সমললৈ যাওক

নলিনীবালা দেৱী

ৱিকিউদ্ধৃতিৰ পৰা

নলিনীবালা দেৱী (ইংৰাজী: Nalinibala Devi; জন্ম: ২৩ মাৰ্চ, ১৮৯৮ – মৃত্যু: ২৪ ডিচেম্বৰ, ১৯৭৭) এগৰাকী অসমীয়া কবি আৰু লেখিকা।[] অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল। তেখেতে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে অসাধাৰণ পাণ্ডিত্যৰ পৰিচয় দি গৈছে। অসমীয়া কাব্য সাহিত্যত অতিন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে জনাজাত। ব্যক্তিগত জীৱনৰ কাৰুণ্য ই কবিৰ ৰচনাৰ মূল উৎস। কবিয়ে প্ৰকৃতিৰ বিশাল প্ৰাঙ্গণত থিয় দি অনুভৱ কৰিছে সনাতন সৌন্দৰ্য। জাগতিক সৌন্দৰ্যৰ উৰ্ধত কবিয়ে বিচাৰি পাইছে ভগৱানৰ অবিনশ্বৰ সত্তা। অন্তৰৰ ৰহস্য সন্ধানৰ আকুল প্ৰচেষ্টা আৰু ভগৱৎ প্ৰেমেই কবিগৰাকীৰ কবিতাৰ ঘাই উপজীৱ্য। ভাৰতীয় দৰ্শনত বিশ্বাসী কবিৰ কবিতাত জন্মান্তৰবাদৰ প্ৰতি আস্থা স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়।[][]

  1. জ্ঞানোন্মেষৰ লগে লগে মোৰ মনত ঠাই পাইছিল, ঈশ্বৰ অসীম। অসীম পূজা সেৱাত মই তৃপ্তি নেপাইছিলোঁ। ভগৱান সমুখত, যি অনন্ত শক্তিৰ প্ৰভাৱত এই বিশ্বৰ সৃষ্টি আৰু ধ্বংসত পৰিণত হৈছে, যি শক্তিৰ প্ৰভাৱত এই অনন্ত গ্ৰহ উপগ্ৰহ সৌৰ জগতৰ আবৰ্তন বিবৰ্তন, যি মহান শক্তিৰ প্ৰকাশ এই ৰহস্যময়ী প্ৰকৃতি যি অনন্ত শক্তিৰ মুহুৰ্তৰো বিৰাম নাই, দৃশ্য অদৃশ্য এই জগতৰ যি নিগূঢ় চৈতন্যই কৰ্ম কৰিব লাগিছে, সেয়ে মোৰ ভগবান।[]
  2. সীমাহীন মানৱ-সত্ত্বাৰ, বিশ্ব-কৰ্মস্ৰোতৰ পৰিসমাপ্তি নাই৷[]
  3. মই ভাবোঁ চিৰ-জাগ্ৰত মানৱৰ আত্ম-সত্ত্বাই কৰ্ম-বিহীন হৈ থাকিব নোৱাৰে৷[]
  4. ভাৰতীয় দৰ্শনেই মোৰ কাব্যৰ উৎস৷ ভাৰতীয় দৰ্শনৰ মাজতে মই বিচাৰি পাইছোঁ সংঘাতে আৱৰা মোৰ জীৱনৰ শান্তিপথ৷[]
  5. শত শত অপ্ৰকাশ সত্যৰ প্ৰকাশ কৰিবলৈ সত্য তত্ত্বসমূহে আধাৰ বিচাৰি ফুৰে৷ কবি মানসত অপ্ৰকাশিত সত্য তত্ত্বসমূহ আহি প্ৰতিভাত হৈ পৰে৷[]
