বিক্ৰম শেঠ

ৱিকিউদ্ধৃতিৰ পৰা

বিক্ৰম শেঠ (ইংৰাজী: Vikram Seth; জন্ম ২০ জুন ১৯৫২) হৈছে এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু কবি। তেওঁ কেইবাখনো উপন্যাস আৰু কাব্যগ্ৰন্থ ৰচনা কৰিছা। তেওঁ পদ্মশ্ৰী, সাহিত্য অকাডেমি বঁটা, প্ৰবাসী ভাৰতীয় সন্মান, ডব্লিউ এইচ স্মিথ সাহিত্যিক বঁটা, ক্ৰছৱৰ্ড বুক এৱাৰ্ড আদিকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে। শেঠৰ কবিতাৰ সংকলন যেনে 'মেপিংচ্‌' আৰু 'বিষ্টলি টেইলছ' হৈছে ভাৰতীয় ইংৰাজী ভাষাৰ কবিতালৈ উল্লেখযোগ্য অৱদান।

বিক্ৰম শেঠৰ বৰ্তমানলৈ আঠখন কাব্যগ্ৰন্থ আৰু তিনিখন উপন্যাস প্ৰকাশ পাইছে। ১৯৮০ চনত তেওঁ তেওঁৰ প্ৰথম কাব্যগ্ৰন্থ 'মেপিংচ্‌' লিখিছিল। 'দ্য গ'ল্ডেন গেট' (১৯৮৬) হৈছে তেওঁৰ প্ৰথম উপন্যাস। ১৯৯৩ চনত ১,৩৪৯ পৃষ্ঠাৰ উপন্যাস এ চুইটেবল বয়ৰ প্ৰকাশে পাছত শেঠ ৰাজহুৱা চৰ্চালৈ আহে। এই উপন্যাসখন ২০২০ চনত এটা বিবিচি টেলিভিছনে এখন ধাৰাবাহিক ৰূপে অভিযোজন কৰিছে। তেওঁৰ দ্বিতীয় উপন্যাস এন ইকুৱেল মিউজিকৰ বিষয়বস্তু আছিল এগৰাকী ভায়লিনবাদকৰ প্ৰেম-জীৱন। ২০০৫ চনত প্ৰকাশিত বিক্ৰম শেঠৰ টু লাইভছ হৈছে তেওঁৰ আজো-খুড়া আৰু আজো-খুড়ীয়েকৰ বিবাহ জীৱনৰ এক গাথা।

শেঠৰ আন কাব্যগ্ৰন্থসমূহ হৈছে 'দ্য হাম্বল এডমিনিচট্ৰেটৰছ গাৰ্ডেন' (১৯৮৫), 'অল ইউ হু স্লিপ টুনাইট' (১৯৯০), আৰু 'থ্ৰী চাইনিচ পয়েটছ' (১৯৯২)। তেওঁৰ শিশু সাহিত্যৰ গ্ৰন্থ 'বিষ্টলি টেইলছ' (১৯৯১) হৈছে দহটা সাধুকথাৰ কবিতাৰূপে কৰা বৰ্ণন। তেওঁ 'ফ্ৰম হেভেন লেক: ট্ৰেভেলছ থ্ৰু চিনকিয়াং এণ্ড টিবেট' (১৯৮৩) নামৰ এখন ভ্ৰমণ কাহিনী লিখিছে, যি তিব্বত, চীন আৰু নেপালৰ মাজেৰে এক ভ্ৰমণৰ এক লেখ।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

এ চুইটেবল বয়[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • কেইবাটাও কথা ভাবি চাওকচোন। নিজৰ সুখ কেতিয়াও এজন ব্যক্তিৰ ক্ষমতাত নাৰাখিব। নিজৰ প্ৰতি ন্যায়পৰায়ণ হওক।[১]
  • ইমান দুখেৰে ভৰা জীৱনৰ পিছত যিকোনো মানুহ কঠোৰ হৈ পৰিব।[১]
  • জীৱনসংগী নোহোৱা মানুহ হয় দেৱতা নহয় জন্তু।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ A Suitable Boy Quotes. প্ৰকাশক: goodreads.com. আহৰণ কৰা হৈছে: 4 ছেপ্টেম্বৰ 2022.