সমললৈ যাওক

থিঅ'ড'ৰ ৰুজভেল্ট

ৱিকিউদ্ধৃতিৰ পৰা
থিঅ'ড'ৰ ৰুজভেল্টৰ আলোকচিত্ৰ

থিঅ'ড'ৰ ৰুজভেল্ট (ইংৰাজী: Theodore Roosevelt Jr.; ২৭ অক্টোবৰ, ১৮৫৮ – ৬ জানুৱাৰী, ১৯১৯) আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২৬তম ৰাষ্ট্ৰপতি।

  1. বিখ্যাত হোৱাতকৈ বিশ্বাসী হোৱাতো শ্ৰেয়।[]
  2. মানুহ এজনে জীৱনৰ বাটত কেনেকৈ উজুটি খায়, বা কিবা এটা কাম কেনেকৈ বেছি ভালকৈ কৰিব পাৰিলেহেঁতেন, সেই কথা আঙুলিয়াই দিয়া সমালোচকজন গুৰুত্বপূৰ্ণ নহয়। আচল দাবীদাৰ মানুহজন হ'ল যি প্ৰকৃততে ৰঙ্গমঞ্চত আছে, যাৰ মুখখন ধূলি আৰু ঘাম আৰু তেজে মলিয়ন কৰি পেলাইছে; যি সাহসেৰে চেষ্টা কৰিছে; যি ভুল কৰিছে, যি বাৰে বাৰে অলপৰ কাৰণে বিফল হৈছে, কাৰণ ভুল আৰু বিফলতাৰ অবিহনে কোনো প্ৰচেষ্টা নাথাকে; তথাপিও যি প্ৰকৃততে উৎসাহ আৰু ভক্তিৰে কাম কৰিবলৈ চেষ্টা কৰে; যি কোনো এক মহান কামত নিজকে নিয়োজিত কৰে; যিয়ে সেই সকলোৰে পৰিণতিত অহা প্ৰকৃত কৃতিত্বৰ অনুভৱ চিনে, আৰু যিয়ে আটাইতকৈ বেয়া অৱস্থাত বিফল হ’লে অতি সাহসেৰে সেই বিফলতাৰ মুখামুখি হয়, যাতে তেওঁৰ স্থান কেতিয়াও সেই ভীৰু সমালোচক আত্মাবোৰৰ লগত নাথাকে কাৰণ তেওঁলোকে জয় বা পৰাজয়ৰ এটাও নিচিনে।[]
:w:
:w: