সমললৈ যাওক

দ্য ৰূম অন দ্য ৰূফ

ৱিকিউদ্ধৃতিৰ পৰা

দ্য ৰুম অন দ্য ৰূফ (ইংৰাজী: The Room on the Roof) হৈছে সাহিত্য অকাডেমী বঁ‌টা বিজয়ী ভাৰতীয় ইংৰাজ সাহিত্যিক ৰাস্কিন বণ্ডে ৰচনা কৰা এখন উপন্যাস। এই গ্ৰন্থখন আছিল বণ্ডৰ প্ৰথমটো সাহিত্য ৰচনা। বণ্ডে সোতৰ বছৰ বয়সতে উপন্যাসখন লিখি উলিয়াইছিল আৰু ইয়াৰ বাবে তেওঁ ১৯৫৭ চনত জন লেৱেলিন ৰাইছ বঁটা লাভ কৰিছিল। উপন্যাসখনত ডেৰাডুনত বাস কৰা সোতৰ বছৰীয়া ভাৰতীয়-ইংৰাজ ল'ৰা ৰাষ্টিক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে লোৱা হৈছে। ৰাষ্টিয়ে তেওঁৰ অভিভাৱক শ্ৰীযুত হেৰিছনৰ কঠোৰ শাসনৰ বাবে তেওঁ নিজৰ ভাৰতীয় বন্ধুবৰ্গৰ সৈতে থাকিবলৈ ঘৰৰ পৰা পলাই যায়।

  1. যেতিয়া আমি কমবয়সীয়া হৈ থাকোঁ‌, আমি সপোন এটা অনুসৰণ কৰিবলৈ যথেষ্ট অস্বস্তি সহ্য কৰিব পাৰোঁ। যদি পঁয়ত্ৰিশ বছৰৰ পিছতো, মই এতিয়াও মোৰ নিজৰ কাম কৰি আছোঁ, ইয়াৰ কাৰণ হৈছে মই সপোনটো পাহৰি যোৱা নাই। কোনো মানুহক আপোনাৰ সপোনটো কাঢ়ি নিবলৈ নিদিব। ই আপোনাক অন্তিম সময়লৈকে বাহাল ৰাখিব।[১]
  2. যদিহে আপুনি সত্যটো কেনেদৰে ৰখাই থ'ব লাগে জানে তেন্তে আপুনি মিছা মাতিব লগা নহয়।[১]