সমললৈ যাওক

পাটকাইৰ ইপাৰে মোৰ দেশ (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা
(পাটকাইৰ ইপাৰে মোৰ দেশৰ পৰা পুনঃনিৰ্দেশিত)

পাটকাইৰ ইপাৰে মোৰ দেশ (ইংৰাজী: Patkair Ipare Mor dex) হৈছে অসমৰ ঔপন্যাসিক চন্দনা গোস্বামীৰ দ্বাৰা লিখিত এখন বুৰঞ্জীমূলক উপন্যাস। উপন্যাসখনৰ মূল আধাৰ হৈছে অসমৰ বুৰঞ্জী। উপন্যাসখনে ২০১২ চনৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। উপন্যাসখনত আহোম বুৰঞ্জীৰ কেইটিমান বিশেষ মুহূৰ্তৰ বৰ্ণনা হৈছে। ইয়াৰ লগতে বুৰঞ্জীৰ পাতৰ বহুকেইটা নাৰী চৰিত্ৰৰ উপন্যাসখনত গুৰুত্বসহকাৰে উপস্থাপন কৰা হৈছে। তাৰে ভিতৰত ৰাজনী কুঁৱৰী, নাংচেং গাভৰু, বৃন্দা, ৰ'ইলা, সৰু কুঁৱৰী অন্যতম। উপন্যাসখনৰ বৰ্ণনাশৈলীত কেতিয়াবা প্ৰথম পুৰুষ আৰু কেতিয়াবা বৰ্ণনাধৰ্মিতাৰ সহায় লৈ সাধুসদৃশ ৰচনাৰীতি প্ৰয়োগ কৰা হৈছে।[]

