সমললৈ যাওক

দুলাল মানকি

ৱিকিউদ্ধৃতিৰ পৰা

দুলাল মানকি (ইংৰাজী: Dulal Manki, জন্ম: ১৯৬৪) এগৰাকী অসমৰ লোকশিল্পী তথা সংগীতজ্ঞ। তেওঁ অসমৰ চাহ জনগোষ্ঠীৰ পাৰম্পৰিক লোকসংগীতৰ এগৰাকী শিল্পী। ঝুমুৰ গীতৰ বিশেষ পাৰদৰ্শিতাৰ বাবে তেওঁক ঝুমুৰ সম্ৰাট বুলি কোৱা হয়। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২১ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. চাহ জনগোষ্ঠীৰ ঝুমুৰ বুলি ক'লে ভাৰতবৰ্ষত যদি চাওঁ অসমত আছেই ইয়াৰোপৰি ঝাৰখণ্ড, বেংগল,উৰিষ্যা,মধ্যপ্ৰদেশ এই সকলো দেশৰ মানুহেই ঝুমুৰ চৰ্চা কৰে। সকলোতে পেটাৰ্ণবোৰ অলপ বেলেগ বেলেগ হয়।কিন্তু অসমলৈ আহি ইয়াৰ জাতি জনগোষ্ঠীৰ সংমিশ্ৰণত অসমত যি ঝুমুৰৰ সৃষ্টি হ'ল সেয়া অত্যন্ত সুন্দৰ।[১]
  2. আমাৰ যি পৰম্পৰাগত নৃত্য গীত আছে সেইবোৰৰ মই প্ৰসাৰ আৰু প্ৰচাৰত গুৰুত্ব আৰোপ কৰি আছোঁ। মই ১৯৭৮ চনৰ পৰা নীৰৱচ্ছিন্ন ভাবে এই গীতবোৰ ৰেকৰ্ডিং কৰিছোঁ।তাৰ আগতে ১৯৭৬ চনত এই গীতৰ এখন ৰেকৰ্ড বনাইছিলোঁ। ৰেডিঅ'টো গাওঁ।[১]
  3. ঝুমুৰ গীত সময় অনুসৰি বেলেগ বেলেগ হয়।এটা নিশাত চাৰিটা প্ৰহৰ থাকে।এই প্ৰহৰ অনুসৰি তাৰ সুৰ তাল আদিবোৰ বেলেগ বেলেগ হয়। মাজনিশাৰ বেলেগ হয়।পুৱতিনিশাৰ বেলেগ হয়। ইয়াৰোপৰি আছে নাৰচেলিয়া,ঝিঙাফুলীয়া, গেলৱাৰি, তামৰিয়া এনেধৰনৰ আছে কিছুমান। এইবোৰ সকলো অলপ বেলেগ বেলেগ। মাজনিশা গোৱা ঝুমুৰ আধাৰতিয়া ইত্যাদি। এনেই ঝুমুৰ বুলি ক'বলৈ সহজ কিন্তু ইয়াৰ ভিতৰৰ পৰিধি বিশাল। আমি সাধনা কৰিছোঁ বাবে অলপ জানো আৰু।[১]
  4. আজি বিহুৱেই হওক বা ঝুমুৰ এই পৰম্পৰাগত গীতসমূহক আমি ধৰি ৰাখিব লাগিব।যদি আজিৰ শিল্পীসকলে ইয়াৰ ওপৰত কাম কৰি যায়।তেন্তে নিশ্চয় ভাল দিন আহিব।অলপ সলনি হ'ব পাৰে কিন্তু থাকিব।আমি সকলোৱে চেষ্টা কৰি আছো যাতে ই লুপ্তমুখী হৈ নাযাওক। জাতিটো যিমানদিন থাকিব ঝুমুৰ সিমান দিন থাকিব।[১]
  5. সংস্কৃতিৰ লগত জাতিটোৰ সম্পৰ্ক আছেই। বিহু আজিকালি সলনি হৈছে। আচল বিহুৰ পৰা ফালৰি কাটি হৈ আছে।আমি সকলোৱে চেষ্টা কৰিব লাগিব যাতে ইয়াক সংৰক্ষণ কৰিব পাৰোঁ।[১]

তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ সাক্ষাৎকাৰঃ দুলাল মানকি. প্ৰকাশক: xahitya.org (মাৰ্চ ১৫, ২০২১). আহৰণ কৰা হৈছে: 30 মে' 2024.