পাটকাইৰ ইপাৰে মোৰ দেশ (গ্ৰন্থ)
অৱয়ব
(পাটকাইৰ ইপাৰে মোৰ দেশৰ পৰা পুনঃনিৰ্দেশিত)
পাটকাইৰ ইপাৰে মোৰ দেশ (ইংৰাজী: Patkair Ipare Mor dex) হৈছে অসমৰ ঔপন্যাসিক চন্দনা গোস্বামীৰ দ্বাৰা লিখিত এখন বুৰঞ্জীমূলক উপন্যাস। উপন্যাসখনৰ মূল আধাৰ হৈছে অসমৰ বুৰঞ্জী। উপন্যাসখনে ২০১২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। উপন্যাসখনত আহোম বুৰঞ্জীৰ কেইটিমান বিশেষ মুহূৰ্তৰ বৰ্ণনা হৈছে। ইয়াৰ লগতে বুৰঞ্জীৰ পাতৰ বহুকেইটা নাৰী চৰিত্ৰৰ উপন্যাসখনত গুৰুত্বসহকাৰে উপস্থাপন কৰা হৈছে। তাৰে ভিতৰত ৰাজনী কুঁৱৰী, নাংচেং গাভৰু, বৃন্দা, ৰ'ইলা, সৰু কুঁৱৰী অন্যতম। উপন্যাসখনৰ বৰ্ণনাশৈলীত কেতিয়াবা প্ৰথম পুৰুষ আৰু কেতিয়াবা বৰ্ণনাধৰ্মিতাৰ সহায় লৈ সাধুসদৃশ ৰচনাৰীতি প্ৰয়োগ কৰা হৈছে।[১]
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ, চাৰিটি ভূখণ্ডৰে গঠিত বিশাল কামৰূপ ৰাজ্যৰ মাজেৰে বহ্নিমান লৌহিত্যৰ পানীত সূৰুযে সৃষ্টি কৰিছিল ৰঙীন মায়াজালৰ। [২]
- অগ্নিয়েই বায়ু, পানী, সূৰ্য্য, চন্দ্ৰ, দিক আৰু উৎপাদিকা শক্তিৰ মূলমন্ত্ৰ। অগ্নিয়েই দৃশ্যমান সকলো বস্তুৰ স্বৰূপ। এই বিশ্বজগত অগ্নিৰেই বহিঃপ্ৰকাশ।[৩]
- যি প্ৰদেশৰ যি জলবায়ু সেই অনুপাতেহে তাৰ জনপ্ৰাণী। [৪]
- আকাৰেই শক্তি নুসূচাই, যিদৰে হাতী যুদ্ধক্ষেত্ৰত ঘোঁৰাৰ দৰে নহয়। হাতীৰে প্ৰতিপক্ষক গচকত পেলাই মহতিয়াই নিবলৈহে ভাল। কিন্তু ঘোঁৰা যেন যুদ্ধৰ বাবেই জন্ম হৈছে। যোদ্ধাৰ সমান তীব্ৰগতিত ঘোঁৰায়ো যুদ্ধক্ষেত্ৰত চিন্তা কৰে। প্ৰতিপক্ষৰ আক্ৰমণৰ পৰা পিঠিত বহি ৰোৱা যোদ্ধাক ৰক্ষা কৰাত ঘোঁৰাই যিদৰে আগভাগ লয়, বৰ ভক্তি হয় জন্তুটোৰ প্ৰতি। [৫]
- বিভিন্নতা আমাৰ চৌদিশে তথাপি আমি বিভিন্নতাক ভয় কৰোঁ কেলেই? আমি ভয় কৰিব লাগে বিভেদকহে। যিয়ে বিভেদক জয় কৰে তাৰ বাবে বিভিন্নতা আশীৰ্বাদ, কিন্তু যিয়ে বিভিন্নতাক জয় কৰিবলৈ বিভেদ মাতে তাৰ বাবে বিভিন্নতা অভিশাপ। [৬]
- মোৰ দেশৰ পথাৰত যদি হালোৱা-কেওটে পথাৰ চহায়, বুৰুকে ৰুৱে, চুতীয়াই দায়, দেউৰীয়ে চপায়। মৰাণে দিয়া খৰিৰে চৰু নুজুৰিলে, জালোৱা কেওটে মাছ, গুটীয়া কছাৰীয়ে মঙহ, মদাহিয়ে শুকতি, পানী কোচে পানী, নগাই লোণ, মিৰিয়ে দিয়া শাক-পাতেৰে বৰাহীয়ে নেৰান্ধিলে, চুতীয়া থালত মটকণীয়ে নেবাঢ়িলে মোৰ দেশৰ ভাতসাঁজ নহয়গৈ।[৭]
- ঈশ্বৰপ্ৰদত্ত সকলো সৃষ্টিৰে নিজস্ব এটা সমতুলতা থাকে। ইয়াক বজাই নাৰাখিলে বিপদ নিশ্চিত । হাবিত বাঘে হৰিণা নেখালে, হৰিণাৰ সংখ্যা বাঢ়ি গৈ হাবিৰ হাবি-বন গছ-গছনি সকলো খাই নিঃশেষ কৰি পেলালেহেঁতেন আৰু আন সকলো জন্তুৰে মৰণ মিলিলহেঁতেন, যিদৰে পৰিৱেশ দূষিত হ'লহেঁতেন শগুণে মৰাশ নেখালে। সেই সমতুলতা যদি এখন হাবিৰ জীৱ-জন্তুৱে বজাই ৰাখিব জানে, তেনে আমি জীৱশ্ৰেষ্ঠ মানৱে তাক কেলেই বুজি নাপাওঁ?[৮]