  1. ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ, চাৰিটি ভূখণ্ডৰে গঠিত বিশাল কামৰূপ ৰাজ্যৰ মাজেৰে বহ্নিমান লৌহিত্যৰ পানীত সূৰুযে সৃষ্টি কৰিছিল ৰঙীন মায়াজালৰ। []
  2. অগ্নিয়েই বায়ু, পানী, সূৰ্য্য, চন্দ্ৰ, দিক আৰু উৎপাদিকা শক্তিৰ মূলমন্ত্ৰ। অগ্নিয়েই দৃশ্যমান সকলো বস্তুৰ স্বৰূপ। এই বিশ্বজগত অগ্নিৰেই বহিঃপ্ৰকাশ।[]
  3. যি প্ৰদেশৰ যি জলবায়ু সেই অনুপাতেহে তাৰ জনপ্ৰাণী। []
  4. আকাৰেই শক্তি নুসূচাই, যিদৰে হাতী যুদ্ধক্ষেত্ৰত ঘোঁৰাৰ দৰে নহয়। হাতীৰে প্ৰতিপক্ষক গচকত পেলাই মহতিয়াই নিবলৈহে ভাল। কিন্তু ঘোঁৰা যেন যুদ্ধৰ বাবেই জন্ম হৈছে। যোদ্ধাৰ সমান তীব্ৰগতিত ঘোঁৰায়ো যুদ্ধক্ষেত্ৰত চিন্তা কৰে। প্ৰতিপক্ষৰ আক্ৰমণৰ পৰা পিঠিত বহি ৰোৱা যোদ্ধাক ৰক্ষা কৰাত ঘোঁৰাই যিদৰে আগভাগ লয়, বৰ ভক্তি হয় জন্তুটোৰ প্ৰতি। []
  5. বিভিন্নতা আমাৰ চৌদিশে তথাপি আমি বিভিন্নতাক ভয় কৰোঁ কেলেই? আমি ভয় কৰিব লাগে বিভেদকহে। যিয়ে বিভেদক জয় কৰে তাৰ বাবে বিভিন্নতা আশীৰ্বাদ, কিন্তু যিয়ে বিভিন্নতাক জয় কৰিবলৈ বিভেদ মাতে তাৰ বাবে বিভিন্নতা অভিশাপ। []
  6. মোৰ দেশৰ পথাৰত যদি হালোৱা-কেওটে পথাৰ চহায়, বুৰুকে ৰুৱে, চুতীয়াই দায়, দেউৰীয়ে চপায়। মৰাণে দিয়া খৰিৰে চৰু নুজুৰিলে, জালোৱা কেওটে মাছ, গুটীয়া কছাৰীয়ে মঙহ, মদাহিয়ে শুকতি, পানী কোচে পানী, নগাই লোণ, মিৰিয়ে দিয়া শাক-পাতেৰে বৰাহীয়ে নেৰান্ধিলে, চুতীয়া থালত মটকণীয়ে নেবাঢ়িলে মোৰ দেশৰ ভাতসাঁজ নহয়গৈ।[]
  7. ঈশ্বৰপ্ৰদত্ত সকলো সৃষ্টিৰে নিজস্ব এটা সমতুলতা থাকে। ইয়াক বজাই নাৰাখিলে বিপদ নিশ্চিত। হাবিত বাঘে হৰিণা নেখালে, হৰিণাৰ সংখ্যা বাঢ়ি গৈ হাবিৰ হাবি-বন গছ-গছনি সকলো খাই নিঃশেষ কৰি পেলালেহেঁতেন আৰু আন সকলো জন্তুৰে মৰণ মিলিলহেঁতেন, যিদৰে পৰিৱেশ দূষিত হ'লহেঁতেন শগুণে মৰাশ নেখালে। সেই সমতুলতা যদি এখন হাবিৰ জীৱ-জন্তুৱে বজাই ৰাখিব জানে, তেনে আমি জীৱশ্ৰেষ্ঠ মানৱে তাক কেলেই বুজি নাপাওঁ?[]
  8. বাৰিষাৰ বৰষুণ, উজ্জ্বল ৰ'দ কাচলি,ৰূপালী জোনৰ পোহৰ লৈ উপত্যকাটিত সমবেত হৈছিলহি বহু মানুহ ,বুটলিবলৈ সোণৰ সঁফুৰা।
  9. ৰত্নপীঠ,কামপীঠ,স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ-এই চাৰিটি ভূখণ্ডৰে গঠিত বিশাল কামৰূপ ৰাজ্যৰ মাজেৰে বহ্ণিমান লৌহিত্যৰ পানীত সূৰুযে সৃষ্টি কৰিছিল ৰঙীণ মায়াজালৰ।
  10. শাস্ত্ৰ আওৰালেই মানুহৰ জীৱন সফল নহয়।শাস্ত্ৰৰ শিকনি প্ৰয়োগ কৰাতহে শাস্ত্ৰ জনাৰ উদ্দেশ্য সফল হয়।শাস্ত্ৰৰ জ্ঞান নোহোৱাকৈও নিজৰ উপলব্ধিৰে জীৱন সফল কৰিব পাৰি।অৱশ্যে অল্পজনক বিজ্ঞ কৰাত শাস্ত্ৰৰ প্ৰয়োজন আছে।
  11. দুহাত মেলি ঢাপলি মেলি অহা বৃদ্ধা কাত্যয়িনীৰ বুকুত ৰাজনী কুঁৱৰী সোমাই পৰিল।সোতোৰা সোতোৰ হাতেৰে ,ঢেলাপৰা চকুৰে বুঢ়ীমাকে ৰাজনীক গালে মুখে হাত বুলাই চেনেহ কৰিবলৈ ধৰিলে।আনন্দৰ লোতকে ঢল বোৱালে।
  12. ঘন সেউজীয়া গুণা বুটাবচা পাট কাপোৰজোৰে তুলি ধৰিছে নাংচেঙক।হাতদীঘল সেউজী গা চোলা,ডিঙিত জোনবিৰি মাদলীয়ে,কাণত নেজেপতা জাংফাই,হাতৰ ঠাৰিত মুঠি মুঠি সচৰুৱা খাৰুৰে অপূৰ্ব সুন্দৰী হৈ পৰিছে নাংচেঙ।দুটি উজ্জ্বল চকু,বৰহমথুৰি বুলোৱা ওঁঠ, গোলাপী গালেৰে কেনে বিতোপন নাংচেঙজনী।
  13. মোৰ মনৰ ঈশ্বৰ মোৰ মনৰ মাজতে আছে৷ তেওঁক পূজিবলৈ কোনো বিশেষ মন্দিৰ প্ৰাংগনৰ প্ৰয়োজন নাই, বঙহৰদেউ৷ সেইবোৰ বাহ্যিকতাহে৷ আৰু প্ৰকৃততে ঈশ্বৰতো এজনেই৷ আমিহে তেওঁক ভিন্নৰূপত পূজোঁ৷ এতিয়া চোমদেৱেই মোৰ কৃষ্ণ মুৰাৰী, মোৰ সনাতন।
  14. বিচিত্ৰ এই মানুহৰ জীৱন। মৃত্যু অৱধাৰিত জানিও মৃত্যুৰ বোকোচাতে জীৱনৰ স্বপ্ন দেখে। প্ৰতিটো পাৰ কৰা ক্ষণ, পল , মুহূৰ্ত্ত , দিনেই ধীৰ গতিত মৃত্যুৰ কাষ চপাই নিয়ে যদিও অনাগত দিন অপেক্ষাত ৰয়। অনাগত কোনোবা সুক্ষণৰ , সুদিনৰ প্ৰত্যাশাই প্ৰতি পলে পলে মনত আশাৰ সঞ্চাৰ কৰে।
  15. আশা আছে বাবেইতো জীৱন আছে , স্বপ্ন আছে বাবেইতো আশা আছে। তেন্তে স্বপ্ন বিনে জীৱন ক'ত?মৃত্যুৰ পিচত সপোনতো কোনেও নেদেখে , কাৰণ তাত নাথাকে আশা , নাথাকে জীৱন। সেয়ে জীৱন থকালৈকে নোপোৱাক পোৱাৰ , নেদেখাক দেখাৰ ,নুশুনাক শুনাৰ আশাৰ সপোনে জানো লগ এৰিব?
  1. পাটকাইৰ ইপাৰে মোৰ দেশ, চন্দনা গোস্বামী, চন্দ্ৰ প্ৰকাশ, ২০১০
  2. পৃষ্ঠা ৩
  3. পৃষ্ঠা ১৭
  4. পৃষ্ঠা ২৩
  5. পৃষ্ঠা ২৩-২৪
  6. পৃষ্ঠা ৪১
  7. পৃষ্ঠা ৪৫০-৪৫১
  8. পৃষ্ঠা ৪১