সমললৈ যাওক

পদ্মনাথ গোহাঞিবৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা

পদ্মনাথ গোহাঞি বৰুৱা (ইংৰাজী: Padmanath Gohain Baruah) আছিল একাধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্ৰবন্ধকাৰ আৰু সাংবাদিক। তেওঁ আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তিসকলৰ ভিতৰত অন্যতম। তেওঁ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি আছিল। তেওঁৰ জন্ম হৈছিল ১৮৭১ চনৰ ২৪ অক্টোবৰত লক্ষীমপুৰ জিলাৰ নকাৰী গাঁৱত আৰু মৃত্যু হৈছিল ১৯৪৬ চনৰ ৭ এপ্ৰিলত৷

  1. “জাতীয় অন্তৰতম্ ভাব, চিন্তা, তেজ আৰু প্ৰতিভা বাজ ওলাবলৈ ভাষা আৰু সাহিত্যৰ বাদে সুগম বাট আন নাই৷ আকৌ ভাষাতকৈ সাহিত্য এখোজ আগবঢ়া৷ সেইকাৰণে জাতীয়ত্বৰ চিনাকি দিয়াত সাহিত্য তাতোকৈ এখোজ আগুৱাই যায়৷ গতিকে মানুহৰ জাতি আৰু ধৰ্ম সাহিত্যৰ ভেটি হ’লেও সি সাহিত্যৰ আচলত ধৰিহে আগবাঢ়িব পাৰে৷’’[১]
  2. যি জাতিৰ সাহিত্য ব্যৱহাৰ্য ভাষাৰ পৰা ক্ৰমাৎ নিলগ হৈ যায়, সেই জাতিৰ জাতীয় জীৱনো খীণাবলৈ ধৰে৷ আনকি কেতিয়াবা তাৰ অস্তিত্বও লোপ পাবগৈ পাৰে৷[২]
  3. সাহিত্যই জাতীয়ত্বৰ আচল চিনাকি৷ সাহিত্যই জাতীয়ত্বৰ প্ৰকৃত জীৱন৷ সাহিত্য অবিহনে কোনো জাতিৰ অস্তিত্ব টিকিবৰ সম্ভাৱনা নাই৷[৩]
  4. “....সাহিত্যৰ ভাষা সততে প্ৰাঞ্জল আৰু সৰ্বসাধাৰণৰ বোধগম্য হলেহে তাৰ দ্বাৰা জাতীয় জীৱন গঢ়িত হব পাৰে নহলে সি জাতিটোৰ উন্নত এটা শ্ৰেণীক ফালি নি তাক নিশকতীয়া আৰু মৰামুৱা কৰে। কিয়নো ভাষাত অকল শিক্ষিতৰ আধিপত্য নৰজে ই জনসাধাৰণৰহে সম্পত্তি। সাহিত্যৰ ৰচনা কঠিন হলে সি ক্ৰমাত জনসাধাৰণৰ ভাষাৰ পৰা নিলগ হৈ যায় আৰু শেষান্তৰত সি তাকৰীয়া পণ্ডিতমণ্ডলীৰ মাজতহে আৱদ্ধ হৈ ৰয়গৈ; গতিকে তাৰ দ্বাৰা এটা জাতিৰ আটাইবিলাক লোক একগোট হৈ জাতীয় জীৱন সুগঠিত হোৱাত অন্তৰায় ঘটে। সেই বাবেই আজিকালিৰ উন্নত জাতিবিলাকে জাতীয় সাহিত্যত কোৱা-ভাষা আৰু লিখা-ভাষাৰ মাজত পাৰ্য্যমানে ওচৰ সমন্ধ ৰাখিবলৈ চায়। যি জাতিৰ সাহিত্য কোৱা ভাষাৰ পৰা যিমান নিলগ হৈ যায়, সেই জাতিৰ জাতীয় জীৱন সিমান ক্ষীণাবলৈ ধৰে আৰু অন্তত কেতিয়াবা তাৰ অস্তিত্বও লোপ পায়গৈ।” (প্ৰথম অধিবেশন, ১৯১৭)[৪]
  1. বৰেণ্য অসমীয়া পৰেশ বৈশ্য, পৃঃ নং, ১৭৩
  2. অসমীয়া উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃঃ নং, ৩৩৯
  3. অসমীয়া উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃঃ নং, ৩৪২
  4. জেবিয়ান, জগন্নাথ বৰুৱা কলেজ আলোচনী, ১৮শ বছৰ, ১৯৫৮ চন, সম্পা: অৰুণ চন্দ্ৰ ভূঞা, অপূৰ্ব্ব বৰুৱা