বব ডিলান

ৱিকিউদ্ধৃতিৰ পৰা
বব ডিলানৰ আলোকচিত্ৰ

বব ডিলান (আইনীভাৱে ৰবাৰ্ট ডিলান, জন্মসূত্ৰে ৰবাৰ্ট এলেন জিমাৰমেন, ইংৰাজী: Bob Dylan; জন্ম:২৪ মে', ১৯৪১) এজন আমেৰিকান গায়ক তথা গীতিকাৰ। প্ৰায়ে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ গীতিকাৰ হিচাপে গণ্য কৰা ডিলানে ৬০ বছৰতকৈও অধিক সময় ধৰি জনপ্ৰিয় সংস্কৃতিৰ এক মুখ্য ব্যক্তিত্ব হিচাপে কাম কৰি আহিছে। তেওঁৰ বহু প্ৰখ্যাত ৰচনা ১৯৬০ চনৰ পৰাই আৰম্ভ হয়। "ব্ল'ইন' ইন দ্য উইণ্ড" (১৯৬৩) আৰু "দ্য টাইমছ ডে আৰ এ-চেংগিন'" (১৯৬৪) আদি গীত নাগৰিক অধিকাৰ আৰু যুদ্ধবিৰোধী আন্দোলনৰ গীত হৈ পৰিছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • বীৰ হ'ল সেইজন ব্যক্তি, যিজনে তেওঁৰ স্বাধীনতাৰ লগতে লাভ কৰা দায়িত্ববোৰো বুজি পায়।[১]
  • পৰিৱৰ্তনৰ দৰে সুস্থিৰ একোৱেই নাই।
  • প্ৰতিটো ধুনীয়া বস্তুৰ আঁৰত কিবা নহয় কিবা এটা যন্ত্ৰণা থাকে।
  • বিশৃংখলতাক মই মানি লওঁ, ই মোক মানি লয় নে নলয় সেইটো মই নিশ্চিত নহয়।
  • একে সময়তে আপুনি কেতিয়াও জ্ঞানী হ’ব আৰু প্ৰেমত পৰিব নোৱাৰে।
  • আপুনি বুজি নোপোৱা কথাবোৰ সমালোচনা নকৰিব।
  • কেতিয়াবা কথাবোৰৰ অৰ্থ জানিলেই যথেষ্ট নহয়, কেতিয়াবা কথাবোৰৰ অৰ্থ কি নহয় সেইটোও জানিব লাগিব।
  • মই এজন নায়কক এনে এজন ব্যক্তি বুলি ভাবো যিয়ে তেওঁৰ স্বাধীনতাৰ লগত অহা দায়িত্বৰ মাত্ৰা বুজি পায়।
  • কবি হ’বলৈ লিখিবই লাগিব বুলি কোনো কথা নাই ৷ কিছুমানে গেছ ষ্টেচনত কাম কৰে আৰু তেওঁলোক কবি। মই নিজকে কবি বুলি নকওঁ, কাৰণ শব্দটো মোৰ ভাল নালাগে। মই এজন ট্ৰেপিজ শিল্পী।
  • টকাই কথা নকয়, ই শপত খায়।

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: