সমললৈ যাওক

দ্য ল'লেণ্ড

ৱিকিউদ্ধৃতিৰ পৰা

দ্য ল'লেণ্ড আধুনিক সাহিত্য জগতত এগৰাকী লেখিকা ঝুম্পা লাহিড়ীৰ দ্বাৰা ৰচিত এখন আত্মজীৱনী। তেওঁৰ অন্য গ্ৰন্থসমূহৰ ভিতৰত ইণ্টাৰ্নেটৰ অৱ মালাডাল, দ্য নেমচক, দ্য আন একাষ্টমড্ আৰ্থ ইত্যাদি উল্লেখযোগ্য। তেওঁ ইতিমধ্যে পুলিৎজাৰ বঁটা, পি ই এন হেমিঙৱে এৱাৰ্ড আদি লাভ কৰিছে। ২০১২ চনত তেওঁ আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড লেটাৰ্ছত অন্তৰ্ভুক্ত হৈছে। 'দ্য ল' লেণ্ড' উপন্যাসখনৰ কাহিনী উপস্থাপন কৰা হৈছে এখন পিটনিত সংঘটিত হোৱা এক শোকাৱহ ঘটনাৰ পৰা। এই জটিল ঘাট- প্ৰতিঘাতপূৰ্ণ আৱেগৰ কাহিনীয়ে তিনিটা প্ৰজন্মৰ এক পাৰিবাৰিক গাথা আৰু দুখন মহাদেশৰ ভূগোল-বুৰঞ্জী সামৰি লৈছে।

