সমললৈ যাওক

নিৰ্বাচিত অসমীয়া গল্প

ৱিকিউদ্ধৃতিৰ পৰা

অৰিন্দম বৰকটকী (ইংৰাজী: Arindam Borkataki; জন্ম: ১৯৭৬) একাধাৰে লেখক, সমালোচক, সম্পাদক আৰু অধ্যাপক। তেওঁ অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশ পোৱা প্ৰকাশ আলোচনীৰো সম্পাদক আছিল। অনুশীলন গ্ৰন্থৰ বাবে তেওঁ ২০১১ বৰ্ষত সাহিত্য অকাডেমি যুৱ বঁটা[১][২] আৰু মুনীন বৰকটকী বঁটা লাভ কৰে।[৩] তেওঁ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষক।[৪][৫] নিৰ্বাচিত অসমীয়া গল্প, আধুনিক অসমীয়া গল্পৰ প্ৰতিনিধিত্বমূলক আৰু পৰিচয়সূচক সংকলন হিচাপে এই গ্ৰন্থখনি প্ৰস্তুত কৰা হৈছে।সংকলন সম্পাদনা অৰিন্দম বৰকটকী। প্ৰকাশ ২০০৫।প্ৰকাশন-ক্ৰান্তিকাল প্ৰকাশন

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

নিৰ্বাচিত অসমীয়া গল্প

  1. প্ৰেম আৰু বৈবাহিক সম্বন্ধ দুটা সদায় পৰস্পৰ বিভিন্ন বস্তু; যদিও আমি সকলো সময়তে ভুলকৈ আৰু বলেৰে দুয়োটিকে একে ঠাইতে আৱদ্ধ কৰি ৰাখিব খোজোঁ।
  1. বান্ধৱীৰ বন্ধুত্ব নালাগে বন্ধুৰ বন্ধুত্বও বিবাহিতা পত্নীৰ মনত এটা ইৰ্ষাৰ বস্তু।
  1. যুদ্ধ শেষ হ'লেও মিলিটাৰীৰ কিটবেগ কঢ়িওৱা ফেছ'নেবল অভ্যাসটো অটুট ৰাখিবৰ কাৰণে যুদ্ধোত্তৰ সংস্কৃতিৰ ডাঙৰ অৱদান ৰৈ গ'ল-বেগ। মোনা। নগা মোনা, খামটি মোনা, থৈলাৰ মোনা, প্লাষ্টিকৰ মোনা, হেম্ডলুম কাপোৰৰ মোনা-সকলো নিৰ্বিশেষ হৈ কেৱল 'বেগ' বোলা যিটো সাৰ্বজনীন বস্তুৰ প্ৰচলন হ'ল-তাৰ স্থান হ'ল সকলোৰে কান্ধত-ডেপুটি কমিচনাৰ, চাপ্ৰাচী, প্ৰফেচাৰ, ছাত্ৰ-আপামৰ সকলোৰে। এই সাৰ্বজনিন নতুন উদ্ভাৱনে আমাৰ দেশৰ 'কেৰেজ এণ্ড ট্ৰেন্সপ'ৰ্ট' সমস্যাৰ বহুখিনি সমাধান কৰিলে।
  1. ভাতে ভোক নামাৰে, মাতে মাৰে।[৬]
  1. সিহঁতৰ কালত যৌৱনৰ বতৰ মুকলিমূৰীয়া আছিল; মৰমত কোনো মল নাই, হাঁহি আৰু সম্ভোগৰ এটি বৈ থকা সুঁতি। ইটোৱে সিটোক এৰি থকাৰ কথা ভাবিবকে নোৱাৰে।
  1. তাৰপিছত ক’লে,‘মোক কিয় সুধিছা? নিজকে সোধা; তোমালোকৰ মাটি, তোমালোকৰ দেশ। তোমালোকে কাৰোবাক থানা পাতি,কাছাৰি পাতি থাকিবলৈ দিলে কোনোবা থাকিব পাৰিব,নহলে নোৱাৰে।’
  1. ঠগীৰামে চকুপানী টুকি টুকি ক'লে, 'আমাৰ আবাল বৃদ্ধ-বনিতাই আমাৰ কাৰণে কেঁচা তেজ দান কৰিছে। আমাৰ যিবোৰৰ শৰীৰত এতিয়াও তেজ বলি আছে, সেইবোৰৰ এইবাৰ মৰিবৰ পাল, আহক, সকলোৱে আজি ইয়াত সঙ্কল্প লওঁ-কৰিম, কিম্বা মৰিম।'
  1. সোণৰ কলং, ৰূপৰ কলং, সোঁতৰ ছেৱে ছেৱে নাচে। কলং আজিও বয়, অতীত পিছত থৈ...।[৭]৭৬
  1. মাক-বাপেকে নিজৰ আটাইবোৰ সন্তানকে সমানে ভাল পায় যদিও বিশেষ কোনোবা এটালৈ হয়তো তেওঁলোকৰ মনত এটা গোপন দুৰ্বলতা থাকে ঠিক তেনেকৈ বুধিৰামে গোটেই জাক গৰুকেই প্ৰাণভৰি ভাল পায় যদিও দহাঁৰ কাৰণে তাৰ হৃদয়ত এডুখৰি সুকীয়া ঠাই আছে।[৮]
  1. নাৰীৰ বিষয়ে সকলো নিয়াৰিকৈ জানিবলৈ মোৰ মন টো পূৰঠ নহ'লেও এই কথা নিশ্চয়কৈ কব পাৰোঁ যে এবাৰ যদি কেনেবাকৈ নাৰীৰ পৰপুৰুষত মন বহিল অথবা মনৰ গুপুত বতৰা ৰ'দ-কাঁচলিলৈ ওলোৱাত এৰা পৰিল,তেনে নাৰী দেখাত যিমানেই চকচকীয়া হওক লাগে তেওঁক সামৰি ললে সম্পদতকৈ আপদহে বেছি; কোন দিনা স্বামীগুৰুৰ মান-সন্মানত খোঁট দি ভুজংগিনী পলাই যায় তাৰ মহিমা বুজী টান।
  2. মানুহে এজনক শ'লাগ লোৱাও ভাল নাইবা শত্ৰুতা কৰাও ভাল; কিন্তু এজনৰ প্ৰতি উদাসীন হোৱাৰ দৰে দ্বিতীয় শাস্তি দিয়াৰ উপায় নাই।
  3. আগৰ ঋষি-মুনিসকলেও মানুহৰ হিয়াৰ সনাতন আকাংক্ষাক মূল্য দিছিল। এটা শ্লোকত কি আছে জান? আকুল হৈ নাৰীয়ে প্ৰেম নিবেদন কৰিলে তাত পাপ-পুণ্যৰ প্ৰশ্ন উঠিব নোৱাৰে।[৯]
  4. উঃ সেইবোৰ শূদিৰ-বামুণ-গৰিয়া-মুছলমান চব খোলাকটিৰ তাল। মানুহহে লাগে আমাক-কাটিলে তেজ ওলোৱা মানুহ।[১০]
  5. মানুহ সময়ৰ পৰা সময়লৈ পাৰ হৈ যায় সময়ৰ মাজেৰে, ক'ব নোৱাৰাকৈয়ে। আৰু কবনোৱাৰাকৈয়ে পাছফালে এখন দুৱাৰ নিঃশব্দে বন্ধ হৈ যায়।[১১]

