প্ৰেমচন্দ

ৱিকিউদ্ধৃতিৰ পৰা
প্ৰেমচন্দৰ চিত্ৰাংকিত ডাকটিকট

প্ৰেমচন্দ (হিন্দী: प्रेमचंद) হিন্দী আৰু উৰ্দু ভাষাৰ লোকপ্ৰিয় গল্পকাৰ, ঔপন্যাসিক তথা সমালোচক আছিল। তেওঁৰ প্ৰকৃত নাম আছিল ধনপত ৰায় শ্ৰীবাস্তৱ। তেওঁ সেৱাসদন, প্ৰেমাশ্ৰম, ৰংগভূমি, নিৰ্মলা, গবন, কৰ্মভূমি, গোদান আদি জনপ্ৰিয় উপন্যাস তথা কফন, পূস কী ৰাত, পঞ্চ পৰমেশ্বৰ, বড়ে ঘৰ কী বেটী, বুঢ়ী কাকী, দো বৈলো কী কথা আদি তিনিশতাধিক গল্পৰ ৰচক। তেওঁ হিন্দী পত্ৰিকা জাগৰণ তথা সাহিত্যিক পত্ৰিকা হংসৰ সম্পাদক তথা প্ৰকাশক আছিল। আদৰ্শোন্মুখ যথাৰ্থবাদ প্ৰেমচন্দৰ সাহিত্যৰ মুখ্য বিশেষত্ব। হিন্দী গল্প-উপন্যাসৰ ক্ষেত্ৰত ১৯১৮ ৰ পৰা ১৯৩৬ চনৰ এই কালছোৱাক 'প্ৰেমচন্দ যুগ' হিচাপে জনা যায়।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. অহংকাৰেৰে বহুত ফুলিব পাৰে,
    কিন্তু ফল দিব নোৱাৰে।
  2. মন এক কাপুৰুষ শত্ৰু যি সদায় পিছফালৰ পৰা আক্ৰমণ কৰে।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. मुंशी प्रेमचंद के अनमोल विचार व् कथन. প্ৰকাশক: hindisahityadarpan.in. আহৰণ কৰা হৈছে: 7 জানুৱাৰী 2022.