ফাৰাও
অৱয়ব
ফাৰাও হৈছে প্ৰাৰ্থনা শইকীয়াৰ দ্বাৰা ৰচিত তৃতীয়খন উপন্যাস। এই পাঠৰ এক সহপাঠীৰ কথাত,ফাৰাও-'এক গভীৰ বিক্ষিপ্ত স্বগতোক্তি,যি মূলতঃ বিশেষ একো নকয়।ফাৰাওৱে উত্তৰ নিবিচৰাকৈ প্ৰশ্নবোৰক প্ৰশ্নকৰে,আকাৰবোৰ ভাঙে। ই বিশেষ একো নোকোৱাকৈ প্ৰায় সকলো কয়।ফাৰাও সেইজন কথক যি এক বন্য কথকতাৰে বৰণবোৰক মুকলি কৰে বৰণৰ পৰা,ইতিহাসক ইতিহাসৰ পৰা কাহিনীক কাহিনীৰ পৰা।উপন্যাসখন প্ৰথম প্ৰকাশ পাইছিল ২০২২ চনৰ নৱেম্বৰ মাহত।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মানুহৰ মানৱীয় পৰিৱেশ আৰু মানৱীয় বোধৰ পৰা আহৰিয়ে বা ক'ত?প্ৰতিপল সংঘৰ্ষ, যুদ্ধ আৰু সংঘাতৰ মাজত থাকি,ইতিহাসৰ কঠিন চফৰৰ মাজেৰে,বহু হাজাৰ বছৰৰ সংঘাতত বিপৰ্যস্ত হৈয়ো,মানুহে পোৱা নাই অভিপ্ৰায় ফলাফল। মানুহৰ দুখ-কষ্ট,শোষণ-তোষণ,অৱদানৰ দৰে(অ)মানৱীয় আচৰণৰ/মানৱসৃষ্ট পৰিৱেশৰ উত্তৰ ক'ত?....শ্ৰেণী সংঘাতৰ অবিহনে পাব পাৰি জানো এই অভিষ্ট ফল-শোষণ-তোষণ,অৱদানৰ পৰা মুক্তি?(অ)মানৱীয় পুঁজি-ভঁৰাল-সংগ্ৰহৰ আকাংক্ষাই জানো ভঁহাই তোলা নাই এই (অ)মানৱীয় পৰিৱেশ?বেছিবোৰ মানুহ কম- কিছু মানুহৰ দাস হ'ব ধৰিছে।এমুঠি মানুহৰ পুঞ্জীভূত পূঁজিয়ে চলাব ধৰিছে ৰাষ্ট্ৰ। [১]
- 'নাই নাই। ই নিৰ্ঘাত সঁচা কথা।সময়ৰ লগে লগে সলনি হোৱা এই পৃথিৱীৰ ৰং-ৰূপ কথনৰ,নতুনকৈ ইতিহাসৰ লিখনৰ প্ৰয়োজনীয়তা আহি পৰিছে।প্ৰয়োজন হৈ পৰিছে আজি অতদিনে বঞ্চিত হৈ থকাসকলক ইতিহাসৰ পাতত সন্নিবিষ্ট কৰাৰ।তোমালোকৰ সৈতে হোৱা আমাৰ শেষ সাক্ষাতত আমি এটা কথা মৰ্মে মৰ্মে উপলব্ধি কৰিলোঁ যে আমি ঐতিহাসিকভাৱে এক বঞ্চনাৰ ইতিহাস লিখাৰ অলংঘনীয় অপৰাধ কৰাৰ দোষত অপৰাধী।শোষণ আৰু শোষিতৰ বুৰঞ্জী নিলিখাকৈ ইতিহাসৰ পাঠ সম্পূৰ্ণ হ'ব নোৱাৰে।হোৱা উচিত নহয়।'সেই গাঁত-গঁড়ালৰ কথাটোত ৰণৰ দৰে তই এটাক লৈ অহা ডাঙাৰ মইটি আহিল খটখট ৰাস্তাৰে আৰু এই নুশুনা-নুবুজা কথাবোৰকে ক'বলৈ ধৰিলে। [২]
- বৰষুণে আঁকিব পাৰেনে প্ৰাগৈতিহাসিক ছবি,বৰষুণে লিখিব পাৰেনে এখন ঠাইৰ ইতিহাস;বৰষুণে ক'ব পাৰেনে কথা?ক'ব পাৰেনে কাহিনী? ইতিহাসৰ কাহিনী? কাহিনীৰ ইতিহাস?বৰষুণমুখৰ সেই ৰাতি,সেই দোকমোকালি নালিয়া হালোৱাই পতা লাঙিজালত লাগি উঠা অচিন বৰণৰ মাছটো দেখি ভাৱ হ'ল বৰষুণে বৰণ বুলাবও জানে।বৰষুণ এক কলাকাৰী কাৰিকৰ যি পৃথিৱীলৈ আনিব পাৰে নতুন বৰণ।আঁকিব পাৰে সজল ছবি,ক'ব পাৰে কথা। কথাই কোৱা কাহিনী।কাহিনী ছবি,ছবিৰ কাহিনী।বৰষুণে লিখিব পাৰে ইতিহাস।ইতিহাসৰ কাহিনী নাইবা কাহিনীৰ ইতিহাস। [৩]
- সময় ঘূৰি আহেনে? সময় ঘূৰি আহিব পাৰেনে?সময়ৰ সৈতে আমি ঘূৰি ঘূৰি ঘূৰি আহি একেটা সময়তে আহি পাবহি পাৰোনে?আমি ঘূৰি আহিব পাৰোঁনে?আমি যদি ঘূৰি আহিব পাৰোঁ,আমি যদি ঘূৰি ঘূৰি ঘূৰি আহি পাৰ হৈ অহা কোনো সময়ত আহি উপৱিষ্ট হ'ব পাৰোঁ, তেনেহলে ইতিহাসৰ অস্তিত্ব কি?থাকিবনে ইতিহাসৰ অস্তিত্ব?ইতিহাস কি?সময়ৰ লেখন?সময় কি?বিশ্বব্ৰহ্মাণ্ডৰ এক মাত্ৰা?ব্ৰহ্মাণ্ড কি?সময়-বস্তুৰ মাত্ৰাত সংস্থাপিত এক সত্য?এক ধ্ৰুৱ সত্য,পদাৰ্থৰ দীৰ্ঘ,প্ৰস্থ,গভীৰতা আৰু সময়ৰ মাত্ৰাত প্ৰতিক্ষণে স্থিৰ হৈ,বাহাল হৈ থকা এক আমোঘ সত্য?কোনো এক মাত্ৰাৰ বিচ্ছুৰণেই দেখোন আনিব পাৰে অলংঘনীয় পৰিৱৰ্তন!তেনেহলে ব্ৰহ্মাণ্ড জানো ধ্ৰুৱ সত্য?সত্য কি?ব্ৰহ্মাণ্ডৰ অনেক মাত্ৰাৰ বিচ্ছুৰণে আনিব পৰা পৰিৱৰ্তন?পৰিৱৰ্তনৰ সম্ভাৱনা?সম্ভাৱনা কি এক আমোঘ সত্য?হয়! হয়! সম্ভাৱনা দেখোন এক অপৰিমেয় সত্য!সময় মাত্ৰাৰ স্থিৰতাও দেখোন এক সম্ভাৱনা!এক সত্য!হয়!হয়!সময় মাত্ৰাৰ স্থিৰতাও এক সম্ভাৱনা আৰু এতেকেই এই স্থিৰ ক্ষণবোৰৰ সম্ভাৱনাও এক সত্য![৪]