সমললৈ যাওক

বেজবৰুৱাৰ ঐতিহ্য আৰু ঊনৈশ শতিকাৰ ৰেনেছাঁছ

ৱিকিউদ্ধৃতিৰ পৰা

বেজবৰুৱাৰ ঐতিহ্য আৰু ঊনৈশ শতিকাৰ ৰেনেছাঁছ অসমীয়া ভাষাত ৰচিত এখন গ্ৰন্থ। ইয়াৰ লেখক ‘ললিত কুমাৰ বৰুৱা (কনিষ্ঠ)’৷ গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হয় ২০১৫ চনত৷

  1. ভাষা বিতৰ্কৰ ক্ষেত্ৰত বেজবৰুৱা যি পৰিস্থিতিৰ সন্মুখীন হৈছিল তাৰ মূল কাৰণবোৰ আছিল সমাজতাত্ত্বিক। এই বিষয়ে ৰবীন্দ্ৰনাথৰ স্থিতিও আজি কোনেও বুলি নেভাবে। মননশীলতা আৰু যুক্তিৰে বেজবৰুৱাই এই প্ৰত্যাহ্বান নিৰ্ভুল গ্ৰহণ কৰিলে।[]
  2. বেজবৰুৱাৰ তত্ত্বমূলক চিন্তা আৰু সমাজ-সংস্কাৰৰ আদৰ্শত নৱজাগৰণৰ যুগৰ প্ৰভাৱ স্পষ্ট। ৰামমোহন, দেবেন্দ্ৰনাথৰ সমন্বয়মূলক চিন্তা আৰু মানৱতাবাদী চেতনাৰ যোগেদিও বেজবৰুৱাৰ উনৈশ শতিকাৰ নৱজাগৰণৰ মূল চালিকা শক্তিৰ সৈতে পৰিচয় ঘটিছিল। সেই সূত্ৰতে সুনীতি কুমাৰ চট্টোপাধ্যায়ে বেজবৰুৱাৰ আত্মজীৱনী 'মোৰ জীৱন সোঁৱৰণ'খনক সমসাময়িক কালৰ এখন শ্ৰেষ্ঠ গ্ৰন্থ আখ্যা দিয়াতো মনকৰিবলগীয়া।[]
  3. ঊনৈশ শতিকাৰ ভাৰতীয় নৱজাগৰণ (ৰেনেছাঁছ)ৰ গভীৰৰ পৰা আনন্দৰাম ঢেকিয়াল ফুকনে পাইছিল এক সংস্কাৰধৰ্মী মনোভাৱ আৰু ইংৰাজী শিক্ষা প্ৰভাৱিত ৰাজনৈতিক চেতনা। এই ৰাজনৈতিক চেতনা আছিল নৰমপন্থী বা মডাৰেট চৰিত্ৰৰ। সমসাময়িক নতুন শিক্ষাদৰ্শৰ প্ৰভাৱ আৰু পাশ্চাত্যৰ ৰাজনৈতিক তত্ত্ব আৰু মতবাদ আদিৰ মাজেৰে অহা উদাৰ দৃষ্টিভঙ্গীয়ে আন বহুতৰ দৰেই তেওঁৰ ব্যক্তিত্বকো গঢ় দিছিল।[]
  4. ডেভিড স্কটৰ আগৰে পৰা অসমত চাহ গছৰ অনুসন্ধান চলিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বিচাৰিছিল চীনদেশৰ বিকল্প এক উৎকৃষ্টমানৰ চাহৰ উৎস। বেন্টিকে নিযুক্ত কৰা চাহ কমিটীৰ প্ৰতিবেদন আৰু কলিকতাত কৰা বৈজ্ঞানিক পৰীক্ষা- নিৰীক্ষাত অসমৰ চাহৰ উন্নতমান সম্পৰ্কে দৃঢ় সিদ্ধান্তলৈ অহাৰ পিছত উজনি অসমত বাণিজ্যিক ভিত্তিত চাহৰ খেতি কৰাৰ প্ৰক্ৰিয়া ত্বৰান্বিত হয়।[]
  5. অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশৰ লগত লক্ষ্মীনাথ বেজবৰুৱাৰ ব্যক্তিত্ব এনেভাবে জড়িত যে বহু সময়ত ই আমাক বৃহত্তৰ সামাজিক পৰিৱেশ আৰু বেজবৰুৱাৰ চৰিত্ৰৰ ঐতিহাসিক গুৰুত্ব সম্পৰ্কে সমানে সচেতন কৰি নোতোলে। তৎকালীন সামাজিক পৰিৱেশ বা পটভূমি বিশ্লেষণ কৰাৰ আগতে আমি নিশ্চয় মন কৰিব পাৰো যে যি আঞ্চলিক সংস্কৃতিৰ পুনৰ্জীৱন দান কৰাত বেজবৰুৱা সকলোতকৈ সচেষ্ট, সেই সংস্কৃতিও ঊনৈশ শতিকাৰ মূল ভাৰতীয় সংস্কৃতিৰ দৰে সমৃদ্ধ, মানসিক উদাৰতা আৰু মানৱীয় আদৰ্শৰ দৃষ্টান্তৰে প্ৰাণৱন্ত আৰু গভীৰ।[]
  6. এক ঐতিহাসিক সন্ধিক্ষণৰ যি কোনো প্ৰতিভাশালী পুৰুষৰ দৰেই বেজবৰুৱাৰ ব্যক্তিত্ব আছিল বহুমুখী, কেৱল প্ৰতিভাৰ জোৰতে বেজবৰুৱা অনেক দিন ধৰি অসমীয়া সাহিত্য-সংস্কৃতিৰ দিকপাল ৰূপে পৰিগণিত হৈছিল এনে নহয়- তেওঁৰো প্ৰেৰণাৰ গুৰিত আছিল উনৈশ শতিকাৰ ভাৰতীয় চিন্তাৰ মানৱীয় আদৰ্শবাদ।[]