  6. এই পুৱা সময়তেই লেখিবলৈ বহিলে, লিখাবোৰ সহজতেই মনে সৃষ্টি কৰিব পাৰে, আন সময়ত লিখিবলৈ মই প্ৰেৰণা নেপাওঁ। দীঘলীয়া জীৱনত যি চিন্তাই মন অধিকাৰ কৰিছে সেই একে চিন্তাতে দিন বোৰ কাটি যায়। মনে এতিয়া অনন্ত শান্তি বিচাৰিছে। চকুৰ দৃষ্টিও ক্ৰমে হেৰাই গৈছে। তথাপিও প্ৰতিটো কৰ্মৰ আহ্বানত মনে জিৰণি নাপায়, সদায় লিখনি ধৰিব লগীয়া হয়। মই ভাৱোঁ চিৰ জাগ্ৰত মানৱৰ আত্ম- সত্ত্বাই কৰ্মবিহীন হৈ থাকিব নোৱাৰে।বিশ্বৰ কৰ্মপ্ৰৱাহে, মানুহৰ কৰিবলগীয়া কামখিনি কৰাই লৈ গৈ থাকে। সুন্দৰ কল্যাণ চিন্তাত মন অভ্যস্থ হ'লে, মানসৰ সুন্দৰ চিন্তাৰ প্ৰৱাহে শান্তিৰ পৰশ বুলাই থাকে। জীৱনৰ শেষ যাত্ৰাৰ আগলি বতৰা আহিছে। সমুখত অদীনব হাত বাউল। জীৱনৰ হেজাৰ ত্ৰুটিৰ ক্ষমা বিচাৰি বিদায় মাগিলো। বিদায় জন্মভূমি।" মেলিলো প্ৰথম চকু ,তোমাৰ কোলাতে আই জনমৰ আদিমপুৱাত, মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত। (জনমভূমি)[]
  7. আকাশে-বতাহে উপচি পৰা মৰমৰ সোঁতত উটি বুৰি মৰমৰ গধুৰ বোজা দাঙিব নোৱাৰা হলোঁ। আচৰিত হৈ ভাবোঁ, এই অশান্ত, অযোগ্য, ভাগ্যহীন জীৱনলৈ ধাৰাসাৰে বৈ অহা সৰ্বভাৰতৰ আদৰৰ চেনেহৰ ধাৰ এই ক্ষুদ্ৰতম জীৱনে কেনেকৈ পৰিশোধ কৰিব? মোৰ মাটিৰ মাতৃৰ চেনেহৰ ধৰুৱা হৈয়ে এই পৃথিৱী এৰি যাব লাগিব।
  8. তথাপি জানো এই সীমাহীন মানৱ সত্তাৰ শান্তি আছে? জিৰণি আছে? নাই! নাই! সীমাহীন মানৱ সত্তাৰ, বিশ্ব-কৰ্মস্ৰোতৰ পৰিসমাপ্তি নাই। কোনোবা অনাদি কালৰে পৰা কৰ্মসোঁতত উটি-বুৰি বিৰাম নোলোৱা এই মানৱ সত্তাৰ জিৰণি নাই।
  9. কৰমৰ ধৰুৱা অশান্ত জীৱন পুনৰ ঘূৰি আহিব লাগিব মাটিৰ পৃথিৱীলৈ। পৃথিৱীৰ আধৰুৱা কৰমৰ ভাৰ বান্ধি লৈ প্ৰেমৰ অৱদানৰ সম্বল বোকোচাত লৈ হৃদয়ত কৰ্মসেৱাৰ পৰম আত্ম- প্ৰশান্তিৰ প্ৰসাদৰ তৃপ্তি বুকুত বান্ধি এই যুগমীয়া অশান্ত আত্মাই বিশ্ব পৰিক্ৰমাৰ আৱৰ্তনৰ মহাযাত্ৰীৰূপে আগবাঢ়ি গৈ থাকিব লাগিব সীমাহীন অনন্তলৈ। এয়ে হ'ব পৰিসমাপ্তি, এয়ে হ'ব অশান্ত জীৱনৰ পৰম শান্তি, জীৱনৰ পৰম প্ৰশান্তি।
  10. মনলৈ অহা কথাবোৰ, কৰমপথৰ সোঁৱৰণবোৰ, চিত্ৰবোৰ আঁকি যাবলৈ কৰা যত্নত অভিজ্ঞতাবিহীন লিখনিৰ হেজাৰ ত্ৰুটিৰ, হেজাৰ ভুলৰ মোৰ মৰমী দেশৰ ৰাইজৰ ওচৰত নতশিৰে ক্ষমা মাগিলোঁ।
  11. সময়ৰ বালিত খোজ পেলাই পেলাই- বহুকাল আগতে এৰি অহা দিনবোৰলৈ উভতি চাইছো, তিনি কুৰি তেৰ বছৰ কালৰ বাট বুলনিত-চকুৰ আগত জিলিকি উঠিছে-এখনি ৰহস্যপূৰ্ণ জীৱন-নাটিকাৰ দৃশ্য।
  12. পাহৰণি-কুঁৱলীৰ আঁৰে আৰে চকা-মকা সোঁৱৰণিবোৰে মনৰ মাজত ভূমুকি মাৰিছেহি। অস্তগামী জীৱন-বেলি বুৰ যাওঁ যাওঁ, জীয়ন-নৈৰ পাৰঘাটত বহি আছো; মূৰত কদমফুলীয়া চুলি, চকুৰ মণি জ্যোতিহীন, সোমাই-অহা এন্ধাৰ সন্ধিয়াত বহি মাথোঁন মনৰ চকুৰে-অতীতত এৰি অহা দিনবোৰৰ সোঁৱৰণিৰ পাতবোৰ এটি এটিকে লুটিয়াই গৈ আছো। মনত পৰিছে সুদূৰ অতীতৰ সোণোৱালী ল'ৰালি কালৰ সেই মনোমোহা দিনবোৰলৈ।
  13. শুৱনি কল্পনাৰে ভৰপূৰ সপোন সপোন লগা সেই দিনবোৰ ক'লৈ গ'ল? আজি বাৰে বাবে মনত পৰিছে, কোন অতীজতে লীন হৈ যোৱা সোণালী শৈশৱৰ ফুল-পখিলাৰদৰে পৱিত্ৰ যুক্ত হাঁহি- আনন্দেৰে ওপচা সেই দিনবোৰলৈ।
  14. পাহৰণিৰ আঁৰত বুৰ যোৱা এৰি অহা তিনিকুৰি ওঠৰ বছৰৰ দীঘলীয়া বাট-বুলনিত বাটৰ দুকাষৰ নানান চিত্ৰবোৰ ছাঁয়াছবিৰ দৰে মনৰ দাপোণত জিলিকি উঠিছে। সীমিত নিৰ্ধাৰিত কক্ষত ঘূৰি ফুৰা এটি পপীয়া তৰাৰ দৰেই মানুহ জীৱন-জীৱনৰ কৰ্ম পৰিধিত ঘূৰি ঘূৰি এদিন শূন্যৰ মাজত তাৰ ক্ষীণ জ্যোতি শেষ হৈ যায়।
  15. মানুহে জীৱনৰ বাটত বাট বুলোতে জীৱনৰ হেজাৰ সংঘাতৰ কোব খাই স্মৃতিৰ ভঁৰালত বহু অভিজ্ঞতা আত্মপ্ৰত্যয় লাভ কৰা মানুহসত্তা পূৰ্ণ কৰি তোলাত সহায় কৰে।
  16. বৈচিত্ৰ্যহীন এই দীঘলীয়া জীৱনৰ বাতৰি পাবলৈ উঠি অহা তৰুণবোৰে উৎসুকতাৰে মোক হেজাৰ প্ৰশ্ন কৰে-মোৰ জীৱনৰ ঘটনাবোৰ লেখি থ'বলৈ সদায় সকীয়াই থাকে। প্ৰথিতযশা সুসাহিত্যিক শ্ৰীবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই আহি এদিন ক'লেহি, "জেঠাই! আপোনাৰ জীৱনৰ বিষয়ে কিবা লিখা আছে যদি মোক দিয়ক, 'নৱযুগ' কাকতত প্ৰকাশ কৰিম।"
  17. দীঘলীয়া জীৱনৰ এই কাহিনীখিনি নৱজীৱন প্ৰেছে মুদ্ৰণ কৰিবলৈ লোৱাত আৰু মোৰ পুত্ৰোপম শ্ৰীখগেন্দ্ৰনাৰায়ণ দত্তবৰুৱাই আগ গুৰি ধৰি সহায় কৰাতহে পুথিখনি প্ৰকাশ পোৱাটো সম্ভৱ হ'ল। এওঁলোকলৈ মোৰ আন্তৰিক চেনেহ-আশীৰ্বাদ যাচিলোঁ। বহুতে প্ৰশ্ন কৰে, দীঘলীয়া জীৱনৰ কালছোৱাত মই কি দেখিলোঁ, মই কি পালোঁ? ক'বলগীয়া হয় বহুত দেখিলোঁ, বহুত শুনিলো।[]
