সমললৈ যাওক

নীৰজ চোপ্ৰা

ৱিকিউদ্ধৃতিৰ পৰা
নীৰজ চোপ্ৰাৰ আলোকচিত্ৰ

নীৰজ চোপ্ৰা (ইংৰাজী: Neeraj Chopra, জন্ম: ২৪ ডিচেম্বৰ ১৯৯৭) হৈছে ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড খেলুৱৈ আৰু ভাৰতীয় সেনাৰ এগৰাকী জুনিয়ৰ কমিছনড বিষয়া (JCO)। ২০২১ চনৰ ৪ আগষ্টত তেওঁ পুৰুষৰ জেভেলীন থ্ৰ'ত ২০২০ টকিঅ' অলিম্পিকৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। তেওঁ ২০২১ চনৰ ৭ আগষ্টত ৮৭.৫৮ মিটাৰ থ্ৰ'ৰে পুৰুষৰ জেভেলীন থ্ৰ' প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে। ইয়াৰ লগে লগে তেওঁ স্বাধীনতাৰ পিছত এথলেটিকছত স্বৰ্ণ পদক অৰ্জন কৰা তেওঁ প্ৰথম ভাৰতীয় খেলুৱৈ হিচাপেও পৰিগণিত হয়।

  1. সফলতাৰ বাসনাই যেতিয়া আপোনাৰ টোপনি হৰে, পৰিশ্ৰমৰ বাহিৰে যেতিয়া অইন সকলোবোৰেই আপোনাৰ অপ্ৰিয় হৈ উঠে, অবিৰতভাৱে কাম কৰিও যেতিয়া আপুনি ক্লান্ত অনুভৱ নকৰে, জানি ল'ব যে সফলতাৰ এক নতুন ইতিহাস উন্মোচিত হ'ব ধৰিছে।[১]