ফ্ৰিডৰিক নীৎসে
অৱয়ব

ফ্ৰিডৰিক নীৎসে (ইংৰাজী: Friedrich Nietzsche; জন্ম: ১৫ অক্টোবৰ ১৮৪৪ – মৃত্যু : ২৫ আগষ্ট ১৯০০) এজন জাৰ্মান দাৰ্শনিক, সাংস্কৃতিক সমালোচক, সংগীতজ্ঞ, কবি, লেখক, আৰু দৰ্শনবিদ, যাৰ ৰচনাসমূহে আধুনিক বৌদ্ধিক ইতিহাসত গভীৰ প্ৰভাৱ পেলাইছে। সমসাময়িক সংস্কৃতি, ধৰ্ম আৰু দৰ্শনৰ সমালোচনা তেওঁৰ মূল্যবোধ আৰু নৈতিকতাৰ ভেটি সম্পৰ্কীয় এটা মৌলিক প্ৰশ্নৰ ওপৰত কেন্দ্ৰিত আছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- যিজনে 'কিয়' জীয়াই থাকিব লাগে জানে, তেওঁ কেনেকৈ জীয়াই থাকিব লাগে তাকো ভালদৰে জানে৷
- সকলো সুন্দৰ শিল্প, সকলো মহান শিল্পৰ সাৰমৰ্ম হ’ল কৃতজ্ঞতা।[১]
- আমি জীৱনটো ভাল পাওঁ, জীয়াই থকাত অভ্যস্ত হোৱাৰ বাবে নহয় প্ৰেমত অভ্যস্ত হোৱাৰ বাবে।[১]
- এতিয়া মই নিজেই, প্ৰতিটো সৰু-ডাঙৰ কামতে, জ্ঞানৰ সন্ধানত জীয়াই আছো; আনহাতে আগতে মই কেৱল জ্ঞানীসকলকহে পূজা আৰু মূৰ্তি পূজা কৰিছিলোঁ।
- - মেথিল্ড মেয়াৰলৈ পত্ৰ, ১৬ জুলাই, ১৮৭৮; কাৰ্ল জেছপাৰ্ছৰ কিতাপ নীৎসে (বাল্টিমোৰ: ১৯৯৭), পৃ. ৪৬.
- মানুহ হৈছে জন্তু আৰু অতিমানৱৰ মাজত টান খাই থকা এডাল ৰছী - তলত আছে এটা অতল গহ্বৰ।[২]
- মই তোমালোকক অতিমানৱৰ শিক্ষা দিছোঁ। মানুহ এনে এক বস্তু যাক অতিক্ৰম কৰা যায়। [৩]
- যি জনে দৈত্যৰ সৈতে যুদ্ধ কৰে, তেওঁ সাৱধান হ’ব লাগে যাতে তেওঁ নিজেই দৈত্য নহয়। [৪]
- যদি তুমি দীঘল সময় ধৰি এটা খাদলৈ চোৱা, খাদেও তোমাৰ ফালে চায়।[৫]
- ঈশ্বৰ মৃত। ঈশ্বৰ মৃত হৈয়েই থাকিব। আৰু আমি তেওঁক হত্যা কৰিছোঁ।[৬]
- সংগীতহীন জীৱন বৃথা।[৭]
- যি বস্তুৱে মোক ধ্বংস নকৰে, সি মোক অধিক শক্তিশালী কৰে।[৮]
- মানুহে যিকোনো দুখ সহ্য কৰিব পাৰে, যদি তেওঁ ইয়াত অৰ্থ বিচাৰি পায়।[৯]
