দ্ৰৌপদী মূৰ্মু

ৱিকিউদ্ধৃতিৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
২০১৬ চনত মূৰ্মু

দ্ৰৌপদী মূৰ্মু (ইংৰাজী: Draupadi Murmu; জন্ম: ২০ জুন ১৯৫৮) বৰ্তমান ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ পিছত তেওঁ ভাৰতৰ ১৫তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ২০১৫ চনত তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল। ৰাজ্যপাল পদত নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী আদিবাসী ততা জনজাতীয় মহিলা। ইয়াৰ লগতে তেওঁ ঝাৰখণ্ডৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপাল আছিল। তেওঁ ওড়িশা বিধানসভাৰ ৰায়ৰংপুৰ বিধানসভা সমষ্টিৰ সদস্য আছিল। ভাৰতীয় জনতা পাৰ্টি আৰু বিজু জনতা দলৰ সন্মিলিত চৰকাৰত তেওঁ বাণিজ্য আৰু পৰিবহন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী আৰু মীন,পশুধন উন্নয়ন বিভাগৰ মন্ত্ৰী পদতো কাৰ্যনিৰ্বাহ কৰিছিল।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • এয়া ভাৰতৰ গণতন্ত্ৰৰ শক্তি যে দুখীয়া জনজাতীয় ঘৰত জন্মগ্ৰহণ কৰা ছোৱালীয়েও সাংবিধানিক শীৰ্ষত উপনীত হ’ব পাৰে।
  • যুগ যুগ ধৰি বঞ্চিত হোৱা আৰু উন্নয়নৰ সুবিধাৰ পৰা বঞ্চিত হোৱা, সেই দুখীয়া, নিপীড়িত, পিছপৰা আৰু জনজাতীয় লোকসকলে মোৰ মাজত নিজৰ প্ৰতিফলন দেখিবলৈ পোৱাটো মোৰ বাবে এক বৃহৎ সন্তুষ্টিৰ বিষয়।
  • মই আচৰিত হোৱাৰ লগতে আনন্দিতও। সুদূৰ ময়ুৰভঞ্জ জিলাৰ এগৰাকী জনজাতীয় মহিলা হিচাপে মই শীৰ্ষ পদৰ প্ৰাৰ্থী হোৱাৰ কথা ভবা নাছিলোঁ
  • মোৰ চৰকাৰৰ স্পষ্ট মতামত যে দুৰ্নীতি গণতন্ত্ৰ আৰু সামাজিক ন্যায়ৰ আটাইতকৈ ডাঙৰ শত্ৰু। সেইবাবেই বিগত বছৰ ধৰি দুৰ্নীতিৰ বিৰুদ্ধে অবিৰত যুঁজ চলি আছে। আমি নিশ্চিত কৰিছো যে সৎসকলক ব্যৱস্থাত সন্মান কৰা হ’ব। সমাজৰ দুৰ্নীতিগ্ৰস্তৰ প্ৰতি যাতে কোনো ধৰণৰ সহানুভূতি নাথাকে তাৰ বাবে দেশত সামাজিক চেতনাও বাঢ়িছে।[১]
  • ভাৰতৰ গণতন্ত্ৰ সমৃদ্ধিশালী আছিল, শক্তিশালী আছিল, ভৱিষ্যতেও শক্তিশালী হৈ থাকিব। ভাৰতৰ সজীৱতা অমৰ আছিল, ভৱিষ্যতেও ই অমৰ হৈ থাকিব।[১]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
  1. ১.০ ১.১ দ্ৰোপদী মূৰ্মুৰ ভাষণ. আহৰণ কৰা হৈছে: 15 জুলাই 2023.