সমললৈ যাওক

বুকাৰ টি ৱাচিংটন

ৱিকিউদ্ধৃতিৰ পৰা
১৮৯৫ চনৰ আশে-পাশে ৱাশ্বিংটন, ফ্ৰান্সিছ বেঞ্জামিন জনষ্টনৰ কেমেৰাত তোলা ফটো
বুকাৰ টি ৱাশ্বিংটন তেওঁৰ তৃতীয় পত্নী মাৰ্গাৰেট আৰু দুজন পুত্ৰ আৰ্নেষ্টৰ সৈতে বাওঁফালে আৰু বুকাৰ টি জুনিয়ৰ, সোঁফালে

বুকাৰ টালিয়াফেৰো ৱাশ্বিংটন (৫ এপ্ৰিল ১৮৫৬-১৪ নৱেম্বৰ ১৯১৫) এগৰাকী আমেৰিকান ৰাজনৈতিক নেতা, শিক্ষাবিদ আৰু আফ্ৰিকান বংশৰ লেখক আছিল। টাস্কেগী বিশ্ববিদ্যালয়ৰ সভাপতি হিচাপে (১৮৮০–১৯১৫) তেওঁৰ কাৰ্যকালৰ বাবে তেওঁ জনাজাত আছিল।

  1. মই উপলব্ধি কৰিছোঁ যে জীৱনত লাভ কৰা কোনো এটা পদবী কৃতকাৰ্যতাৰ মাপকাঠি নহয় - কৃতকাৰ্যতা অৰ্জন কৰিবলৈ কিমানবোৰ অন্তৰায় অতিক্ৰম কৰা হ'ল তাৰ দ্বাৰাহে কৃতকাৰ্যতা জুখিব পাৰি।[]
  2. অভিজ্ঞতাই মোক আৰু এটা কথা শিকাইছে। এজন লোক প্ৰকৃততে ভদ্ৰলোক হয়নে নহয় সেইকথা তেওঁতকৈ কম ভাগ্যৱান বা নিম্নস্তৰৰ লোক এজনৰ প্ৰতি কৰা তেওঁৰ আচৰণে নিৰ্ণয় কৰে।[]
  3. যশস্যা লাভৰ চেষ্টা মই কেতিয়াও কৰা নাই। জীৱনৰ অভিজ্ঞতাই মোক শিকাইছে যে যোগ্যতাৰ স্বীকৃতি অনিবাৰ্যভাৱে এদিন নহয় এদিন আহেই। ব্যক্তিৰ মনৰ গভীৰতাত কি ভাব-অনুভূতিয়ে উজনি-ভাটি কৰি থাকে, ব্যস্ত জগতখনে তাৰ জানো খবৰ ৰাখে? কিন্তু সেই ভাব-অভিলাষে যেতিয়া ৰূপ লয় পৰাৰ্থ প্ৰযত্নত, তেতিয়াই সি পায় বিশ্বৰ অকুণ্ঠ স্বীকৃতি। ব্যক্তি জীৱনৰ পূৰ্ণতা তাতেই।[]
দ্য অকছ – টাস্কেগী বিশ্ববিদ্যালয়ৰ বুকাৰ টি ৱাশ্বিংটনৰ ঘৰ
  1. ৱেষ্ট ভাৰ্জিনিয়াৰ গোলামপটীত থাকোঁতে,এবিধ খহটা কাপোৰৰ ছোলা আমাক পিন্ধিবলৈ দিয়া হৈছিল। নতুনতে এই ছোলাবোৰত অলেখ কাঁইট থাকে। ছালত সেই কাঁইটবোৰে বৰকৈ বিন্ধে। মোৰ গাৰ ছাল আনতকৈ কোমল আছিল, গতিকে সেই ছোলা পিন্ধি মই বৰ দুখ পাইছিলোঁ। কিন্তু কি কৰিম? কিন্তু নিপিন্ধিলেই নহয়। []
  2. ঈশ্বৰে যি কৰে ভালেই কৰে। ভগবানৰ অপাৰ কৰুণাত আমাৰ অজ্ঞাতসাৰে এই পৃথিৱীত কিমান অসম্ভৱ কাৰ্য্য সম্ভৱ হৈছে, তাৰ লেখজোথ নাই।[]
  3. মই ৰাতিৰ পঢ়াশালিৰ উপকাৰিতা মোৰ জীৱনত যিমান উপলব্ধি কৰিছোঁ, মোৰ বিশ্বাস আন কোনেও কৰিব পৰা নাই। সেই কাৰণে এতিয়াও মই নিশা-স্কুলৰ পক্ষপাতী। এই অভিজ্ঞতাৰ ফলতে মই হাম্পটন আৰু টাস্কেগেীত নৈশ-বিদ্যালয় স্থাপন কৰিছোঁ।[]
  4. পইচা বা ধনৰ অভাবেই আমেৰিকাত একমাত্ৰ কষ্ট নহয়। বগা চামৰাৰ অভাবো বৰ বিষম পাপ—[]
  5. এতিয়ালৈকে জীৱনৰ কোনো অৱস্থাতেই নিৰাশা কেনেকুৱা জনা নাই। যেতিয়াই যি কামত হাত দিওঁ, মোৰ বিশ্বাস থাকে, সেই কামত কৃতকাৰ্য্য হ'মেই। গতিকে যি বিফলতাৰ আলোচনা কৰে তেওঁৰ লগত মোৰ মত নিমিলে। কৃতকাৰ্য্য কেনেকৈ হোৱা যায়, এই কথা যি বুজাই দিব পাৰে, ম‍ই তেওঁৰে ভক্ত।
১৯০২ চনত টাস্কেগী ইনষ্টিটিউটত অনুষ্ঠিত হোৱা ইতিহাসৰ শ্ৰেণী
  1. গাৱঁলীয়া খেতিবাতি, গাৱঁলীয়া শিল্পই সকলো জাতিৰ সভ্যতাৰ প্ৰথম স্তৰ। প্ৰথম অৱস্থাতে গাঁৱলীয়া জীৱন কষ্টসাধ্য হব পাৰে, কিন্তু শেহত, অভ্যাসৰ ফলত এই জীৱনত সকলো উন্নতিয়েই সহজসাধ্য হৈ পৰে।[]
  2. মোৰ অভিজ্ঞতা এই যে, কথাতকৈ কামৰ মূল্য অনেক গুণে বেচি। []
  3. সংসাৰত ধনী মানুহসকলে যদি তেওঁলোকৰ ধনবোৰ সকলো সময়তে সকলো মানুহক- বিলাই দিলেহেঁতেন, তেনেহলে, কাৰবাৰ, ব্যৱসায়, শিল্প-বাণিজ্য আদি একো ডাঙৰ কামেই টিকিব নোৱাৰিলেহেঁতেন।[]
  4. মই কি উপায়েৰে বক্তৃতা কৰিবলৈ শিকিলোঁ, অনেকে সোধে। আচল কথা ক'বলৈ গ'লে, বক্তৃতা দিয়া মোৰু জীৱনৰ উদ্দেশ্য নহয়। মোৰ জীৱনৰ লক্ষ্য—কাম, কথা নহয়। ম‍ই যি কাম কৰোঁ, দহজনৰ মাজত তাকে প্ৰচাৰ কৰিবলৈ যত্ন কৰোঁ।[]
  5. সকলো স্বাধীন জাতিয়েই বিবেচনা কৰা যে, কবিতা ৰচনাৰ যি কৃতিত্ব, খেতিবাতিতো সেই কৃতিত্ব। যি সকলে কোনো এক সমাজক ধনে সম্পদে উন্নত কৰিছে, তেওঁলোকৰ সন্মান কবিতকৈ কোনো গুণেই কম নহয়। আমিও এই ধনসম্পদ বৃদ্ধিৰ কাৰণে মনোযোগী হোৱা উচিত। গুৰিৰ কথা পাহৰি গ'লে উন্নতিৰ ওখ খাপবোৰ উঠিব নোৱাৰিম। আনহাতে হাত সাবটি বহি থাকি সুযোগবোৰ পাৰ হৈ যাবলৈ এৰি দিয়া অনুচিত।[]
  6. আৰু এজাত মানুহ আছে, তেওঁলোকে ডাঙৰ মানুহৰ পিচে পিচে ঘুৰি আমোদ পায়। তেওঁলোক এক প্ৰকাৰ উৎপাতস্বৰূপ। নিজৰ একো কাম-কাজ নাই, কেৱল লোকৰ সময় নষ্ট কৰাই তেওঁলোকৰ ধৰ্ম্ম।[]
