বিক্ৰম সাৰাভাই
অৱয়ব

বিক্ৰম অম্বালাল সাৰাভাই (ইংৰাজী: Vikram Ambalal Sarabhai; ১২ আগষ্ট ১৯১৯ – ৩০ ডিচেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয়। তেওঁ ১৯৬২ চনত শান্তি স্বৰূপ ভটনাগৰ বঁটা লাভ কৰিছিল। স্বাধীন ভাৰতৰ পদাৰ্থ বিজ্ঞান আৰু মহাকাশ বিজ্ঞানৰ বাটকটীয়া স্বৰূপে তেওঁক ভাৰত চৰকাৰে ১৯৬৬ চনত পদ্মভূষণ আৰু ১৯৭২ চনত মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- যিজনে কোলাহলৰ মাজতো সংগীত শুনিব পাৰে তেওঁ মহান সফলতা প্ৰাপ্ত কৰিব পাৰে।[উৎসৰ প্ৰয়োজন]
- কেৱল অভিজ্ঞতাক অতিমাত্ৰা মূল্যায়ন কৰা উচিত নহয়।
- - বিক্ৰম এ চাৰাভাইত।[১] আউটলুকইণ্ডিয়া (১৯ আগষ্ট, ২০০২)। আহৰণ কৰা হৈছে: December 14, 2013.
- যিজনে কোলাহলৰ মাজতো সংগীত শুনিব পাৰে তেওঁ ডাঙৰ ডাঙৰ কাম সাধন কৰিব পাৰে।
- - "বিক্ৰম এ. চাৰাভাই"ত উদ্ধৃত।[২]
- এখন দেশৰ উন্নয়ন ইয়াৰ জনসাধাৰণৰ বিজ্ঞান-প্ৰযুক্তিৰ বুজাবুজি আৰু ব্যৱহাৰৰ সৈতে গভীৰভাৱে জড়িত।
- - "বিক্ৰম এ. চাৰাভাই"ত উদ্ধৃত।[৩]
- আমাৰ জাতীয় লক্ষ্যসমূহৰ ভিতৰত আছে অৰ্থনৈতিক পিছপৰা আৰু সামাজিক অক্ষমতাৰ অৱস্থাৰ পৰা জাঁপ মাৰি কেইটামান দশকৰ ভিতৰত এনে পৰিৱৰ্তন লাভ কৰাৰ চেষ্টা কৰিছো যিটো আন দেশ আৰু অঞ্চলত লাভ কৰিবলৈ শতিকাজুৰি সময় লাগিছিল। ইয়াৰ বাবে সকলো স্তৰতে উদ্ভাৱনৰ প্ৰয়োজন।
- - নেহৰুৰ পিছৰ যুগত তেওঁৰ "টেলিভিছন আৰু উন্নয়ন"ৰ দৃষ্টিভংগী Joshi, Puran Chandra (1 January 2002)। Communication and National Development। Anamika Publishers & Distributors। ISBN: 978-81-7975-013-1।page xxv.
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Vikram A. Sarabhai. আহৰণ কৰা হৈছে: 4 এপ্ৰিল 2026.
- ↑ Vikram Ambalal Sarabhai. প্ৰকাশক: New Mexico Museum of Space History. আহৰণ কৰা হৈছে: 14 December 2013.
- ↑ The Tenth Dr. Vikram A. Sarabhai Festival of Performing Arts. প্ৰকাশক: PRL.res.in. Archived from the original on 12 September 2019. আহৰণ কৰা হৈছে: 12 September 2019.
