সমললৈ যাওক

প্ৰসৱ

ৱিকিউদ্ধৃতিৰ পৰা

প্ৰসৱ সন্তান জন্ম দিয়াৰ এক প্ৰক্ৰিয়া৷ ই মানুহ আৰু অন্য জীৱ-জন্তুৰ ক্ষেত্ৰতো হয়৷ মাতৃগৰ্ভত ভ্ৰূণে স্থিতি লোৱাৰ লগে লগে গৰ্ভতে নিৰ্দিষ্ট সময়ৰ ভিতৰত ভ্ৰূণটো এটা শিশুলৈ পৰিপূৰ্ণতা পোৱাৰ পিছত সন্তান জন্ম হয়৷ ইয়াই প্ৰসৱ কাৰ্য৷ পৰিণত বয়স পোৱাৰ আগতে অপ্ৰাকৃতিক কাৰণত সন্তান জন্ম হ’লে শিশু মৃত্যুমুখত পৰিব পাৰে৷ সেয়ে, মানুহৰ ক্ষেত্ৰত সাৱধানতা লোৱাৰ উদ্দেশ্যে বিভিন্ন প্ৰযুক্তিৰ দ্বাৰা গৰ্ভস্থ সন্তানটি সুস্থভাৱে প্ৰসৱ হ’বনে নহয় সেয়া নিশ্চিত কৰা হয়৷[] প্ৰসৱৰ পিছত মাতৃৰ শৰীৰ সুস্থ থকা প্ৰয়োজন, অন্যথা ভৱিষ্যতে আন বহুতো সমস্যাৰ আশংকা বৃদ্ধি হয়। গৰ্ভধাৰণৰ পৰা সন্তানৰ জন্মলৈকে আৰু তাৰ পিছত প্ৰসৱোত্তৰ সময়ত, মহিলাৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ মানসিক আৰু শাৰিৰীক পৰিৱৰ্তন হয়, যি তেওঁলোকৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়।[]

  1. সন্তান জন্মৰ পিছৰ সময়খিনি যিকোনো মহিলাৰ বাবে অতি জটিল। প্ৰসৱোত্তৰ সময়ত, মহিলা এগৰাকীৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ শাৰিৰীক আৰু আৱেগিক পৰিৱৰ্তন হয়, যি তেওঁৰ স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষ আৰু কেতিয়াবা পৰোক্ষভাৱে প্ৰভাৱ পেলায়। (ড° বিজয়লক্ষ্মী, স্ত্ৰীৰোগ বিশেষজ্ঞ)[]
  2. শৰীৰত হৰম’নৰ পৰিৱৰ্তনৰ বাবে, বিশ্ৰামৰ অভাৱৰ বাবে, ভাগৰৰ বাবে আৰু চাপকে ধৰি বহুতো আৱেগিক আৰু ব্যৱহাৰিক সমস্যা মহিলাৰ ক্ষেত্ৰত বিকশিত হ'বলৈ আৰম্ভ কৰে যেনে খং, দুখ, কান্দোনৰ অনুভূতি, হতাশা ইত্যাদি। এই পৰ্যায়টোক বেবী ব্লুজ বুলিও কোৱা হয়।(ড° বিজয়লক্ষ্মী, স্ত্ৰীৰোগ বিশেষজ্ঞ)[]
  3. নাৰী তুমি বেদনাৰ মাজেৰেই সন্তান ধাৰণ কৰিব লাগিব৷ (মহাৰাণী ভিক্টোৰিয়াৰ অষ্টম সন্তান প্ৰসৱৰ সময়ত বিষনাশক প্ৰয়োগ কৰাত বাধা দি গীৰ্জাৰ ফালৰ পৰা কোৱা কথা৷)[]
  4. বেদনামুক্ত প্ৰসৱ ব্যৱস্থাক জনপ্ৰিয় আৰু সুলভ কৰিবলৈ হ’লে চিকিৎসকসকলে আগভাগ ল’ব লাগিব লগতে ই এটা felt need বা ৰাইজে অনুভৱ কৰা অভাৱ বুলি তেওঁলোকে গম পাব লাগিব৷[]
  1. সময়পূৰ্বক প্ৰসৱ চিনাক্তকৰণ..... আহৰণ কৰা হৈছে: 24 ছেপ্টেম্বৰ 2024.
  2. ২.০ ২.১ ২.২ সঠিক আৰোগ্যৰ...... আহৰণ কৰা হৈছে: 24 ছেপ্টেম্বৰ 2024.
  3. ৩.০ ৩.১ বেদনামুক্ত প্ৰসৱ. আহৰণ কৰা হৈছে: 24 ছেপ্টেম্বৰ 2024.