নিচান চাহিব
অৱয়ব
নিচান চাহিব হ'ল জয়ন্ত মাধৱ বৰা ৰচিত এখন সামাজিক উপন্যাস। সামাজিক উপন্যাস হ'লেও ইয়াত বুৰঞ্জীৰো প্ৰভাৱ পৰিছে। অসমীয়া শিখসকলৰ ঐতিহ্যক সমল হিচাপে লৈ কল্পনাৰ ৰহন সানি উপন্যাসখন আগবাঢ়িছে । অসমীয়া শিখসকলক পাঠকৰ কাষ চপাই অনাৰ উদ্দেশ্যে ঔপন্যাসিকে এই উপন্যাসখন লিখিছে বুলি পাতনিতে উল্লেখ কৰিছে। মানুহৰ সংমিশ্ৰণেই হৈছে জাতি গঠনৰ প্ৰক্ৰিয়া। অসমীয়া শিখসকলেও অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত সংপৃক্ত হৈ পৰিছে। গুৰু নানকৰ দৰ্শনেৰে সমৃদ্ধ শিখ ধৰ্ম আৰু শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ মূলমন্ত্ৰৰ সাদৃশ্যতাৰ বাবেও এই সংমিশ্ৰণ ত্বৰান্বিত হৈছে। এই উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ২০১৯ চনত 'বনলতা' প্ৰকাশনৰ পৰা।
উদ্ধৃতিসমুহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সৎনাম শ্ৰীৱাহে গুৰু, মাতাজী গুৰুদ্বাৰাৰ ফালে চাই কমলজিতে সোঁহাতখন বুকুত লগাই চকুহাল মুদি দিলে। [১]
- এই মাটিতে তাৰ জন্ম।তাৰ বাবাজীৰ ,তায়াজীৰ,দাদাজীৰ জন্ম। তেওঁলোকৰো পূৰ্বপুৰুষ অসমলৈ আহিছিল মান সেনাই সেই অসম আক্ৰমণ কৰাৰ সময়তে।এইবোৰ কথা সি পঢ়িছে। মানে বঙালীসকল অহাৰ আগতেই অসমীয়া শিখসকল আহিছিল?[২]
- কাষত ৰখা টেক্টৰখনত উন্নত প্ৰযুক্তিৰ ছাউণ্ড চিষ্টেমত'ভাংৰা'ৰ তালত নাচি উঠিছে পথাৰৰ মাটি। সেই মাটিত লহপহকৈ শস্য গজিবই।কামৰ সৰু-বৰ নাই।[৩]
- 'গুৰুগ্ৰন্থ চাহিব'তেই গুৰু নানক আৰু আন ৩৫ গৰাকী দৈৱিক লিখকৰ বাণী তথা শিখ ধৰ্মৰ নীতি আদৰ্শ লিপিবদ্ধ আছে।[৪]
- ঘনে ঘনে সলনি হৈছে চন্দ্ৰকান্ত সিংহৰ মন্ত্ৰনাকক্ষৰ পৰিবেশ।[৫]
- সেইযে মাতাজীয়ে 'নিচান চাহিব 'পুতি গুৰুদ্বাৰা স্থাপন কৰিলে, লাহে লাহে সেই ঠাইতে সৈন্যসকলে স্থানীয় ছোৱালী বিয়া পাতি হাবি ভাঙি এটা দুটাকৈ ঘৰ সাজিলে।[৬]
- স্বৰ্গদেউ প্ৰতাপ সিংহৰ অনুৰোধ অনুসৰি পাঞ্জাৱৰ ৰজাই চকী নিৰ্মানৰ অভিজ্ঞতা থকা আৰু যুদ্ধ বিদ্যাত পাৰ্গত কেইগৰাকীমান লোক পঠাই দিলে ৰহা অঞ্চললৈ।[৭]