বৰহমথুৰি

ৱিকিউদ্ধৃতিৰ পৰা
বৰহমথুৰিৰ কলি

বৰহমথুৰি বা বৰ্হমথুৰি দীঘল দীঘল পাতেৰে থুৰি মেলা এবিধ আওকাঠী গছ৷ ইয়াৰ পাত চোবালে তাৰ ৰসে ওঁঠ বোলাই পেলায়। বিহুৰ সময়ত নাচনীবোৰৰ মাজত ইয়াৰ বৰ আদৰ। এইবিধ গছৰ থুৰি পাত বা চুপহি তামোলৰ লগত বা শুদাই চোবালে ওঠ আৰু জিভা কʼলা পৰে।

বিহুনামত বৰ্হমথুৰি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • লুইতৰ পাৰৰে বৰ্হমথুৰি এজুপি
    আমিনো খৰি লুৰা ঠাই
    উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা
    তামোল দি মাতোঁতা নাই।
  • বৰমপুতৰ মাজৰে বৰহমথুৰি আনিবা
    গুৱালৰ আনিবা দৈ।
    নাজিৰা হাটৰে জেতুকা আনিবা
    থাকিম পদূলিতে ৰৈ॥