বেঞ্জামিন ফ্ৰেংকলিন
অৱয়ব

বেঞ্জামিন ফ্ৰেংকলিন (ইংৰাজী: Benjamin Franklin; ১৭০৬–১৭৯০) আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠাপকসকলৰ এজন। তেওঁ এজন লেখক, প্ৰকাশক, ৰাজনৈতিক দাৰ্শনিক, ৰাজনীতিবিদৰ লগতে বিজ্ঞানী আৰু উদ্ভাৱকো আছিল। এজন বিজ্ঞানী হিচাপে তেওঁক বিদ্যুৎ সম্পৰ্কীয় আৱিষ্কাৰ আৰু তত্ত্বৰ বাবে জনা যায়। এজন উদ্ভাৱক হিচাপে তেওঁ অন্যান্য উদ্ভাৱনাৰ লগতে লাইটনিং ৰড, বাইফোকেল আৰু ফ্ৰেংকলিন ষ্টোভৰ উদ্ভাৱন কৰিছিল। তেওঁ লাইব্ৰেৰী কোম্পানী, ফিলাডেলফিয়াৰ প্ৰথম অগ্নি নিৰ্বাপক বিভাগ আৰু পেনচিলভেনিয়া বিশ্ববিদ্যালয় আদি বহুতো নাগৰিক সংগঠন প্ৰতিষ্ঠা কৰিছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]
- মুৰ্খই আশ্চৰ্য প্ৰকাশ কৰে আৰু জ্ঞানীয়ে প্ৰশ্ন কৰে।[উৎসৰ প্ৰয়োজন]
- সময় অমূল্য ধন।[উৎসৰ প্ৰয়োজন]
- সন্তুষ্টিবোধ হৈছে অজ্ঞতাৰ কন্যা।[উৎসৰ প্ৰয়োজন]
- পৰিশ্ৰম হৈছে সৌভাগ্যৰ জননী।[উৎসৰ প্ৰয়োজন]
- যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একো নাই।[উৎসৰ প্ৰয়োজন]
- জীৱনৰ লগেলগেই শিক্ষা আৰম্ভ হয়।[উৎসৰ প্ৰয়োজন]
- পাৰিলে সৎকথাৰ আলোচনা কৰিবা, নহ'লে মনে মনে থাকিবা।[১]
- আইন অতি উদাৰ হ'লে লোকে তাক নামানে আৰু অতি কঠোৰ হ'লে কাচিৎহে তাৰ প্ৰয়োগ হয়।[১]
- কৰ্কশ শব্দ প্ৰয়োগ কৰি কোনো কাৰো বন্ধু হ’ব নোৱাৰে।[২]
- সহজ উদাহৰণেই হ’ল সৰ্বোত্তম উপদেশ।[২]
- নিজৰ বিবেক সদায় নিৰ্মল কৰি ৰাখিবা; তেতিয়াহ’লে তুমি ভয় কৰি চলিবৰ দৰকাৰ নাই।[২]
- যি মানুহে কাৰো পৰা একো আশা নকৰে, তেৱেঁই সুখী আৰু ভাগ্যৱান মানুহ। তেওঁ জীৱনত কেতিয়াও নিৰাশ হ’বলগীয়া নহয়।[২]
- তুমি সুখ-শান্তিত জীয়াই থাকিব খোজানে? যদিহে খোজা, তেন্তে যি কাম কৰা উচিত, কেৱল তেনে কামহে কৰিবা; যি কাম কৰি ভাল পোৱা, তেনে কাম নকৰিবা।[২]
- … পৰুৱাই কিন্তু মুখেৰে একো নকয়।[২]
- দোকানখন ভালকৈ সজাই-পৰাই ৰাখিবা, তেতিয়া দোকানখনেও তোমাক সুখ-সন্তোষত ৰাখিব।[২]
- আইনাৰ বাচন, চীনা-মাটিৰ বাচন আৰু মানুহৰ খ্যাতি অতি সহজে ভাগে; সেইবোৰ কেতিয়াও সম্পূৰ্ণৰূপে জোৰা নালাগে।[২]
- সকলো কথাতে আতিশয্য পৰিহাৰ কৰি চলিবা; পাব লগীয়া শাস্তি বা আঘাত পালে তাৰ কাৰণে খং বা অসন্তোষ প্ৰকাশ নকৰিবা।[২]
- সৰুসুৰা কথাত বিৰক্ত নহ’বা; সচৰাচৰ হৈ থকা বা এৰাব নোৱাৰা বিপদ-বিঘিনিত বিচলিত হৈ মনৰ শান্তি নেহেৰুৱাবা।[২]
- ঘৰখনেই শিশুৰ শিক্ষাৰ কঠিয়াতলী৷[৩]
- “সৰু সৰু খৰচৰ ক্ষেত্ৰতো সাৱধান হওক।”[৪]
- “শিকিবলৈ ইচ্ছা থাকিলে শিক্ষক সকলো ঠাইতে পোৱা যায়।”[৫]
- “সততা হৈছে সৰ্বশ্ৰেষ্ঠ নীতি।”[৬]
- “ক্ৰোধত আৰম্ভ হোৱা সকলো কাম লাজত শেষ হয়।”[৭]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
- ↑ ২.০০ ২.০১ ২.০২ ২.০৩ ২.০৪ ২.০৫ ২.০৬ ২.০৭ ২.০৮ ২.০৯ 'ব্ৰেঞ্জামিন ফ্ৰেঙ্কলিন', হোমেন বৰগোহাঞি, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্
- ↑ স্বৰ্ণলতা মহন্ত (২০১৭)। চুপহি (আলোচনী)। সদৌ অসম মইনা পাৰিজাত, কলিয়াবৰ অধিৱেশন, পৃষ্ঠা:৩৬।
- ↑ Poor Richard’s Almanack.প্ৰথম প্ৰকাশ: ১৭৩২ চন।
- ↑ Autobiography পূৰ্ণ প্ৰকাশ: ১৭৯১ চন (মৰণোত্তৰ)।
- ↑ Poor Richard’s Almanack.প্ৰথম প্ৰকাশ: ১৭৩২ চন।
- ↑ Poor Richard’s Almanack.প্ৰথম প্ৰকাশ: ১৭৩২ চন।
