সমললৈ যাওক

দ্য শ্বশ্বেংক ৰিডেমশ্যন

ৱিকিউদ্ধৃতিৰ পৰা
মনত ৰাখিবা ৰেড, আশা এটা ভাল বস্তু, সম্ভৱতঃ আটাইতকৈ ভাল বস্তু, আৰু কোনো ভাল বস্তুৰেই কেতিয়াও মৰণ নাই।

দ্য শ্বশ্বেংক ৰিডেমশ্যন (ইংৰাজী: The Shawshank Redemption) হৈছে ১৯৯৪ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান চলচ্চিত্ৰ। চিত্ৰনাট্য আৰু পৰিচালনা ফ্ৰাংক ডাৰাবণ্টৰ। চলচ্চিত্ৰখন ১৯৮২ চনত প্ৰকাশিত ষ্টিফেন কিঙৰ ৰিতা হেৱ'ৰ্থ এণ্ড শ্বশ্বেংক ৰিডেমশ্যন শীৰ্ষক কিতাপখনৰ আধাৰত নিৰ্মাণ কৰা হৈছে।

  • মনত ৰাখিবা ৰেড, আশা এটা ভাল বস্তু, সম্ভৱতঃ আটাইতকৈ ভাল বস্তু, আৰু কোনো ভাল বস্তুৰেই কেতিয়াও মৰণ নাই। (ৰেডলৈ লিখা চিঠিত)
  • জীৱন যাপনত ব্যস্ত হোৱা অথবা মৃত্যু বৰণত ব্যস্ত হোৱা।
  • এটা কথা কওঁ বন্ধু। আশা এটা বিপদজনক বস্তু। আশাই মানুহক উন্মাদ কৰি তুলিব পাৰে।
এণ্ডি ডুফ্ৰেইন: তুমি জানানে মেক্সিকান সকলে পেচিফিকৰ বিষয়ে কি কয়?
ৰেড: নাজানো।
এণ্ডি ডুফ্ৰেইন: তেওঁলোকে কয় যে ইয়াৰ কোনো স্মৃতি নাই। তাতেই ম‌ই জীৱনৰ বাকী কালছোৱা কটাব বিচাৰোঁ। এখন উষ্ণ ঠাই য'ত স্মৃতি নাই।
  • ভয়ে আপোনাক বন্দী কৰি ৰাখিব পাৰে। আশাই আপোনাক মুক্ত কৰিব পাৰে।