বঙল বহু দূৰ (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা
(বঙল বহু দূৰৰ পৰা পুনঃনিৰ্দেশিত)

বঙল বহু দূৰ নন্দিতা দেৱীৰ দ্বাৰা ৰচিত অসমীয়া ভাষাৰ এখন সামাজিক উপন্যাস। উপন্যাসখনে ২০১৯ চনৰ অক্টোবৰ মাহত জ্যোতি প্ৰকাশনৰ বেনাৰত প্ৰকাশ পায়। এই উপন্যাসখন লেখিকাৰ প্ৰথমখন প্ৰকাশিত উপন্যাস। প্ৰকাশৰ পূৰ্বে 'বঙল বহু দূৰ' অসমীয়া আলোচনী প্ৰান্তিকৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। উপন্যাসখনৰ পটভূমি হৈছে কামৰূপৰ গ্ৰাম্য জীৱন তথা সমাজ। প্ৰাচীন কামৰূপৰ দিনৰ পৰাই চলি অহা অসম, উত্তৰ বংগ আৰু পূৰ্ববংগৰ ধৰ্মীয় আৰু সাংস্কৃতিক যোগাযোগ তথা দেশ বিভাজনে সেই ঠাইত ঘটোৱা বিপৰ্যয়ৰ কথাকে উপন্যাসখনত তুলি ধৰা হৈছে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • নৈৰ পানী-যুঁৱলিত দপদপাই ফুৰা জলকুঁৱৰী, জলদেৱতা, ফুটুকানিৰ কন্ধ, পিটনিৰ বাঁক আদি অনেক কথা-কাহিনী গঞা ৰাইজৰ মুখত আখৈ ফুটাদি ফুটে। এই ভূত-প্ৰেতৰ মাজতে গঞা ৰাইজৰ বিচৰণ।[১]
  • কাৰোবাৰ ঘৰত গাই জগিলে প্ৰথম ফেহুখিনি বাৰ গোপালৰ থানত দিয়া হয়। বাঁহৰ চুঙাত থকা ফেহু কাটি দুই মূৰ কাঠীৰে বিন্ধাই আগলি কলপাতত গৃহস্থই আগবঢ়ায়। কলপাতখন দূবৰিবনৰ ওপৰত থৈ সূৰ্য দেৱতাৰ নামত উৎসৰ্গা কৰে। ইয়াৰ পাছত পিঠাগুৰি, দৈ আৰু গাখীৰেৰে বাৰ গোপালক ভোগ দিহে গৃহস্থই সেই গাইৰ গাখীৰ খাব পাৰে।[২]

উপন্যাসখনৰ বিষয়ে উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • ডাঃ নন্দিতা দেৱীৰ ‘বঙল বহু দূৰ’ ছোৱা-ছোৱাকৈ ‘প্ৰান্তিক’ত ওলাই থাকোঁতেই মোৰ ধাৰণা হৈছিল যে এইখন অসমীয়া ভাষাৰ অন্যতম শ্ৰেষ্ঠ উপন্যাসৰ এখন হ'ব। যথেষ্ট বিবেচনাৰ পিছত মোৰ সিদ্ধান্ত সলনি কৰাৰ কোনো কাৰণ দেখা নাই। অৱশ্যে পোনছাটেই চকুত পৰা বৈশিষ্ট্যটো হৈছে কামৰূপৰ গ্ৰাম্য জীৱন আৰু সমাজ তথা প্ৰাচীন কামৰূপৰ দিনৰ পৰাই চলি অহা অসম, উত্তৰ বংগ, পূৰ্ববংগৰ ধৰ্মীয়-সাংস্কৃতিক যোগাযোগ, দেশ বিভাজনে তাত ঘটোৱা বিপৰ্যয়ৰ এক অলিখিত কিন্তু নিবিড় ইতিহাস ইয়াৰ কাহিনীয়ে আকৰ্ষণীয় ৰূপত তুলি ধৰাটো। লেখিকাৰ উদ্যম, অধ্যৱসায় আৰু নিষ্ঠাৰ ই এক হৃদয়গ্ৰাহী নিদৰ্শন।
    • ড° হীৰেণ গোহাঁ‌ই[৩]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. বঙল বহু দূৰ, পৃ.২
  2. বঙল বহু দূৰ, পৃ.১৪
  3. নন্দিতা দেৱী (২০১৯)। প্ৰচ্ছদ। জ্যোতি প্ৰকাশন, পৃষ্ঠা:প্ৰচ্ছদ। ISBN: 978-81-942499-7-9

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]