  7. যি মানুহেই ভাল কাম কৰিব পাৰে, তেওঁ সংসাৰত প্ৰতিষ্ঠা লাভ কৰিবই কৰিব। তেওঁক বাদ দিলে মানবজাতি দুখীয়া হব। শক্তিমানৰ জয় অৱশ্যম্ভাবী।[]
  8. কাম এৰি হাত সাবটি বহি থকা যে, মোৰ পক্ষে অসম্ভৱ। জীৱনততো আৰু কেতিয়াও জীৰণি লৈ পোৱা নাই ।[]
  9. মোৰ মতে ক'লা-বগা ছালৰ প্ৰভেদ মিছা প্ৰভেদ। সকলোৱেই নিজ কৰ্ত্তব্য বোধে কাম কৰা উচিত। যদি কোনোৱে শক্তি অৰ্জ্জন কৰিব পাবে, তেওঁৰ মোল সকলোৱে স্বীকাৰ কৰিব লাগে তেওঁ ক’লাই হওক, কিম্বা বগাই হওক। এই বিশ্বৰ মাজত যোগ্যতাৰ মূল্য আছেই আছে। গুণ কেতিয়াও চাপ খাই নেথাকে। তেওঁৰ সন্মান হ'বই হ'ব। []
  10. মোৰ মতে নিগ্ৰ’জীৱনেই মনুষ্যত্ব বিকাশৰ পক্ষে প্ৰকৃত জীৱন গঠনৰ পক্ষে, অতি উপকাৰী। কিয়নো কষ্টই মানুহৰ পৰীক্ষক, মানুহৰ বিচাৰক। এই কষ্টময় সংসাৰত যিজনেই বাস কৰে, তেওঁৰেই ডাঙৰ পৰীক্ষা হয়। এই পৰীক্ষাত উত্তীৰ্ণ হব পাৰিলেই যথাৰ্থ মনুষ্যত্ব লাভ কৰিব পৰা যায়। সেই কাৰণেই কওঁ, বগা মানুহক মই আজিকালি হিংসা নকৰো। নিগ্ৰ' জীৱনেই মোৰ পক্ষে শ্ৰেয়। []
  11. উপৰিপুৰুষ সকলৰ চৰিত্ৰ-সম্বল বৰ্ত্তমান কালত ব্যক্তি আৰু জাতিৰ মূলধনৰ দৰে কাৰ্য্যকৰী। অতীতৰ স্মৃতিয়ে মানুহক বৰ্ত্তমান কৰ্ত্তব্য আঙুলিয়াই দি ভবিষ্যতৰ কাৰণে দায়িত্ব শিক্ষা দিয়ে। []
  1. ১.০ ১.১ ১.২ বুকাৰ টি ৱাচিংটন (অনু.- ড° প্ৰফুল্ল কটকী)। দাসত্বৰ পৰা মুক্তি (মূল- Up from Slavery), পৃষ্ঠা:৩০,৭০,৮৩।
  2. বুকাৰ ৱাছিংট্ন,অনুবাদ বসন্তকুমাৰ বৰুৱা,শ্ৰী দূৰ্গাধৰ বৰকটকীৰ দ্বাৰা প্ৰকাশিত। প্ৰকাশ, ১৯২৬, পৃষ্ঠা ৮
  3. বুকাৰ ৱাছিংট্ন,অনুবাদ বসন্তকুমাৰ বৰুৱা,শ্ৰী দূৰ্গাধৰ বৰকটকীৰ দ্বাৰা প্ৰকাশিত। প্ৰকাশ, ১৯২৬, পৃষ্ঠা ১১
  4. ৪.০০ ৪.০১ ৪.০২ ৪.০৩ ৪.০৪ ৪.০৫ ৪.০৬ ৪.০৭ ৪.০৮ ৪.০৯ ৪.১০ ৪.১১ ৪.১২ বুকাৰ টি ৱাচিংটন (অনু.- বসন্তকুমাৰ বৰুৱা)। বুকাৰ ৱাছিংটন(মূল- বুকাৰ ৱাছিংটন, পৃষ্ঠা:২০,৩১,৪৩,৫৮,৯৮,১১১,১২২,১৩৬,১৪৭,১৫৮,১৫৫।