সমললৈ যাওক

দিলীপ কুমাৰ দত্ত

ৱিকিউদ্ধৃতিৰ পৰা

দিলীপ কুমাৰ দত্ত (ইংৰাজী: Dilip Kumar Dutta, ৩০ এপ্ৰিল, ১৯৩৭–২৬ ছেপ্টেম্বৰ, ২০১৯) এগৰাকী অসমীয়া গণিতজ্ঞ[১], শিক্ষাবিদ আৰু লেখক। তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ অংক শাস্ত্ৰৰ সন্মানীয় অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৩৭ চনত যোৰহাটত তেওঁৰ জন্ম হৈছিল।[২] পিতৃৰ নাম আছিল ফণীধৰ দত্ত আৰু মাতৃৰ নাম আছিল ৰত্নেশ্বৰী দত্ত। ব্ৰিটিছ চৰকাৰৰ কমন্‌ৱেলথ্‌ ফেল’শ্বিপ পোৱা তেখেত প্ৰথমজন অসমীয়া ছাত্ৰ আছিল। ১৯৮৭ চনত প্ৰকাশিত তেখেতৰ ৰচিত গ্ৰন্থ 'প্ৰেমত পৰিলোঁ নেকি?' কম্পিউটাৰত অসমীয়া আখৰেৰে লিখা প্ৰথমখন গ্ৰন্থ।[২] তেখেত অসমীয়া ভাষাৰ ফণ্টৰ প্ৰথম আৱিষ্কাৰক৷ তেখেত বিংশ শতিকাৰ আশীৰ দশকতে পাঁচটা ফণ্ট সৃষ্টি কৰি থৈ গৈছে৷ সেই ফণ্টকেইটাৰ নাম হৈছে ‘ডিবৰু’, ‘বেঁকী’, ‘কপিলী’, ‘ব্ৰহ্মপুত্ৰ’ আৰু ‘দিহিং’৷

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত চৰ্চা আৰু সত্য অন্বেষণ— এই চৰিত্ৰটোহে আমাৰ বাবে বৰ বেছি প্ৰয়োজন৷[৩]
  2. চিন্তা কৰিবলৈ তুমি পঢ়িবই লাগিব। সেয়ে পঢ়িবলৈ, বাৰে বাৰে পঢ়িবলৈ অভ্যাস কৰাটো এতিয়া বৰ প্ৰয়োজন হৈ পৰিছে।[৩]
  3. আজিকালি ল’ৰা-ছোৱালীয়ে এনেয়েও বেছিকৈ পঢ়িবলৈ বৰ ভাল নাপায়। অংক বুলিয়ে নহয়, যিকোনো বিষয়েই পঢ়িবলৈ ভাল নাপায়। এই টেলিভিছন চাই চাই চোৱাত ইমান অভ্যস্ত হৈ যায় যে পঢ়াতো যেন গৌণ কথাহে।[৩]
  4. মাধ্যম লৈ বা পদ্ধতি লৈ মূৰ ঘমোৱাৰ কোনো প্ৰয়োজন নাই৷[৩]
  5. যৌন শিক্ষা বহুখিনি পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু নিৰ্ভৰ কৰা উচিতো৷[৩]
  6. মনৰ পৰিসৰটো বহলাবলৈ গৈ শিপাডাল ছিঙি পেলোৱাৰ কোনো দৰকাৰ নাই৷[৩]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. প্ৰবীণ দাস (ছেপ্তেম্বৰ ২০২০). "গণিত বিকাশৰ ই-সংস্কৰণ". গণিত বিকাশ ৬৫ & ৬৬: ৩, ৪. 
  2. ২.০ ২.১ দীপান্বিতা বৰা (২৮ নৱেম্বৰ ২০১০). "শিপাৰ সন্ধানত প্ৰবাসী অসমীয়াজন". দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী বসুন্ধৰা: পৃষ্ঠা: ৮, ৯, ১০, ১১. 
  3. ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ৩.৫ গণিত চ’ৰা আলোচনীত দিলীপ কুমাৰ দত্তৰ সৈতে কুশল দত্তৰ সাক্ষাৎকাৰ. আহৰণ কৰা হৈছে: 25 মে' 2024.