সমললৈ যাওক

নীলমণি ফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউদ্ধৃতিৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: Replaced উলটিওৱা হৈছে
১ নং শাৰী: ১ নং শাৰী:
{{merge to|নীলমণি ফুকন (জ্যেষ্ঠ)}}
* [[নীলমণি ফুকন (জ্যেষ্ঠ)]]
* [[নীলমণি ফুকন (জ্যেষ্ঠ)]]
'''নীলমণি ফুকন''' ({{lang-en|Nilmani Phookan}}; ১০ ছেপ্টেম্বৰ, ১৯৩৩ — ১৯ জানুৱাৰী, ২০২৩) অসমীয়া ভাষাৰ এজন কবি, সাহিত্যিক, কলা-সমালোচক আৰু অধ্যাপক। তেওঁ অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। নীলমণি ফুকনৰ উল্লেখযোগ্য কৰ্ম হ’ল ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’ আৰু ‘গোলাপী জামুৰ লগ্ন’ আদিৰ দৰে কবিতা পুথি। তেখেতে অসমীয়া কবিতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী বঁটা, অসম উপত্যকা সাহিত্য বঁটা, সাহিত্য অকাডেমি বঁটা, জ্ঞানপীঠ বঁটাৰ দৰে সন্মান লাভ কৰিছে৷

==উদ্ধৃতিসমূহ==
'''লোক-কল্পদৃষ্টি'''
#শিল্পকলাবোধ মানুহৰ দৈহিক প্ৰয়োজনৰ, সামাজিক, মানসিক অস্তিত্ব, প্ৰকৃতি আৰু মানুহৰ মাজত হোৱা সম্পৰ্ক আৰু মানৱীয় চেতনাৰপৰা উৎপত্তি হৈ বিকশিত হৈছে। কল্পনাশক্তি, সৃজনীশক্তি, বোধ-অনুভূতি, উপলব্ধি ক্ষমতা, মমত্ব আৰু মনুষ্যত্ববোধব অধিকাৰী হোৱাৰ নিমিত্তেই মানুহ শিল্পী।<ref name="ফুকন">{{cite book | title=লোক-কল্পদৃষ্টি গ্ৰন্থ | publisher=অসম প্ৰকাশন পৰিষদ | author=নীলমণি ফুকন | year=১৯৮৭}}</ref>
#শিল্পকলা মানুহৰ জীয়াই থকাৰ এবিধ আহিলা বা স'জুলি, মানৱ অস্তিত্বৰ অন্যতম অপৰিহাৰ্য প্ৰয়োজন; সি সামাজিক আৰু, আধ্যাত্মিকো। মানুহক স'জুলি সাজোঁতা বুলি কোৱা হয়। এই সঁজুলি সাজোঁতাজনেই ইমেজ বা প্ৰতিমা বা মূৰ্তি সাজোঁতাজনৰ আদি পুৰুষ।<ref name="ফুকন"/>
#নিত্য প্ৰয়োজনীয় সা-স'জুলি তৈয়াৰ কৰি মানুহে আহাৰ সংস্থান কৰিবলৈ লোৱাৰ লগে লগেই মানুহৰ ভিতৰত থকা শিল্পী মানুহ- টোৰ বীজ অঙ্কুৰিত হয়।<ref name="ফুকন"/>
#যদি কোনো কাৰুশিল্পকৰ্মত- মূল্যতকৈ উপভোগমূল্য মুখ্য হৈ উঠে, তেতিয়া সি চাৰুকলাৰূপেও বিবেচিত হ'ব পাৰে। তেনে চৰিত্ৰৰ কাৰুশিল্পকৰ্মই আবেগ-- অনুভূতি, ভাবৰ বা ৰসানুভূতিৰ সৃষ্টি কৰে। উপভোগমূল্যই দিয়া আনন্দই নান্দনিক আনন্দ; কল্পনা-বোধ-উপলব্ধিজাত, আনু- ভূতিক আবেগিক বৌদ্ধিক আলোড়ন। অৱশ্যে দৰ্শকৰ আনুভূতিক মানসিক বৌদ্ধিক অৱস্থাই, অভিজ্ঞতাইহে এই আলোড়ন বা শিহৰণৰ ব্যাপকতা, সঙ্কীৰ্ণতা, গভীৰতা, অগভীৰতা নিৰ্ণয় কৰে।<ref name="ফুকন"/>
#নিভাঁজ লোকশিল্পকলাত সৰ্বত্ৰই সজীৱতা বৰ্তমান,-কি ৰূপত, কি বৰ্ণত, কি মণ্ডনত। এই সজীৱতা লোকজনৰ প্ৰাণ- প্ৰবাহৰ, প্ৰাণ-প্ৰাচুৰ্যৰ, জীৱনৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ, প্ৰকৃতিৰ, প্ৰকৃতিৰ বিভিন্ন ৰূপ আৰু লীলাৰ লগত হোৱা আত্মিক সংযোগ, আৰু কৃষি সম্পৰ্কীয় শ্ৰম আৰু বিশ্বাসৰপৰা পোৱা সম্পদ। এনে এটা কাৰণতেই গ্ৰাম্য জীৱনত-কি পুৰুষ, কি নাৰী, কি শিশু সময়ত আৰু প্ৰয়োজনত সকলোৱেই শিল্পী।<ref name="ফুকন"/>

==তথ্যসূত্ৰ==
{{reflist}}

[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:অসমীয়া কবি]]
[[শ্ৰেণী:অসমীয়া শিক্ষাবিদ]]
[[শ্ৰেণী:অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী]]
[[শ্ৰেণী:সাহিত্য অকাডেমিৰ ফেলোশ্বিপ প্ৰাপক]]
[[শ্ৰেণী:পদ্মশ্ৰী বঁটা বিজয়ী]]
[[শ্ৰেণী:অসম উপত্যকা সাহিত্য বঁটা বিজয়ী]]
[[শ্ৰেণী:কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা বিজয়ী]]
[[শ্ৰেণী:জ্ঞানপীঠ বঁটা বিজয়ী গ্ৰন্থ]]

০০:১৬, ২৩ জুন ২০২৪ৰ সংস্কৰণ