  1. হঠাৎ সিহঁতে যেন টালিগঞ্জৰ পৰা আঁতৰি কোনো এখন বেলেগ পৃথিৱীত উপস্থিত হ'লহি। যান- বাহনৰ কোলাহল কাণত পৰিলেও একো এটা দেখা পোৱা নাযায়। সিহঁতৰ কেওফালে আছে বৃহৎ বৃহৎ নেগকেশৰ, ইউক্লিপটাছ, বটলব্ৰাছ, আৰু ৰঙা গুলঞ্চ ফুলৰ গছ। সুভাষে তেনেকুৱা মিহি সমান কোমল ঘাঁহ ক'তো দেখা নাই। হেলনীয়া মাটিৰ ভাঁজে ভাঁজে যেন পাৰি থৈছে এখন দলিচা। মৰুভূমিৰ বালিস্তূপৰ দৰে উঠা-নমা কৰা আৰু সাগৰৰ ঢৌৰ দৰে খেলা কৰা সেই সেউজবুলীয়া ধুনীয়া ঘাঁহনিডৰা। সমানকৈ কাটি থোৱা ঘাঁহখিনি হাতৰ স্পৰ্শত একেবাৰে সোমাই যায়। তলৰ ঘাঁহখিনিও গাৰ ছালৰ দৰে মসৃণ আৰু দেখাত অলপ পাতল ৰঙৰ সেউজীয়া।[]
  2. দুয়োখন ঠাই সমুদ্ৰপৃষ্ঠৰ কাষতে আৰু দাঁতিতে আছে নদীৰ মোহনা য'ত বিশুদ্ধ আৰু লুণীয়া পানী মিশ্ৰিত হয়। টালিগঞ্জ যেনেকৈ বহু যুগৰ আগতে সমুদ্ৰৰ পানীৰে পূৰ্ণ আছিল তেনেকৈ সমগ্ৰ ৰোড আইলেণ্ডো শুনামতে এসময়ত বৰফৰ চাদৰেৰে ঢকা আছিল। নিউ ইংলেণ্ডৰ ওপৰেদি হিমবাহ অগা-পিছা কৰি বাগৰি যোৱাৰ ফলত মাটি আৰু পাথৰ লৰচৰ কৰাত প্ৰচুৰ পৰিমাণে ধ্বংসাৱশেষৰ সৃষ্টি কৰিলে। ইয়াৰ ফলত উদ্ভৱ হ'ল উপসাগৰ, জলাহভূমি, বালিচৰ আৰু শিল-মাটি-বালিৰ স্তূপ। ফলস্বৰূপে বৰ্তমানৰ সমুদ্ৰৰ উপকূল ৰেখাৰ সৃষ্টি হ'ল।[]
  3. গৌৰীয়ে উদয়ণক কেইবছৰমানৰ বাবেহে জানিছিল। তাই তাক আৱিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিছিলহে মাত্ৰ। কিন্তু অন্য ধৰণেৰে গৌৰীয়ে উদয়ণক গোটেই জীৱন জানে যেন লাগে। তাৰ মৃত্যুৰ পিছত উদয়ণৰ স্মৃতিৰ পৰাই জন্ম হৈছিল সেই আভ্যন্তৰীণ মানসিক মুহূৰ্তবোৰ।গৌৰীয়ে এতিয়াই তাক জানিবলৈ চেষ্টা কৰে। তাক সহ্য কৰিব নোৱাৰে, আকৌ তাৰ অনুপস্থিতিত তাইৰ দুখ লাগে। ইয়াৰ বাহিৰে আন একো কথাই তাইক আমনি নিদিয়ে বা বেজাৰো নিদিয়ে।[]
  4. বেলাই আশা কৰে যে দেউতাকৰ লগত থকা সময়খিনি সহজ হৈ উঠিব। তাই আশা কৰে শিশু হিচাবে যিখন ৰোড আইলেণ্ডক তাই ভাল পাইছিল সেই ৰোড আইলেণ্ডে যেন তাইক মাকৰ কথা মনত পেলাই নিদিয়ে। মাকেতো এই ৰোড আইলেণ্ডক মুঠেই ভালপোৱা নাছিল। বেলাই যেতিয়া ঘৰলৈ আহে তাই নিজকে অবাঞ্চিত বুলি ভাৱে। মাকে কোনোদিনে তাইক বিচাৰি নাহিল। ৰোড আইলেণ্ডলৈ আহিলেই তেওঁৰ মনত ভাৱ হয় যে তাইৰ ভিতৰত যিখিনি কঠিন পদাৰ্থ আছে সেইখিনি গলি শেষ হৈ যায়। তাই যদিও দেউতাকক দেখা কৰিবলৈ আহে, যদিও দেউতাকৰ লগত তাইৰ শান্তিপূৰ্ণ সম্পৰ্ক, যদিও দেউতাকেই তাইৰ একমাত্ৰ পৰিয়াল, তথাপি বেলাই বেছি সময় ইয়াত থাকিব নোৱৰে। সকলো কথাই তাইৰ সহ্যৰ সীমাৰ বাহিৰত।[]
  5. বহুবছৰ আগতেই ডাঃ গ্ৰাণ্টে তাইক তাইৰ ভাৱ-অনুভূতিবোৰ লিখিতভাৱে প্ৰকাশ কৰিবলৈ কৈছিল। বেলাক কোৱা হৈছিল যে অনুভূতিবোৰ ম্লান হৈ গ'লেও কিন্তু সম্পূৰ্ণ হেৰাই নাযায়। তাই যলৈকে নাযাওক কিয় সেইবোৰ সদায় তাইৰ মানসিক প্ৰেক্ষাপটৰ অংশ হৈ থাকিব। মাকৰ অনুপস্থিতিয়ে বেলাৰ চিন্তা-ভাৱনাত চিৰস্থায়ী স্থান দখল কৰিব। বেলাক আৰু কোৱা হ'ল যে তাই কোনোদিনেই মাক আঁতৰি যোৱাৰ কাৰণ বিচাৰি নাপাব।[]
  1. লাহিড়ী, ঝুম্পা (ডিচেম্বৰ, ২০১৪)| দ্য ল' লেণ্ড | অসম পাব্লিচিং কোম্পানী | পৃষ্ঠা- ৭
  2. লাহিড়ী, ঝুম্পা (ডিচেম্বৰ, ২০১৪)| দ্য ল' লেণ্ড | অসম পাব্লিচিং কোম্পানী | পৃষ্ঠা- ৩৬
  3. লাহিড়ী, ঝুম্পা (ডিচেম্বৰ ২০১৪) | দ্য ল 'লেণ্ড | অসম পাব্লিচিং কোম্পানী | পৃষ্ঠা- ২৪৫
  4. লাহিড়ী, ঝুম্পা (ডিচেম্বৰ ২০১৪) | দ্য ল 'লেণ্ড | অসম পাব্লিচিং কোম্পানী | পৃষ্ঠা- ২৭৮
  5. লাহিড়ী, ঝুম্পা (ডিচেম্বৰ ২০১৪) | দ্য ল 'লেণ্ড | অসম পাব্লিচিং কোম্পানী |পৃষ্ঠা- ২৭৮