বগী
অৱয়ব
বগী এখন বীৰুবালা ৰাভাৰ ওপৰত ৰচিত জীৱনীভিত্তিক উপন্যাস। ঔপন্যাসিক গোবিন কুমাৰ খাউণ্ডে বীৰুবালা ৰাভাৰ দৃষ্টিৰে অসমৰ জনজাতীয় সমাজত থকা 'ডাইনী'নামৰ সামাজিক ব্যাধিক উদঙাই দেখুওৱাইছে। ২০২১ চনত 'বগী' গ্ৰন্থখনৰ বাবে লেখকে 'অসম সাহিত্য বঁটা ' লাভ কৰে।কিতাপখন প্ৰকাশ কৰিছে 'বনলতা' প্ৰকাশনে।
উদ্ধৃতিসমুহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আমাৰ পাহাৰৰ মানুহবোৰে ডাক্তৰ চিনি নাপাই। হাস্পতাল চিনি নাপায়। সিহঁতে দেওধনী,কবিৰাজ চিনি পায়।চাৰল ৰাভাক চিনি পায়। সিহঁতে বলি-বিধানহে জানে।[১]
- দ'দানৰ পৰা ঘুৰি অহাৰ পাছত গাঁৱৰ মানুহৰ দৃষ্টিত বগী হৈ পৰিছিল অপৰাধী। সমাজৰ শত্ৰু। কিন্তু বগীৰ চাল-চলন,মাত কথা সকলো আছিল স্বাভাৱিক। তাই ভবা নাছিল সমাজ,আপোন মানুহবোৰ তাইৰ বাবে এদিন ভয়ংকৰ হৈ উঠিব।[২]
- "ওজা, দেওধনী,বেজ এইবোৰৰ হতুৱাই ডাইনী চিনাক্ত কৰে।অপশক্তিক গাঁৱৰ পৰা খেদোৱাৰ নামত মানুহৰ কটামূৰ লৈ ঘুৰি ফুৰে। আনকি পুতেক-জীয়েক মিলিত মাক-বাপেকক হত্যা কৰে,গাত জুই লগাই দিয়ে। কি যে নকৰে নহয়।"[৩]
- মাকৰ বয়স প্ৰায় ৬০ ৰ ওচৰ চপা। সেইদৰে ককাকৰ বয়স প্ৰায় ৭০ বছৰ। বোৱাৰীজনী গৰ্ভৱতী। সেয়ে তাই থিৰেৰে বহি থাকিব পৰা নাই। ইচাট-বিচাট কৰি আছে। অপৰাধীৰ দৰে আটাইকেইটা মানুহ আঁঠুকাঢ়ি বহি আছে। যেন সিহঁতক দুৰ্গা গোসাঁনীৰ আগত বলি দিবলৈকে আনিছে।[৪]
- "তই আমাৰ সমাজৰ বিপৰীত যোৱা মানুহ। তইখান সমাজ নমুনা মানুহ।তই আমাক লাজ দিছ। ডাইনী,কবিৰাজ, দেওধনী নামানো বুলি তই দোষ কৰিছ। তোক কিয় আমি মহিলা সমিতিত ৰাখিম...। দে দে কাগজ-বহী যি য'ত আছে উলিয়াই দে।"[৫]
- "তহঁতৰ দৰে অন্ধ মানুহৰ বাবেই মই গোটেই জীৱন ডাইনী,ভূত,বেজ-কবিৰাজৰ বিৰোধিতা কৰি যাম...,গোটেইখনতে কৈ ফুৰিম,ঘৰে-ঘৰে চিঞৰি ফুৰিব,'ডাইনী ভুৱা, ডাইনী,কবিৰাজ, দেওধনী মিছা...মিছা...'!"[৬]