সমললৈ যাওক

প্ৰফুল্ল দত্ত গোস্বামী

ৱিকিউদ্ধৃতিৰ পৰা

প্ৰফুল্লদত্ত গোস্বামী (ইংৰাজী: Prafulla Dutta Goswami; ১৯১৯-১৯৯৪) একাধাৰে ঔপন্যাসিক, প্ৰবন্ধকাৰ, লোক-সংস্কৃতিৰ গৱেষক আৰু অধ্যাপক। অসমৰ লোক-সংস্কৃতিক বিষয় ৰূপে লৈ তেখেতে প্ৰস্তুত কৰা গৱেষণা নিবন্ধখনেই অসমৰ প্ৰথমখন থেছিছ।[] এইখনৰ বাবে তেখেতে ১৯৫৫চনত ডি ফিল উপাধি লাভ কৰে। ১৯৬০ চনত লোক-সংস্কৃতি বিষয়ত ইংৰাজী ভাষাত ৰচিত তেখেতৰ Ballads and Tales of Assam গ্ৰন্থই আন্তৰ্জাতিক স্বীকৃতি লাভ কৰে। তেখেতে জীৱনী, ভ্ৰমণ কাহিনী, পক্ষী-নীৰিক্ষণ বিষয়ক গ্ৰন্থৰ লগতে উপন্যাসো ৰচনা কৰিছে। প্ৰফুল্লদত্ত গোস্বামীৰ ‘কেঁচা পাতৰ কঁপনি’ উপন্যাসখন অসমীয়া সাহিত্যৰ এখন বহুপঠিত গ্ৰন্থ।

  1. সাহিত্য সভাৰ কাৰণে দেশখন খণ্ড-বিখণ্ড হ’ল- তাতকৈও বেছি হ’ল খণ্ড-খণ্ড, খণ্ড-উপখণ্ড...আমাৰ মাজৰ পৰা যে জনজাতীয় লোকসকল (গুচি গ’ল)![]
  2. সাহিত্য সভাই কনষ্ট্ৰাক্টিভ কিবা কাম কৰিছেনে? কিবা লং-টাৰ্ম প্লেন আছেনে? এজন পাৰ্মেনেন্ট ছেকেটেৰী আছেনে যি হয়তো কামবিলাক মানে হৈছেনে নাই বা হ'বলৈ ধৰিছেনে নাই (সেয়া) চাই থাকিব? বছৰি বছৰি ছেক্ৰেটেৰী সলনি হৈয়ে আছে- খুন্দিয়া খুন্দি, কাক কেনভাছ কৰিম, কোন হেৰি হ'ব... বছৰি বছৰি সলনি হৈয়ে আছে। কেতিয়াবা দহবছৰ মানত এবাৰ কাৰোবাৰ কিতাপ এখন উন্মোচন কৰিব- বেজবৰুৱাৰে হওক, কনকলাল বৰুৱাৰে হওক মস্ত ঢোল বাজে। আকৌ, গভৰ্নৰ আহিব, উন্মোচন কৰিব, এয়াহে হৈছে৷[]
  3. আই লাইক্ ৱেষ্টাৰ্ন ক্লাছিকেল মিউজিক, বিশেষকৈ বে'টফেন আৰু মোছাৰ্ট। আৰু ইণ্ডিয়ান ক্লাছিকেলো ভাল পাওঁ- তাৰ বাহিৰে আৰু ৰবীন্দ্ৰনাথ আৰু নজৰুল। আৰু অসমীয়া গানবোৰে মোক বিছাই ডকা দিয়ে দেখোন।[]
  4. ভূপেনৰ (হাজৰিকাৰ) মাতৰ মিঠা আছে, হেৰি আছে, গানবোৰ মিনিংলেছ৷ তাত একোটা ফৌক্‌ল্‌ পইণ্ট নাই৷ []
  5. মই নিজৰ কোনোবাখন কিতাপ মৌলিক বুলি ক’ব পাৰোঁ; কিন্তু মই নিজে একেবাৰে এক ডাঙৰ ৰাইটাৰ গ্ৰেইট ৰাইটাৰ-সেই কথা ক’বলৈ টান পাওঁ৷
  6. কবিতা মই নপঢ়োৱেই, অসমীয়া কবিতা মই বুজিও নাপাওঁ৷ নপঢ়োৱেই বুলি ক’ব পাৰি৷ []
  1. ড° বীৰেন্দ্ৰনাথ দত্ত (ডিচেম্বৰ, ২০০৬)। “ড° প্ৰফুল্লদত্ত গোস্বামী”, কথা বৰেণ্য। কথা প্ৰকাশন। ISBN: ৮১-৮৯১৪৮-১৪-১
  2. সাক্ষাৎকাৰ, সম্পাদনাঃ বেদান্ত পূজাৰী, বনলতা, সাক্ষাৎগ্ৰহণঃ ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী, ২০২৩, পৃষ্ঠা. ১৪৪.
  3. সাক্ষাৎকাৰ, সম্পাদনাঃ বেদান্ত পূজাৰী, বনলতা, সাক্ষাৎগ্ৰহণঃ ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী, ২০২৩, পৃষ্ঠা. ১৪৪-১৪৫.
  4. সাক্ষাৎকাৰ, সম্পাদনাঃ বেদান্ত পূজাৰী, বনলতা, সাক্ষাৎগ্ৰহণঃ ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী, ২০২৩, পৃষ্ঠা. ১৪৪-১৪৮.
  5. সাক্ষাৎকাৰ, সম্পাদনাঃ বেদান্ত পূজাৰী, বনলতা, সাক্ষাৎগ্ৰহণঃ ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী, ২০২৩, পৃষ্ঠা. ১৪৯.
  6. সাক্ষাৎকাৰ, সম্পাদনাঃ বেদান্ত পূজাৰী, বনলতা, সাক্ষাৎগ্ৰহণঃ ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী, ২০২৩, পৃষ্ঠা. ১৫০.