বিষ্ণু খাৰঘৰীয়া

ৱিকিউদ্ধৃতিৰ পৰা

বিষ্ণু খাৰঘৰীয়া (ইংৰাজী: Bishnu Khargharia, জন্ম-১৯৪৬) হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা। নাটকৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰা বিষ্ণু খাৰঘৰীয়াই ১৯৭১ চনত চিনেমাৰ জগতখনত প্ৰৱেশ কৰে৷ তেখেতৰ প্ৰথমখন চিনেমা আছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ পৰিচালনাত অৰণ্য ৷ ২০২১ বৰ্ষত তেখেতে অভিনয়-জীৱনত সোণালী জয়ন্তী স্পৰ্শ কৰে৷ জাহ্নু বৰুৱা, মুনীন বৰুৱাকে ধৰি বহুকেইগৰাকী প্ৰতিষ্ঠিত চলচ্চিত্ৰকাৰৰ ছবিত মননশীল অভিনয় কৰি সুখ্যাতি অৰ্জন কৰা অভিনেতাজনে বিগত পাঁচ দশকত ত্ৰিশতকৈও অধিকসংখ্যক ছবিত অভিনয় কৰিছে৷ সাগৰলৈ বহুদূৰ, বান্ধোন, কণিকাৰ ৰামধেনু, আজান ফকীৰ চাহেব, ফিৰিঙতি হৈছে তেখেতৰ কেইখনমান গুৰুত্বপূৰ্ণ চলচ্চিত্ৰকৰ্ম৷ ১৯৯৫ আৰু ২০১২ চনত তেখেতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে৷ ২০১২ চনত তেখেতক প্ৰাগ চিনে বঁটা-প্ৰদান অনুষ্ঠানত জীৱনজোৰা সাধনাৰ বঁটাৰে সন্মানীত কৰা হয়৷

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মঞ্চত মই অভিনয়ৰ আদি পাঠ গ্ৰহণ কৰি, চিনেমা, ভিচিডি, অনাতাঁৰ মাধ্যমত অভিনয় কৰাৰ সৌভাগ্য লাভ কৰিছিলো৷ গতিকে মঞ্চৰ প্ৰতি মোৰ দুৰ্বলতা থকাতো নিতান্তই স্বাভাৱিক৷ মঞ্চত অভিনয় কৰি মই সুখী হওঁ৷ [১]
  2. মই যেতিয়া অভিনয় কৰোঁ মোৰ সন্মুখত কোন আছে সেই বিষয়ে বিশেষ চিন্তা নকৰোঁ৷ মঞ্চত যেনেকৈ অভিনয় কৰোঁ চিনেমাতো তেনেধৰণে অভিনয় কৰোঁ৷ [১]
  3. নৱ প্ৰজন্মৰ প্ৰত্যেকেই ইমান সাৱলীল ধৰণেৰে অভিনয় কৰে যে মই সিহঁতৰ অভিনয়বোৰ চাই ভাবো ইহঁতে কিনো ইমান মেকানিজিম খটাই যে সকলো ইমান সহজ হৈ পৰে৷ অৱশ্যে এই ক্ষেত্ৰত পৰিচালকজনৰ অৱদানো স্বীকাৰ কৰিব লাগিব৷ তেওঁ কি বিচাৰে সেয়া ভালদৰে বুজাই দিয়ে আৰু সিহঁতে ইয়াক হৃদয়ংগম কৰি পৰিচালকজনে বিচৰাখিনি কৰি যায়৷ এওঁলোকৰ লগত মই অভিনয় কৰোঁতে কাৰোৰে পৰা কোনো ধৰণৰ অসুবিধা পোৱা নাছিলো৷ [১]

তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ বৰুৱা, অমৃত (নৱেম্বৰ, ২০২১)। ৰথীৰ পৰা দ্বীপেন গান্ধীলৈ বিষ্ণু খাৰঘৰীয়া। গুৱাহাটী। ৰূপশিখা বৰুৱা, পৰিৱেশক-অসম বুক ট্ৰাষ্ট, পৃষ্ঠা:৭২-৭৬। ISBN: ৯৭৮-৯৩-৯১৪০৩-২৯-৪