সমললৈ যাওক

ডেভিদ হিলবাৰ্ট

ৱিকিউদ্ধৃতিৰ পৰা
ডেভিদ হিলবাৰ্টৰ আলোকচিত্ৰ

ডেভিদ হিলবাৰ্ট (ইংৰাজী: David Hilbert; ২৩ জানুৱাৰী, ১৮৬২ – ১৪ ফেব্ৰুৱাৰী, ১৯৪৩) আছিল এগৰাকী জাৰ্মান দাৰ্শনিক, গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী। উনৈশ আৰু বিংশ শতিকাৰ আৰম্ভণিৰ অন্যতম প্ৰভাৱশালী আৰু সাৰ্বজনীন গণিতজ্ঞ হিচাপে তেওঁ স্বীকৃতি লাভ কৰিছে।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • গণিত কৰাৰ কলাটো হ’ল সাধাৰণীকৰণৰ সকলো বীজাণু থকা সেই বিশেষ ক্ষেত্ৰখন বিচাৰি উলিওৱা।[১]
  • গণিতে কোনো জাতি বা ভৌগোলিক সীমা নাজানে; গণিতৰ বাবে সাংস্কৃতিক জগতখন এখন দেশ।[২]
  • কেণ্টৰে আমাৰ বাবে সৃষ্টি কৰা স্বৰ্গৰ পৰা আমাক কোনেও বহিষ্কাৰ নকৰিব।
  • যদি কোনোবাই পৃথিৱীৰ দহজন জ্ঞানী মানুহক একত্ৰিত কৰি সোধে যে পৃথিৱীত বৰ্তি থকা আটাইতকৈ নিৰ্বোধ বস্তুটো কি আছিল, তেতিয়া তেওঁলোকে জ্যোতিষশাস্ত্ৰতকৈ নিৰ্বোধ অন্য কোনো বস্তু আৱিষ্কাৰ কৰিব নোৱাৰিলেহেঁতেন।[৩]
  • পদাৰ্থ বিজ্ঞানীসকলৰ বাবে পদাৰ্থ বিজ্ঞান অত্যন্ত কঠিন হৈ পৰিছে।[৪]
  • প্ৰতিটো গাণিতিক শাখাই বিকাশৰ তিনিটা পৰ্যায়ৰ মাজেৰে পাৰ হয়: অপৰিপক্ক, আনুষ্ঠানিক আৰু সমালোচনাত্মক।[৫]
  • গাণিতিক তত্ত্ব এটাক সম্পূৰ্ণ বুলি তেতিয়ালৈকে গণ্য কৰা নহয় যেতিয়ালৈকে আপুনি স্পষ্টকৈ নকয় যে ৰাস্তাত লগ পোৱা প্ৰথম মানুহজনকো আপুনি এইটো বুজাব পাৰে।
  • হাজাৰ বছৰ শুই থকাৰ পিছত যদি মই সাৰ পাই যাওঁ, তেন্তে মোৰ প্ৰথম প্ৰশ্নটো হ’ব: ৰাইমেনৰ অনুমানটো প্ৰমাণিত হৈছেনে?
  • গণিত হৈছে এক পূৰ্বধাৰণাবিহীন বিজ্ঞান।[৬]
  • গণনাসমূহক পূৰণ নেওতাৰ সৰ্বনিম্ন স্তৰত ৰাখক।[৭]
  • কেতিয়াবা এনেকুৱাও হয় যে মানুহৰ দিগন্তৰ বৃত্তটো সৰু হৈ পৰে আৰু ব্যাসাৰ্ধ শূন্যৰ কাষ চাপি অহাৰ লগে লগে ই এটা বিন্দুত কেন্দ্ৰীভূত হয়। আৰু তাৰ পিছত সেইটোৱেই হৈ পৰে তেওঁৰ দৃষ্টিভংগী।[৮]

লগতে চাওক[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. N Rose, Mathematical Maxims and Minims (Raleigh N C 1988)
  2. H Eves, Mathematical Circles Squared (Boston 1971)
  3. D MacHale, Comic Sections (Dublin 1993)
  4. C Reid, Hilbert (London 1970)
  5. R Remmert, Theory of complex functions (New York, 1989)
  6. Hilbert, Die Grundlagen der Mathematik (1927)
  7. Constance Reid, Hilbert-Courant (1984), p. 104
  8. Constance Reid, Hilbert-Courant (1984), p. 174

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w: