনৰ কান্ধত কঢ়িয়াই নিয়া হয়।
- মই এজন মানুহ আৰু মানৱতাক প্ৰভাৱিত কৰা সকলো কথাকে মই গুৰুত্ব দিওঁ।[১]