সমললৈ যাওক

দেৱাশীষ বৰা

ৱিকিউদ্ধৃতিৰ পৰা

দেবাশীষ বৰা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ (আইআইটি গুৱাহাটী) পদাৰ্থবিজ্ঞান বিভাগৰ এগৰাকী সহকাৰী অধ্যাপক।২০১৭ চনত অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে প্ৰদান কৰা যুৱ বিজ্ঞানী বঁটা, ২০১৮ চনত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ (DST) অন্তৰ্গত বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদে (SERB) প্ৰদান কৰা Early Career Research Award, ২০১৮-২০২১ পৰ্বৰ বাবে বাংগালোৰস্থিত ভাৰতীয় বিজ্ঞান শিক্ষায়তনৰ (Indian Academy of Sciences, IASc) সহযোগী, ২০১৯ চনত ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষায়তন ভাৰতে (National Academy of Sciences, India. NASI) প্ৰদান কৰা পদাৰ্থবিজ্ঞানৰ Young Scientist Platinum Jubilee Award,[১] আৰু ২০২০ চনত ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষায়তনে (Indian National Science Academy, INSA) প্ৰদান কৰা যুৱ বিজ্ঞানী বঁটা[২], আদি বিভিন্ন সন্মান ড° দেৱাশীষ বৰাক প্ৰদান কৰা হৈছে। [৩][৪]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. নতুন সূত্ৰ এটা আগবঢ়োৱাটো সহজ, সহজ বুলিয়েই কৈছোঁ। কিন্তু সেই সূত্ৰটোৱে পৃথিৱীৰ বিভিন্ন কোণত থকা পৰীক্ষাগাৰৰ প্ৰমাণবোৰৰ লগত খাপ খাইছে নে নাই, সেইটো কথা অতি গুৰুত্বপূৰ্ণ।[৩]
  2. সাধাৰণতে আমি কিছুমান অধ্যয়ন-ক্ষেত্ৰত ব্যৱহাৰ কৰা সূত্ৰবোৰ বেলেগ কিছুমান ক্ষেত্ৰত ব্যৱহাৰ নকৰিবও পাৰোঁ। তাৰ অৰ্থ এইটোও নহয় যে ইটোৱে-সিটোৰ বিৰোধিতা কৰে। যেনেকৈ, বল এটা দলিয়াই দি তাক অধ্যয়ন কৰিবলৈ মই কোৱাণ্টাম বলবিজ্ঞানৰ সূত্ৰ ব্যৱহাৰ কৰিবৰ দৰকাৰ নাই, সেইটোৰ কাৰণে মই নিউটনৰ সূত্ৰ ব্যৱহাৰ কৰিলেও হ’ব। কোৱাণ্টাম বলবিদ্যাই আৰু নিউটনৰ সূত্ৰই ইটোৱে সিটোক বিৰোধ নকৰে, কিন্তু দুয়োটা সূত্ৰৰ বৈধতাৰ ক্ষেত্ৰটো বেলেগ।[৩]
  3. আমাৰ বিশ্বব্ৰহ্মাণ্ডখন আচলতে এনেকুৱা এটা চিষ্টেম, গোটেই বিশ্বব্ৰহ্মাণ্ডখনেই এটা পৰীক্ষাগাৰ। এটা পৰীক্ষা চলি আছে। বিশ্বব্ৰহ্মাণ্ডখন যেনেকৈ প্ৰসাৰিত হৈ গৈ আছে, এইটোকে এটা পৰীক্ষা বুলি ক’ব পাৰোঁ। এইটো আমি কৰা নাই, নিজে নিজে হৈ আছে।[৩]
  4. কিবা এটা পঢ়ি থাকিলে বা কিবা এটাৰ বিষয়ে ভাবি থাকিলে লাগে যে এইটো এটা হয়তো সমস্যা বা এইটো এটা সাঁথৰৰ নিচিনা, যিহেতু উত্তৰটো মোৰ মনলৈ অহা নাই। সেইটো বিষয়ত আৰু অলপ ভাবিবলৈ চেষ্টা কৰোঁ নিশ্চয়কৈ। কিন্তু যদিহে গৱেষণাৰ দিশলৈ আনিব বিচাৰো বা সেইটো ফালৰ পৰা ভাবিব বিচাৰো, তেতিয়া প্ৰথম কথা এইটো চাব লাগিব যে সেইটো বিষয়ত কি কাম হৈছে। এই বিষয়ত মইয়ে প্ৰথম ভাবিছোঁ নে বেলেগ কোনোবাই ভাবিছিল আগতে। মই সেইটো জানিবলৈ চেষ্টা কৰোঁ, নিশ্চয়কৈ। আৰু ৯৯% সময় এইটোৱেই পাওঁগৈ যে এই কথাটো মাত্ৰ ময়ে ভবা নাই, বহুতে ভাবিছে আগতে আৰু বহুতে কাম কৰিছে।[৪]
  5. মই আজি কিবা এটা টপিকৰ বিষয়ে পঢ়ি ল’লোঁ, কাৰোবাক ক’লোঁ, সেইটো মোৰ কাইলৈ মনত নাথাকিবও পাৰে। গতিকে মই ভাবোঁ টপিক-ৱাইছ, কনটেণ্ট-ৱাইছ বস্তুবিলাক আছে, কিন্তু এটা ডেফ্টত যোৱাটো প্ৰয়োজন।[৪]
  6. মই ভাবো চৰকাৰী বিদ্যালয়সমূহেই শিক্ষা ব্যৱস্থাৰ মেৰুদণ্ড। যদি চৰকাৰী বিদ্যালয়সমূহেই নাইকীয়া হৈ যায়গৈ তেন্তে আমাৰ বহু সম্ভাৱনা থকা ছাত্ৰ-ছাত্ৰী শিক্ষাৰ পৰা বঞ্চিত হ’ব।[৪]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Error on call to সাঁচ:cite web: Parameters url and title must be specified. আহৰণ কৰা হৈছে: 21 মে' 2024.
  2. Error on call to সাঁচ:cite web: Parameters url and title must be specified. আহৰণ কৰা হৈছে: 21 মে' 2024.
  3. ৩.০ ৩.১ ৩.২ ৩.৩ "পদাৰ্থবিজ্ঞানী ড° দেবাশীষ বৰাৰ সৈতে এটি সাক্ষাৎকাৰ (১ম খণ্ড)". গণিত চ'ৰা. মে' ২০২১. Archived on ২০১০; no |archiveurl= specified . 
  4. ৪.০ ৪.১ ৪.২ ৪.৩ "পদাৰ্থবিজ্ঞানী ড° দেবাশীষ বৰাৰ সৈতে এটি সাক্ষাৎকাৰ (২য় খণ্ড)". গণিত চ'ৰা. মে' ২০২১. Archived on ২০১০; no |archiveurl= specified .