পেলে

ৱিকিউদ্ধৃতিৰ পৰা

এড্‌ছন আৰাণ্টিছ ড' নাচিমেণ্ট' (ইংৰাজী: Edson Arantes do Nascimento), বা পেলে (ইংৰাজী: Pelé) (২৩ অক্টোবৰ ১৯৪০-২৯ ডিচেম্বৰ ২০২২), এজন প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ। তেওঁক বহু কুশলী ব্যক্তি, সমালোচক, পূৰ্বৰ বা বৰ্তমানৰ খেলুৱৈ আৰু গুণগ্ৰাহীয়ে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে গণ্য কৰে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • মোৰ জন্ম ফুটবলৰ বাবে, ঠিক যেনেকৈ বিথোভেনৰ জন্ম হৈছিল সংগীতৰ বাবে।
    • দ্য মেজাৰ অফ গ্ৰেটনেছ (১৯৮০)
  • বিশ্বৰ ফুটবল খেলা প্ৰতিজন ল’ৰাই পেলে হ’ব বিচাৰে। কেৱল ফুটবল খেলুৱৈৰ দৰে হোৱাই নহয়, মানুহৰ দৰে কেনেকৈ হ’ব লাগে সেইটো দেখুৱাবলৈ মোৰ এটা ডাঙৰ দায়িত্ব আছে।
    • স্প'ৰ্টছ ইলাষ্ট্ৰেটেড ("এছ আই ফ্লেছবেক: ছকাৰছ গ্ৰেটেষ্ট জিনিয়াছ", ১ জুন ১৯৯৯)
  • সফলতা কোনো দুৰ্ঘটনা নহয়। ই হ’ল কঠোৰ পৰিশ্ৰম, অধ্যৱসায়, শিক্ষণ, পঢ়া-শুনা, ত্যাগ আৰু সৰ্বোপৰি আপুনি যি কৰি আছে বা কৰিবলৈ শিকিছে তাৰ প্ৰতি প্ৰেম।

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: