সমললৈ যাওক

বিৰাট কোহলি

ৱিকিউদ্ধৃতিৰ পৰা
২০১৫ চনত কোহলি

বিৰাট কোহলি (ইংৰাজী: Virat Kohli;জন্ম ৫ নৱেম্বৰ ১৯৮৮) এজন ভাৰতীয় ক্ৰিকেট খেলুৱৈ। টপ অৰ্ডাৰত খেলা সোঁহতীয়া বেট্‌ছমেনজন ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক। ২০০৮ চনত মালয়েছিয়াত অনুষ্ঠিত ১৯-অনুৰ্দ্ধ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত জয়লাভ কৰা ভাৰতীয় দলৰ তেওঁ অধিনায়ক আছিল। ঘৰুৱা ক্ৰিকেটত তেওঁ দিল্লী দলৰ হৈ খেলে আৰু ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ দলৰ তেওঁ প্ৰাক্তন অধিনায়ক।

  • বাহিৰৰ কোনোবাই কি কয় মই চিন্তা নকৰো, কাৰণ সেইটোৱেই তেওঁলোকৰ মতামত।
  • মোৰ নায়কৰ শতকৰ সমকক্ষ শতক কৰি গৌৰৱান্বিত৷ মই জানো, মানুহে বিভিন্ন তুলনা কৰিব কিন্তু তেণ্ডুলকাৰৰ সমকক্ষ কেতিয়াও মই হ’ব নোৱাৰোঁ৷
    • অসমীয়া খবৰ, দিনটোৰ উক্তি, ৬ নৱেম্বৰ, ২০২৩৷
  1. মই ভাবোঁ যে, যোৱা এবছৰমানৰ ভিতৰতে বিৰাট কোহলীৰ যুগ এটা দেখিবলৈ পাইছোঁ। টেষ্টৰ অধিনায়কত্ব লোৱাৰ পিছৰে পৰা ভাৰতীয় ক্ৰিকেটৰ ক্ষেত্ৰত এতিয়া তেওঁ সম্পূৰ্ণ বেলেগ ধাৰা সৃষ্টি কৰিবলৈ ওলাইছে। মই ভাবোঁ ভাৰতীয় ক্ৰিকেটৰ এই যুগটো এটা অতি মনোৰঞ্জনমূলক যুগ হ’বলৈ গৈ আছে। (সুনীল গাভাস্কাৰ)[]
  2. অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিৰাটে ১০০ শতাংশতকৈ অধিক ৰান দি ভাৰতক ছেমিফাইনেলত প্ৰৱেশ কৰোৱায়। বিৰাট কোহলীৰ দৰে সংকটৰ মাজত থাকিও দৃঢ় হৈ থকা কাকো দেখা নাই। তেওঁ কল্পনাৰ বাহিৰত। সীমিত অভাৰৰ এজন শ্ৰেষ্ঠ বেটছমেন।(সুনীল গাভাস্কাৰ)[]
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: