পুষ্পলতা দাস
অৱয়ব
পুষ্পলতা দাস (১৯১৫–২০০৩) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, গান্ধীবাদী, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেত্ৰী।তেওঁ ১৯৫১ চনৰ পৰা ১৯৬১ চনলৈ ৰাজ্য সভাৰ সাংসদ আছিল। তেওঁ অসম বিধানসভাৰ প্ৰাক্তন বিধায়িকা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ সদস্যা আছিল।তেওঁ অসমৰ শাখাৰ কৌস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মৃতি ন্যাস আৰু খাদী আৰু গ্ৰামীণ উদ্যোগ পৰিষদৰ অধ্যক্ষা আছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]অগ্নিস্নাতা চন্দ্ৰপ্ৰভা
[সম্পাদনা কৰক | উৎস সম্পাদনা]- বজালীৰ বুকুত অন্তঃসলিলা হৈ লুকাই আছে এখনি নৈ- নাম যাৰ পুষ্পভদ্ৰা পাৰতে এদিন গঢ় লৈ উঠিছিল এটি সভ্যতা, যাৰ বুৰঞ্জী আজি লোকোগাঁথা হৈ আছে। ইতিহাসৰ পাতে পাতে যাউতিযুগীয়া সৌন্দৰ্যৰ ছাপ ৰাখি যাব পৰা একোটি জীৱনে বজালীক আজিও ৰূপকথাৰ মালা কৰি ৰাখিছে। তেনে এধাৰি প্ৰেৰণা সনা মালাকে আহিবলগীয়া দিনবোৰৰ পোহৰ সন্ধানী মনবিলাকক উপহাৰ দিব খুজিছোঁ কথাৰে - জীৱনৰ যাত্ৰা পথে আলোকৰ সন্ধান পাওক,সেই আশাৰে।কলিতে জীৱনৰসে উদ্বুদ্ধ কৰা এটি প্ৰাণ - যাৰ নাম আছিল চন্দ্ৰপ্ৰভা। চন্দ্ৰপ্ৰভাৰ জীৱনত কলিতে চন্দ্ৰৰ ছাঁ কিন্তু পৰা নাছিল, পৰিছিল সূৰ্যৰ ছাঁ; সূৰ্যৰ তাপৰ প্ৰসৰতাতো আছিল চন্দ্ৰৰ স্নিগ্ধ ছাঁ- কলিতে জীৱনৰ ছাঁ।[১]
- ছাত্ৰী হিচাপে চন্দ্ৰপ্ৰভা জাকত-জিলিকা হৈ উঠিছিল আৰু শিক্ষকসকলৰ অতি মৰমৰ ছাত্ৰী আছিল।সেই সময়ৰ দৈশিঙ্গৰী প্ৰাইমাৰী স্কুলৰ প্ৰধান শিক্ষক ঁকৃষ্ণকান্ত দত্তই তেওঁৰ মেধাৰ কাৰণে তেওঁক এটি ৰূপৰ মেডেল দিছিল। কিশোৰী মনে সেই সময়ত সেই উপহাৰ পাই আনন্দ পালেও ১৯২১ চনৰ পিছৰে পৰা সেই মেডেলৰ কথা ক'বলৈ তেওঁ ভাল নাপাইছিল; কাৰণ সেই মেডেলটোত ব্ৰিটিছ সম্ৰাট পঞ্চম জৰ্জৰ ছাব মৰা ছবি এখন আছিল।[১]
- ১৯২৫ চনত নগাঁৱত বহা সাহিত্য সভাৰ অধৱেশনত এটি ভাবিব নোৱাৰা ঘটনা ঘটিল - যি ঘটনাক অসমৰ মহিলা সমাজৰ প্ৰথম সামাজিক বিদ্ৰোহ বুলি ক'ব পাৰি। চন্দ্ৰপ্ৰভাই প্ৰতিনিধি হিচাপে মণ্ডপত বহি থকা দেখিলে, শ-শ মহিলা চিকৰ আঁৰত বহি আছে গঁড়ালত থকা জন্তু কিছুমানৰ দৰে। তেওঁৰ স্বাধীনচিতীয়া মনটোৱে এই নিকৰুণ দৃশ্য সহি থাকিব নোৱাৰিলে। সেই সভাত সমজুৱাৰ বক্তব্যৰ কাৰ্যসূচী ঘোষণা কৰাৰ লগে লগে চন্দ্ৰপ্ৰভাই উঠি জ্বালাময়ী ভাষাৰে বুকুৰ কথা প্ৰকাশ কৰিলে। অভ্যৰ্থনা সমিতিক তেওঁ সুধিলে; জাতিৰ আধা অংশক চিকৰ আঁৰত ৰাখি আমি সমাজৰ কল্যাণৰ কাৰণে কি সাহিত্য সৃষ্টি কমিব? তাৰ পিছত আইসকলৰ গঞ্জনাৰ সুৰত ক'লে- আপোনালোকৰ আত্মসন্মানে এনেদৰে পিঁজৰাৰ ভিতৰত বন্দী হৈ থাকিবলৈ লাজ পোৱা নাইনে? সিংহিনীৰ দৰে চিক ভাঙি ওলাই নাহে কিয়? লগে লগে শুই থকা সিংহিনীসকল জাগি উঠিল। চিক্ টুকুৰা টুকুৰকৈ ভাঙি তেওঁলোক যেতিয়া ওলাই আহিল - হাজাৰ হাজাৰ দৰ্শকে হাত-চাপৰি মাৰি এই সাহক অভ্যৰ্থনা জনালে (এই পৰ্দাপ্ৰথা পুৰণি অসমৰ প্ৰথা নাছিল - বিদেশী আক্ৰমণৰ পিছত অভিজাত সুলভ প্ৰথা বুলি কিছুমানে গ্ৰহণ কৰিছিল) এই ঘটনাৰ পিছত অসমৰ পৰা চিক্ প্ৰথা উঠি যায়। অন্তৰ ভেদি ওলোৱা বিদ্ৰোহৰ বাণীয়ে এইদৰে সমাজ কঁপায়।[১]
- অসমৰ হাজাৰ হাজাৰ মহিলাক একেলগ কৰি চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে যি অপূৰ্ব নেতৃত্ব দিছিল তাৰ তুলনা নাই।আজিও অসম প্ৰাদেশিক মহিলা সমিতি বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক অনুষ্ঠান সমূহৰে এটা, যাৰ শাখা-প্ৰশাখা অসমৰ প্ৰতিখন গাৱঁতে আছে। এই অনুষ্ঠান আগৰ অবিভক্ত কংগ্ৰেছতকৈ শক্তিশালী। এই সমিতিৰ নিৰ্দেশত অসমৰ নিৰপেক্ষ আইসকল, বিশেষকৈ গাৱঁৰ আইসকল আজিও উঠে বহে বুলি ক'ব পাৰি।কিন্তু দেশত যেতিয়া জুই জ্বলে, আইসকলে নিজৰ কথাকে ভাবি থাকিব নোৱাৰে। দেশৰ স্বাধীনতা অবিহনে নাৰীমুক্তিও যে অসম্ভৱ সেই কথা অনুভৱ কৰি মহিলা-সমিতিৰ বহু কৰ্মীয়ে অসহযোগ আন্দোলনত অংশ লয়। তেওঁবিলাকৰ মুখ্যসকলৰ ভিতৰত চন্দ্ৰপ্ৰভা শইকীয়ানী সদায়েই আছিল।[১]
- চন্দপ্ৰভা শইকীয়ানীক সাধাৰণ মানুহে জানিছিল এগৰাকী প্ৰগতিবাদী বিপ্লৱী মহিলা হিচাপে - যি গৰাকীৰ জীৱনৰ সপোন আছিল নিৰ্যাতিতা,অৱহেলিতা অপমানিতা মহিলাসকলক উদ্ধাৰ কৰাৰ প্ৰেৰণা লৈ এটি বৈপ্লৱিক বাতাৱৰণ সৃষ্টি কৰাৰ সাধনাত জীৱন উৎসৰ্গা কৰা। এগৰাকী সুবক্তা হিচাপে, অসম প্ৰাদেশিক মহিলা সমিতিৰ প্ৰাণ প্ৰতিষ্ঠাত্ৰী নেত্ৰী হিচাপে তেওঁ সমাদৃতা।কিন্তু তেওঁ যে এগৰাকী সুলেখিকা আছিল আৰু গল্প-কবিতা উপন্যাসৰ মাজেৰে তেওঁ তেওঁৰ গভীৰ উপলব্ধিসমূহ কিদৰে প্ৰকাশ কৰিব পাৰিছিল, তাক বহুতেই নাজানে।[১]
- মোৰ মনত সদায়েই এটা প্ৰশ্ন আছিল - এই গৰাকী মানুহে এইদৰে ধুমুহাৰ গতিৰে কাম কৰাৰ বলিয়া প্ৰেৰণা পালে কেনেকৈ? ভাবিছিলোঁ, কোনো দাৰুণ আঘাতে, কাৰো অক্ষমণীয় কলিজা পুৰি আগ্নেয়গিৰিৰ সৃষ্টি নকৰিলে এনে দুৰ্বাৰ গতিৰে সকলো বাধা নেওচি আগবাঢ়ি যোৱাৰ প্ৰেৰণা কোনেও পাব নোৱাৰে। মানুহগৰাকী জেদী, আত্মসন্মানী, শিলৰ কঠোৰতাৰে দৃঢ়সংকল্প, তেজস্বিনী আৰু নিজ বিশ্বাসত অটল হ'ব নোৱাৰিলেহেঁতেন। মোৰ প্ৰশ্নই উত্তৰ পাইছিল অসম প্ৰাদেশিক মহিলা সমিতিৰ সেই যুগৰ কৰ্মীসকল, মোৰ স্বৰ্গীয়া মা স্বৰ্ণলতা শইকীয়া আৰু স্বৰ্গীয়া মাহীদেউ ইন্দুপ্ৰভা বৰুৱাৰ পৰা শুনা কাহিনীবোৰত। তাৰ পিছত তেওঁৰ লেখা কিছুমান পঢ়াৰ সুবিধা পালোঁ আৰু দেখিলোঁ, মোৰ অনুমান সঁচা।[১]