তথ্য সূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ..:: SAHITYA : Akademi Awards ::... প্ৰকাশক: . Welcome to Sahitya Akademi.. আহৰণ কৰা হৈছে: 2016-05-05.
  2. Yuva Puruaskar (List of Winners 2011-2018). প্ৰকাশক: General Knowledge Book. Archived from the original on 2019-03-06.
  3. মুনীন বৰকটকী স্মাৰক ন্যাস. প্ৰকাশক: www.muninbarkotoki.org.
  4. ADP College. প্ৰকাশক: adpcollege.ac.in.
  5. দাশ ৰমা (২০০৫)। নিৰ্বাচিত অসমীয়া গল্প (অচল টকা)। ক্ৰান্তিকাল প্ৰকাশন, পৃষ্ঠা:১২,১৩।
  6. মালিক চৈয়দ আব্দুল (২০০৫)। নিৰ্বাচিত অসমীয়া গল্প (লাইফ্ টো- আইমীন)। ক্ৰান্তিকাল প্ৰকাশন, পৃষ্ঠা:৪১,৫৪।
  7. ভট্টাচাৰ্য্য বীৰেন্দ্ৰ কুমাৰ (২০০৫)। নিৰ্বাচিত অসমীয়া গল্প (কলং আজিও বয়)। ক্ৰান্তিকাল প্ৰকাশন, পৃষ্ঠা:৬১,৭১,৭৩,৭৬।
  8. বৰ গোহাঞি হোমেন (২০০৫)। নিৰ্বাচিত অসমীয়া গল্প (গৰখীয়া)। ক্ৰান্তিকাল প্ৰকাশন, পৃষ্ঠা:১৪৮।
  9. বৰা লক্ষ্মীনন্দন (২০০৫)। নিৰ্বাচিত অসমীয়া গল্প (এৰাবাৰীৰ লেছেৰি)। ক্ৰান্তিকাল প্ৰকাশন, পৃষ্ঠা:১৫৯,১৬৮,১৭১।
  10. গেস্বামী মামনি ৰয়ছম (২০০৫)। নিৰ্বাচিত অসমীয়া গল্প (সংস্কাৰ)। ক্ৰান্তিকাল প্ৰকাশন, পৃষ্ঠা:২২৪।
  11. শৰ্মা অপূৰ্ব (২০০৫)। নিৰ্বাচিত অসমীয়া গল্প (বাহিৰলৈ যোৱা বাট)। ক্ৰান্তিকাল প্ৰকাশন, পৃষ্ঠা:২৭৬।