সমললৈ যাওক

নিকোলাই অষ্ট্ৰয়ভষ্কি

ৱিকিউদ্ধৃতিৰ পৰা

নিকোলাই অষ্ট্ৰয়ভষ্কি(ইংৰাজী: Nikolai Alekseyevich Ostrovsky) নিকোলাই অষ্ট্ৰয়ভষ্কি ৰাছিয়াৰ বাস্তৱবাদী সমাজবাদী লেখক। তেওঁৰ জন্ম হৈছিল সেই সময়ৰ চোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত ইউক্ৰেইনৰ ভিলিয়া নামেৰে এখন গাঁৱৰ শ্ৰমিক পৰিয়াল এটাত ১৯০৪ চনৰ ২৯ ছেপ্তেম্বৰত। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ লগতে যুদ্ধৰ সৈনিক হিচাবে তেওঁ কেইবাবাৰো আহত আৰু গুলিবিদ্ধ হয়। পাছলৈ দুয়োটা চকু অন্ধ হৈ পৰে আৰু শয্যাগত হৈ বিছনাত পৰি থাকিবলগীয়া হয়। ১৯৩৬ চনৰ ২২ ডিচেম্বৰত তেওঁ মৃত্যুবৰণ কৰে। [] জীৱনকালত তেওঁ ৰচনা কৰা উপন্যাসসমূহৰ ভিতৰত 'হাউ‌ দি ষ্টিল লাজ টেমপেয়াৰড' (How the Steel Was Tempered) অন্যতম। এই গ্ৰন্থখনৰ বাবে তেওঁ ৰাছিয়াৰ সৰ্বোচ্চ সন্মান 'অৰ্ডাৰ অৱ লেনিন' লাভ কৰে। এই গ্ৰন্থখন তেওঁ অন্ধ অৱস্থাতেই লিখিছিল বুলি জনা যায়।

  1. জীৱন মানুহৰ প্ৰিয় সম্পদ।এবাৰেই  মাথোঁঁ পোৱা যায় নৰজনম।সেই হেতুকে জীৱনটোক এনেভাৱে বচাই ৰাখিব লাগে যাতে অবাৱত কটোৱা কালবোৰৰ বাবে জীৱনত অনুশোচনাৰ যন্ত্ৰনা ভূগিব লগা নহয়। অতীত জীৱনটো যাতে  গ্লানিকৰ হীনতাৰ লজ্জ্বা সহ্য কৰি দগ্ধতা ভূগিব লগীয়া নহয়। জীৱনটোক এনেভাৱে সঞ্জীৱিত কৰি ৰাখিব লাগে যাতে মৃত্যুৰ আগমুহূৰ্তত মানুহজনে এই কথাকে কৈ যাব পাৰে যে মই মোৰ জীৱনৰ সমগ্ৰ শক্তি মই দান কৰি আহিছোঁ বিশ্বৰ শ্ৰেষ্ঠ আদৰ্শৰ হকে,আৰু মানৱ সমাজৰ মুক্তিৰ বাবে কৰা সংগ্ৰামত।এই কাৰনে মানুহে জীৱনৰ প্ৰটিতো মুহূৰ্তকে সৎ ব্যৱহাৰত নলগালে কোনো আকষ্মিক ব্যাধি নাইবা শোকাবহ দুৰ্ঘটনাই জীৱন আয়ুস ছেদ কৰি দিলে সকলো অথলে যাব পাৰে।"[]
  1. https://pantheon.world/profile/person/Nikolai_Ostrovsky
  2. 'পাগত উঠা তীখা'পোৱাল বৰুৱা