সমললৈ যাওক

নীৰদ চি. চৌধুৰী

ৱিকিউদ্ধৃতিৰ পৰা

নীৰদ চন্দ্ৰ চৌধুৰী (ইংৰাজী: Nirad C. Chaudhuri; ২৩ নৱেম্বৰ ১৮৯৭ – ১ আগষ্ট ১৯৯৯) এজন ভাৰতীয় লেখক।[] ১৯৯০ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ে তেতিয়ালৈকে অক্সফৰ্ড চহৰৰ দীৰ্ঘদিনীয়া বাসিন্দা চৌধুৰীক ‘অনাৰেৰী ডিগ্ৰী ইন লেটাৰচ’ প্ৰদান কৰে। ১৯৯২ চনত তেওঁক ‘ কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ’ৰে (CBE) সন্মানীত কৰা হয়।

  • মুছলমানসকলে দেশত নিজৰ শাসন প্ৰতিষ্ঠা কৰাৰ সময়লৈকে (প্ৰায় ১২০০ খ্ৰীষ্টাব্দ) দেশখনৰ পুৰণি বাসিন্দা অৰ্থাৎ হিন্দুসকলে নিজৰ জীৱনীশক্তি ইমানেই হেৰুৱাই পেলাইছিল যে কঠিন বা অপ্ৰীতিকৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বা আনকি মুখামুখি হ’বলৈও অসক্ষম হৈ পৰিছিল।। সেইবাবে ইতিহাসে সৃষ্টি কৰা যিকোনো পৰিস্থিতিৰ ওচৰত তেওঁলোকে আত্মসমৰ্পণ কৰিছিল আৰু প্ৰশান্তিদায়ক কথাৰে বিবেকক নিজৰ মনৰ পৰা বহিষ্কাৰ কৰি শান্তিৰে থাকিবলৈ চেষ্টা কৰিছিল।
    • টাইম ফৰ ষ্টক টেকিং, হোৱাইটাৰ সংঘ পৰিবাৰৰ পৰা উদ্ধৃত। সম্পা. এচ আৰ গোৱেল, [৩১, বলজিত ৰায়], ১৯৯৭
  • মই কওঁ যে মুছলমানসকলৰ এটা মছজিদ অপবিত্ৰ হোৱাৰ অভিযোগ উত্থাপন কৰাৰ অকণো অধিকাৰ নাই। ১০০০ খ্ৰীষ্টাব্দৰ পৰা কাঠিয়াৱাৰৰ পৰা বিহাৰলৈকে, হিমালয়ৰ পৰা বিন্ধ্যলৈকে প্ৰতিটো হিন্দু মন্দিৰ লুটপাত আৰু ধ্বংস কৰা হৈছে। সমগ্ৰ উত্তৰ ভাৰতত এটাও মন্দিৰ থিয় হৈ নাথাকিল... মন্দিৰবোৰ ধ্বংসৰ পৰা ৰক্ষা পৰিল, কেৱল য’ত মুছলমান শক্তিয়ে ঘন জংঘল আদিৰ দৰে কাৰণত প্ৰৱেশ কৰিব নোৱাৰিলে। অন্যথা ই আছিল বৰ্বৰতাৰ এক অবিৰত দৌৰ। কোনো জাতিয়ে আত্মসন্মানেৰে এই কথা ক্ষমা কৰিব নোৱাৰে। আমাৰ মহিলাসকলক তেওঁলোকে নিজৰ দখললৈ লৈ গ’ল। আৰু জাজিয়া কৰ আৰোপ কৰিলে। সেই সকলোবোৰ আমি কিয় পাহৰি ক্ষমা কৰিম? অযোধ্যাত যি হৈছিল সেয়া নহ’লহেঁতেন, যদিহে মুছলমানসকলে এই ঐতিহাসিক যুক্তিটো এবাৰো স্বীকাৰ কৰিলেহেঁতেন। তেতিয়া আমি ক'ব পাৰিলোহেঁতেন: ঠিক আছে, অতীতক অতীতত থাকিব দিয়া আৰু চোৱা আমি এই সমস্যাটো কেনেকৈ সৰ্বোত্তমভাৱে সমাধান কৰিব পাৰো...
    • চানদে টাইমচ্ অফ ইণ্ডিয়া, আগষ্ট ৮, ১৯৯৩; সম্পাদক দিলীপ পাড়গাওকাৰৰ সৈতে নীৰদ চৌধুৰীৰ সাক্ষাৎকাৰ।
  • বাঙালীৰ মাজত মাতৃভক্তিক লৈ কেৱল অধিক দেখুওৱাৰ প্ৰবণতাই নহয়, ভণ্ডামিও দেখা যায়। তাৰ ভিতৰত আটাইতকৈ ঘৃণ্যৰূপটো দেখা যায় এটা প্ৰচলিত উক্তিত- সেয়া হ’ল বিয়া কৰাবলৈ যোৱাৰ আগত মাকক কোৱা হয়- মা, তোমাৰ বাবে মই দাসী আনিবলৈ যাওঁ। বিবাহ আৰু নৰনাৰীৰ সম্পৰ্কৰ ইয়াতকৈ গুৰুতৰ অৱমাননা কল্পনাও কৰা নাযায়। ইয়াৰ মাজত ভণ্ডামী ক’ত আছে, তাকে কওঁ। পুত্ৰই নিশাটোৰ বাবে বেশ্যা বিচাৰে, সেয়েহে মাকক দাসী আনি দিয়াৰ ভাও ধৰে। মাকে বিচাৰে দাসী, সেয়েহে পুত্ৰক বেশ্যা যোগাৰ কৰি দিয়ে।
    • আত্মঘাতী বাঙালী
  1. Nirad C. Chaudhuri | Bengali author and scholar (en ভাষাত). প্ৰকাশক: Encyclopedia Britannica.