নীল ডিগ্ৰাছ টাইছন

ৱিকিউদ্ধৃতিৰ পৰা

নীল ডিগ্ৰাছ টাইছন (ইংৰাজী: Neil deGrasse Tyson) এগৰাকী আমেৰিকান জ্যোতিৰ্পদাৰ্থবিজ্ঞানী আৰু বিজ্ঞান লেখক তথা জনপ্ৰিয়কাৰক।

২০১৪ চনত নীল ডিগ্ৰাছ টাইছন

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • বিজ্ঞানৰ ভাল কথাটো এইটোৱেই যে আপুনি ইয়াক বিশ্বাস কৰকেই বা নকৰক, ই কিন্তু সঁচা।
  • আমি সকলো সংযুক্ত হৈ আছোঁ। ইজনে সিজনৰ লগত জৈৱিকভাৱে। পৃথিৱীৰ লগত ৰাসায়নিকভাৱে। বাকী বিশ্বব্ৰহ্মাণ্ডৰ লগত পাৰমাণৱিকভাৱে।
  • আপোনাৰ ভৰকেন্দ্ৰ হৈছে এনে এক ঠাই যলৈ আপুনি ভ্ৰমণ কৰিব নোৱাৰে, কিন্তু আপুনি সদায় ইয়াক লগত লৈ ফুৰে। স্মৃতিৰ দৰে ইও জীৱনৰ বস্তু-বাহানিৰ এক অংশ।[১]
  • আমি সকলো বৈজ্ঞানিক পৰ্যবেক্ষণৰ ভিতৰত আটাইতকৈ সহজ পৰ্যবেক্ষণতো ব্যৰ্থ হওঁ— কোনেও মূৰ তুলি নাচায়।[২]
  • মানুহে ভাল পায় যেতিয়া তেওঁলোকে আগতে বুজিব নোৱাৰা বুলি ভবা কিবা এটা বুজি পায়। ই এক সবলীকৰণৰ ভাৱ৷[৩]
  • এটা কথা নিশ্চিত যে জীৱনত যিমানেই গভীৰভাৱে বিমোৰত পৰিছে, সিমানেই নতুন ধাৰণাবোৰৰ প্ৰতি আপোনাৰ মনটো মুকলি হৈ পৰিছে।[৪]
  • যিকোনো বিন্যাসতেই মই গ্ৰহবোৰৰ অনুৰাগী৷ মোৰ যেতিয়া জন্ম হৈছিল তেতিয়া বুধ, শুক্ৰ, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন, প্লুটো, সূৰ্য্য, চন্দ্ৰ আদি সকলো আকাশত আছিল।[৫]
  • আদালতত প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য যিয়েই নহওক কিয়, বিজ্ঞানৰ আদালতত ইয়েই আটাইতকৈ নিম্ন প্ৰকাৰৰ প্ৰমাণ।[৬]
  • বিজ্ঞান হৈছে আৱিষ্কাৰৰ এক দৰ্শন। বুদ্ধিমান অভিকল্পনা হৈছে অজ্ঞানতাৰ দৰ্শন।[৭]
  • বিশ্বব্ৰহ্মাণ্ডখনে আপোনাৰ বাবে যুক্তিযুক্ততা প্ৰদান কৰাৰ কোনো বাধ্যবাধকতা নাই।
  • স্ব-চালিত শিক্ষাতকৈ ডাঙৰ শিক্ষা একো নাই।
  • বিজ্ঞান সাক্ষৰতা হৈছে সেই ধমনী, যাৰ মাজেৰে কাইলৈৰ সমস্যাবোৰৰ সমাধান প্ৰবাহিত হয়।

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Neil deGrasse Tyson, Universe Down to Earth, p. 79
  2. Neil deGrasse Tyson, The Sky Is Not the Limit, p. 115
  3. Exceptional Research Opportunities Program meeting, HHMI, May 15 and 16, 2008
  4. Neil deGrasse Tyson, Death by Black Hole, p. 305
  5. Neil deGrasse Tyson, The Sky Is Not the Limit, p. 110
  6. The Amazing Meeting, Keynote Speech, 2008
  7. Neil deGrasse Tyson, Death by Black Hole, p. 361