  18. দেখিলোঁ উনৈশ শতিকাৰ বৃটিছ শাসকৰ বেলি মাৰ নোযোৱা ৰাজত্বৰ ৰূপ-বগা চাহাবৰ ভয়ত আমঠু কঁপা মানুহে চাহাববোৰক দেৱতা যেন দেখা দিনবোৰ। মোৰ বিশাল অসমী আইৰ পৰ্বত-ভৈয়ামৰ ঋষি-মুনিৰ আশ্ৰমৰ দৰে তপোবন, ৰূপৰ শান্তিময় পুণ্য পৰিবেশ। প্ৰাচুৰ্য্যৰে উপচি পৰা শস্যে-মৎস্যে উভৈনদী অসমীয়া মানুহে ভোগ কৰি ওৰ পেলাব নোৱাৰা-দুখ দৰিদ্ৰতাৰ ভূ-নোপোৱা সেই দিনত জনমি জীৱনৰ বাল্যকাল কটালোঁ; উপভোগ কৰিলোঁ-আজিৰ এই যুগৰ লগত তুলনা নোহোৱা অসমীৰ অতুল সম্পদৰাশি।[]
  19. আকৌ দেখিলোঁ-কুৰি শতিকাৰ জাগৰণ, বহুদিন বৃটিছ শাসনত পৰাধীনা ভাৰত মাতৃৰ যুক্তিৰ আত্মজাগৰণৰ দিনবোৰৰ মনবলিয়া কৰা মুক্তি যু'জৰ দিনবোৰ। জাগ্ৰত ভাৰতৰ তেত্ৰিশ কোটি ভাৰতবাসীব ঐক্যময় যুক্তি-শঙ্খৰ যোৰ নিনাদ, অহিংস যুদ্ধত আত্মোৎসৰ্গ।[]
  20. মুক্তিৰ বলিয়াবানত জাপ দি সাঁতুৰি-নাদুৰি পাৰ উঠিলো। এই যুক্তিযুদ্ধত দেখিলোঁ-মানৱত্বৰ মহান মহিমা। প্ৰেম আৰু ত্যাগেৰে, আত্মসংযম আৰু তপস্যাৰে হিংসাক জয় কৰা দিনবোৰ। ভাৰতবৰ্ষৰ বহুযুগৰ তপস্যাৰ ফলত পালোঁ জাতিৰ চিৰ বাঞ্ছিত স্বাধীনতা।[]
  21. প্ৰতিমা বিসৰ্জন দি সকলো দৰ্শক খোজকাঢ়ি ঘৰাঘৰি যায়। ওপৰত দশমীৰ জোনাক। জোনাকে বুৰাই পেলোৱা পথাৰবোৰৰ মাজেৰে জাক পাতি খোজকাঢ়ি আহি কি যে ভাল লাগে। হায় সেই আনন্দ, সেই মিলাপ্ৰীতি, সেই নিৰ্ভয় বিশ্বাস আজি ক'ত হেৰাল? দেশৰ অগ্ৰগতিৰ ধূলিয়ে মানুহৰ মনবোৰতো ধূলিৰ ঢাকনি পেলাই অতীতৰ নিৰ্মল পৱিত্ৰ 'স্মৃতিবোৰ মচ খুৱাই পেলালে।সুৱঁৰিছোঁ আজি পাহৰিব নোৱাৰা সেই দিনবোৰৰ কথা।[]
  22. পুৱাৰ নিৰ্মল পোহৰত সাৰ পাই নিয়ৰ গছকি ফুৰিবলৈ লৰ মাৰো। হাতত কুকি লৈ তলসৰা শেৱালি বুটলি স্থলপদ্মবোৰ কুকি ওপচাই আনি গোসাঁই ঘৰত থওঁ। মালা গাথোঁ বিধে বিধে। মনৰ মাজত সুৰৰ গুঞ্জন অবিৰাম চলি থাকে। সুৰৰ আৱেশে পুৱাৰ প্ৰকৃতিৰ ধুনীয়া পৰিৱেশত শিশুমনত কি যে অপূৰ্ব পুলক জগাই তোলে। মুখত উলাহৰ জেউতি লৈ দৈনন্দিন কামবোৰ কৰে।[]
  23. শৈশৱ যৌৱনৰ দোমোজাত ভৰি দিছো। নৱ বসন্তৰ আগমনে কিশোৰী মনত ৰং সানিছে। কেউপিনে উলাহ আনন্দ ৰসে গন্ধে ভৰা পৃথিৱী সোণোৱালী ৰ'দালিৰ জিলমিলনিত জিলিকি উঠিছে। গছে-পাতে নৈয়ে-বিলে যেনিয়েই চাওঁ তেনিয়েই দেখো নতুন ৰং, নতুন ৰূপ। ফাগুনী বতাহৰ সতে পাতলীয়া মন উৰো উৰো কৰে।[]
