ফ্ৰান্জ কাফ্কা
অৱয়ব
ফ্ৰান্জ কাফ্কা (ইংৰাজী : Franz Kafka ; ৩ জুলাই ১৮৮৩ – ৩ জুন ১৯২৪) আছিল এজন বহেমিয়ান-ইহুদী ঔপন্যাসিক, আৰু কুৰি শতিকাৰ জাৰ্মান ভাষাৰ প্ৰধান লেখকসকলৰ অন্যতম। বাস্তৱবাদ আৰু ফেণ্টাছীৰ উপাদান থকা তেখেতৰ কৰ্মত প্ৰায়েই অকলশৰীয়া প্ৰটাগনিষ্টক অদ্ভুত বা অধিবাস্তৱিক দুৰ্দশা আৰু অবোধগম্য সামাজিক-কূটনৈতিক শক্তিয়ে আৱৰি ধৰে।[১]
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মই ভাবো আমি কেৱল সেই ধৰণৰ কিতাপ পঢ়া উচিত যিয়ে আমাক ছুৰীৰে আঘাত কৰি ঘাঁ কৰি পেলায়। আমি পঢ়ি থকা কিতাপখনে যদি আমাক মূৰত আঘাত কৰি জগাই নোতোলে, তেন্তে আমি কিহৰ বাবেনো সেইখন পঢ়িছো? ...আমাক এনে কিতাপ লাগে যিয়ে আমাক এক প্ৰলয়ৰ দৰে প্ৰভাৱিত কৰে, যিবোৰে আমাক গভীৰ দুখ দিয়ে, যেনে আমি নিজতকৈ বেছি ভালপোৱা কোনোবা এজনৰ মৃত্যুৰ দৰে, সকলোৰে পৰা দূৰৈৰ এখন অৰণ্যত নিৰ্বাসিত হোৱাৰ দৰে, বা আত্মহত্যাৰ দৰে। একোখন কিতাপ আমাৰ অভ্যন্তৰত থকা নিথৰ সাগৰখনৰ বাবে এখন কুঠাৰ হ'ব লাগিব।
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Spindler, William (1993). "Magical Realism: A Typology". Forum for Modern Language Studies XXIX (1): 90–93. doi: . সাঁচ:Subscription needed