সমললৈ যাওক

নয়নদীপ ডেকা বৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা

নয়নদীপ ডেকা বৰুৱা হৈছে এজন অসমীয়া গণিতজ্ঞ। তেওঁ এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এজন সংখ্যাতত্ত্ববিদ। শ্ৰীনিৱাস ৰামানুজনৰ গণিতৰ সৈতে জড়িত কৰ্মৰাজিৰ বাবে তেওঁ জনাজাত।[১] বিশেষকৈ তেওঁ সহযোগীসকলৰ সৈতে লগ লাগি বিভিন্ন পদ্ধতিৰে বিভিন্ন বিভাজন ফলনৰ ৰামানুজন-সদৃশ সৰ্বাংগসম সম্পৰ্ক(Ramanujan type congruences)ৰ বিকাশ সাধন কৰিছে। তেওঁ বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এজন অধ্যাপক।[২]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সৰুৰে পৰাই অংক কৰি ভালেই পাইছিলোঁ। অংক এটা কৰোঁতে নিজাববীয়াকৈ চিন্তা কৰাৰ বাট এটা পাইছিলোঁ, সেই কথাটোৱে মোক আকৰ্ষণ কৰিছিল। টান অংক একোটাৰ উত্তৰ উলিয়াব পাৰি বিমল আনন্দ পাইছিলোঁ।[১]
  2. ধনাত্মক অখণ্ড সংখ্যা এটাক দুটা, চাৰিটা, ছটা আদি পূৰ্ণবৰ্গৰ যোগফল হিচাপে কিমান ধৰণে লিখিব পাৰি আদি সূত্ৰ ... ৰ তত্ত্বেৰে সহজকৈ প্ৰমাণ কৰিব পাৰি। কেৱল সেয়াই নহয় বিভিন্ন সংখ্যাতাত্ত্বিক ফলনবোৰৰ মাজৰ সম্পৰ্কবোৰ বুজাতো ই যথেষ্ট সহায়ক। যেতিয়া নিজাববীয়াকৈ কিছুমান মাপাংকীয় সমীকৰণ প্ৰমাণ কৰিব পাৰিলোঁ, থেটা ফলন আৰু অবিৰত ভগ্নাংশ আদিৰ নতুন কেইটামান সুস্পষ্ট মান নিৰ্ণয় কৰিব পাৰিলোঁ, তেতিয়া আত্মবিশ্বাস বাঢ়িল আৰু বিষয়টো ভাল পাবলৈ ধৰিলোঁ। [১]
  3. ড◦ ভবেন্দ্ৰনাথ শইকীয়াৰ লেখাবোৰ মোৰ অতিকে প্ৰিয়, বিশেষকৈ গল্পবোৰ। তেখেতৰ গল্প নিৰ্মাণৰ যি অপূৰ্ব শৈলী, মনত দকৈ সাঁচ বহুৱাব পৰা যি বাস্তৱসন্মত চৰিত্ৰৰ সৃষ্টি, পাঠকক বহু দেৰিলৈকে ভবাই তুলিব পৰা গল্পৰ পৰিণতি, সেইবোৰ বৰ আকৰ্ষণীয় বুলি ভাবোঁ। [১]
  4. Ernest Hemingway ৰ The Old man and the Sea হ’ল মোৰ এখন প্ৰিয় কিতাপ। হাৰ নমনা চাণ্টিয়াগ' যেন সকলোৰে গভীৰ প্ৰেৰণাৰ উৎস। [১]
  5. গণিত বিষয়টো এক বিমূৰ্ত বিজ্ঞান বুলিয়েই ভাবোঁ। আনকি প্ৰায়োগিক প্ৰয়োজনৰ বাবে বিকশিত গণিতৰ অংশটোও অবিমিশ্ৰিত ভাৱেহে আৰম্ভ হয়। [১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ পংকজ জ্যোতি মহন্ত, সম্পাদক (জানুৱাৰী-মাৰ্চ ২০২১). "সাক্ষাৎকাৰ - গণিত আৰু কিতাপৰ জগতত". গণিত বিকাশ ৬৮: ৩-৬. 
  2. http://www.tezu.ernet.in/dmaths/people/faculty.html