  24. দুখৰ সংঘাতে ক্ষণিক জীৱনৰ সুখ অভিলাষ আলসুৱা ভাববোৰ অভিমান অহঙ্কাৰ পুৰি পুৰি ছাই কৰে। সেয়েহে ভাবো দুখ মানুহৰ পৰম বন্ধু। দুখ নাপালে মানুহৰ জীৱনত প্ৰকৃত শিক্ষা নহয়, দুখক পৰম প্ৰিয়ৰ দান বুলি সাদৰি ল'বলৈ মানুহ-জীৱন প্ৰস্তুত হ'ব লাগিব। স্বামীজীৰ 'বেদবাণী'ত এয়া অমোঘ মন্ত্ৰ। দুখ মানুহৰ পৰম বন্ধু। দুখে মানুহক অহঙ্কাৰমুক্ত কৰি ভগৱানৰ চৰণত আত্মসমৰ্পণ কৰিবলৈ শিকায়। দুখৰ সংঘাতে মানুহৰ আত্মা শুদ্ধ কৰে; বিনয়ী, সহিষ্ণু আৰু ধৈৰ্য্যশীল কৰি তোলে। দুখ মানুহ-জীৱনৰ সত্য পথ প্ৰদৰ্শক, 'বেদবাণী'।[১০]
  25. মানুহৰ জীৱনত এনে ধৰণৰ ব্যাকুলতা কেতিয়াবা আহে। এই জীৱনলৈ অহা অমৃত মুহূৰ্তৰ অনুভূতিবোৰেই কবিতাৰূপে সত্যপথৰ সন্ধান দিলে। দীঘলীয়া জীৱনত বিচাৰি ফুৰা শান্তিপথৰ সন্ধানে মনৰ মাজত নানা অনুভূতিৰ পৰশ বুলালে, যি অনুভূতিৰ কঁপনিয়ে ছন্দৰূপ ল'লে। মনত দৃঢ়বিশ্বাস হ'ল, জীৱনজোৰা দুখে পুৰি হৃদয় শুদ্ধ কৰি তোলে, জাগতিক কামনা-বাসনা, ভোগ-বিলাসৰ স্পৃহা মনৰপৰা আঁতৰি যায়; সকলো কৰ্মৰ মাজতে চিৰসুন্দৰৰ অনুভূতি জাগ্ৰত হয়। জীৱনত দুখ-কষ্টৰ মাজেৰেহে মনুষ্যত্বৰ প্ৰকৃত স্বৰূপ পৰিস্ফুট হ'বলৈ সুবিধা পায়। নিজৰ সুখ তুচ্ছ কৰি আনৰ কল্যাণ, সমাজৰ কল্যাণ চিন্তা কৰিবলৈ যত্ন কৰিলে মানুহে জীৱনত বিমল আনন্দ লাভ কৰিব পাৰে।[১১]
  1. কাব্যভাৰতী নলীনিবালা দেৱী. আহৰণ কৰা হৈছে: April 17, 2012.সাঁচ:Dead link
  2. অসমীয়া কবি আৰু কবিতা, নন্দ তালুকদাৰ
  3. সঞ্চয়ন
  4. অসীমৰ বীণ. আহৰণ কৰা হৈছে: 22 এপ্ৰিল 2024.
  5. ৫.০ ৫.১ ৫.২ ৫.৩ ৫.৪ দেৱী, নলিনীবালা (১৯৯৪)। এৰি অহা দিনবোৰ। লয়াৰ্ছ বুক ষ্টল, পৃষ্ঠা:৫,৩৩৬, ৩৬৮। ISBN: 81-7381-095-5
  6. ৬.০ ৬.১ ৬.২ ৬.৩ দেৱী,নলিনীবালা(১৯৯৪)।এৰি অহা দিনবোৰ।লয়াৰ্ছ বুক ষ্টল,পৃষ্ঠা-০৪
  7. দেৱী,নলিনীবালা(১৯৯৪)।এৰি অহা দিনবোৰ।লয়াৰ্ছ বুক ষ্টল,পৃষ্ঠা-১৪
  8. দেৱী,নলিনীবালা(১৯৯৪)।এৰি অহা দিনবোৰ।লয়াৰ্ছ বুক ষ্টল,পৃষ্ঠা-১৯
  9. দেৱী,নলিনীবালা(১৯৯৪)।এৰি অহা দিনবোৰ।লয়াৰ্ছ বুক ষ্টল,পৃষ্ঠা-৩৫
  10. দেৱী,নলিনীবালা(১৯৯৪)।এৰি অহা দিনবোৰ।লয়াৰ্ছ বুক ষ্টল,পৃষ্ঠা-৬২
  11. দেৱী,নলিনীবালা(১৯৯৪)।এৰি অহা দিনবোৰ।লয়াৰ্ছ বুক ষ্টল,পৃষ্ঠা-২১৩
:w:
:w: