বিৰাট কোহলি
অৱয়ব
![](http://upload.wikimedia.org/wikipedia/commons/thumb/1/12/VIRAT_KOHLI_JAN_2015_%28cropped%29.jpg/220px-VIRAT_KOHLI_JAN_2015_%28cropped%29.jpg)
বিৰাট কোহলি (ইংৰাজী: Virat Kohli;জন্ম ৫ নৱেম্বৰ ১৯৮৮) এজন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। টপ অৰ্ডাৰত খেলা সোঁহতীয়া বেট্ছমেনজন ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক। ২০০৮ চনত মালয়েছিয়াত অনুষ্ঠিত ১৯-অনুৰ্দ্ধ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত জয়লাভ কৰা ভাৰতীয় দলৰ তেওঁ অধিনায়ক আছিল। ঘৰুৱা ক্ৰিকেটত তেওঁ দিল্লী দলৰ হৈ খেলে আৰু ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ দলৰ তেওঁ প্ৰাক্তন অধিনায়ক।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বাহিৰৰ কোনোবাই কি কয় মই চিন্তা নকৰো, কাৰণ সেইটোৱেই তেওঁলোকৰ মতামত।
- উৎস: টাইমছ অফ ইণ্ডিয়া
- মোৰ নায়কৰ শতকৰ সমকক্ষ শতক কৰি গৌৰৱান্বিত৷ মই জানো, মানুহে বিভিন্ন তুলনা কৰিব কিন্তু তেণ্ডুলকাৰৰ সমকক্ষ কেতিয়াও মই হ’ব নোৱাৰোঁ৷
- অসমীয়া খবৰ, দিনটোৰ উক্তি, ৬ নৱেম্বৰ, ২০২৩৷