বীৰেন্দ্ৰ নাথ দত্ত

ৱিকিউদ্ধৃতিৰ পৰা

বীৰেন্দ্ৰনাথ দত্ত (জন্ম: ৪ নৱেম্বৰ ১৯৩৫; মৃত্যু: ২৩ অক্টোবৰ ২০২৩) অসমৰ এজন শিক্ষাবিদ, লেখক, লোকসংস্কৃতি গৱেষক আৰু সংগীত শিল্পী আছিল।[১] তেওঁ অসমৰ কেইবাখনো মহাবিদ্যালয়ত অধ্যাপকৰূপে কাম কৰিছিল।[২][৩] ২০০৯ চনত, তেওঁক সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ চতুৰ্থ শ্ৰেষ্ঠ অসামৰিক সন্মান “পদ্মশ্ৰী বঁটা” প্ৰদান কৰা হৈছিল[৪] আৰু ২০১০ চনত তেওঁক জগদ্ধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা প্ৰদান কৰা হৈছিল। বীৰেন্দ্ৰনাথ দত্তই অসম সাহিত্য সভাৰ ২০০৩ চনৰ উত্তৰ লখিমপুৰ আৰু ২০০৪ চনৰ হোজাই অধিৱেশনৰ সভাপতিত্ব কৰিছিল।[৫]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. আজিকালি ধৰণ বদলি গৈছে। আচৰিত হ’বলগীয়া একো নাই। এতিয়াও ক’ৰবাত সুন্দৰ সুন্দৰ গান হৈছে। এইটো কথা ঠিক। আৰু মোক যেতিয়া সোধা হয় যে আজিকালি গানবিলাক এনেকুৱা হৈছে, তেনেকুৱা হৈছে…, মই বোলো এটা কথা আমি বোধকৰোঁ এতিয়ালৈকে এটা অল্ড ফেশ্যণ্ড ৱে’ত গানৰ বিচাৰ কৰি আছোঁ, কিন্তু ট্ৰেণ্ড বদলি গৈছে, মানুহৰ ৰুচি বদলি গৈছে। নতুন আহিছে। সেইবিলাকো আমি দলিয়াই দিব নোৱাৰোঁ। আৰু যিখিনি আগতেও বেয়া বস্তু আছিল, এতিয়াও হৈছে; সেইবিলাক আপোনাআপুনি নোহোৱা হ’ব। কিন্তু ভালখিনি থাকি যাব।[৬]
  2. আমিতো কোলাহলত থাকোঁ, অৰণ্যৰ লগত সম্পৰ্ক নোহোৱা হৈ গৈছে। কিন্তু কেতিয়াবা সেই জিলিৰ মাতটোৱে যেন মনত পেলাই দিয়ে। এখন অৰণ্য আছে ক’ৰবাত। আৰু সেইটোৱেই বোধহয় আমি চহৰত থকাবিলাকৰ চেতনা এটা জগাই ৰাখে।[৭]
  3. শিক্ষকতা মোৰ আবেগ, শিক্ষকতা মোৰ জীৱন৷[৮]
  4. গান মোৰ মূৰত সোমাই থাকে৷ মই পুৱাই উঠিয়েই বৰগীত গাওঁ৷ মনটো শান্তিত ভৰি থাকে৷[৯]
  5. অসম বোলা ঠাই এখনত অসমীয়া বোলা মানুহে কোৱা ভাষা বুলি ক’লেই ইয়াৰ বিষয়ে সকলোখিনি আনকি যথেষ্টখিনি কোৱা নহয়৷ অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশৰ ইতিহাস অত্যন্ত বৰ্ণাঢ্য আৰু ইয়াৰ সামাজিক সাংস্কৃতিক তাৎপৰ্যও সেইদৰে গভীৰ৷[১০]

তথ্য সূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Eminent Personalities of Assam. প্ৰকাশক: creative.sulekha.com. আহৰণ কৰা হৈছে: February 18, 2013.
  2. Music Not Solely For Entertainment. Archived from the original on 4 March 2016. আহৰণ কৰা হৈছে: 11 March 2013.
  3. Cultural Contours of North-East India. প্ৰকাশক: Oxford University Press. আহৰণ কৰা হৈছে: 11 March 2013.
  4. পদ্মশ্ৰী বঁটা. আহৰণ কৰা হৈছে: 26 এপ্ৰিল 2024.
  5. অসম সাহিত্য সভাৰ সভাপতি সকলৰ তালিকা. Archived from the original on January 29, 2013. আহৰণ কৰা হৈছে: December 07, 2012.
  6. বীৰেন্দ্ৰনাথ দত্তৰ সৈতে কথোপকথন. আহৰণ কৰা হৈছে: 26 এপ্ৰিল 2024.
  7. সুৰহীন কল্পলোক. আহৰণ কৰা হৈছে: 26 এপ্ৰিল 2024.
  8. বীৰেন্দ্ৰ নাথ দত্ত. আহৰণ কৰা হৈছে: 26 এপ্ৰিল 2024.
  9. সাক্ষাৎকাৰ: বীৰেন্দ্ৰনাথ দত্ত. আহৰণ কৰা হৈছে: 26 এপ্ৰিল 2024.
  10. দত্ত, বীৰেন্দ্ৰ নাথ (১৯৮৮)। ভাষা সাহিত্যৰ জলঙাইদি। আঁকবাক, পৃষ্ঠা:১৩৭।