সমললৈ যাওক

টেনেট

ৱিকিউদ্ধৃতিৰ পৰা

টেনেট (ইংৰাজী: Tenet) ২০২০ চনত মুক্তিপ্ৰাপ্ত তথা ক্ৰিষ্টোফাৰ ন'লানৰ দ্বাৰা পৰিচালিত এখন এক্সন-থ্ৰীলাৰ তথা কল্পবিজ্ঞান বিষয়ক চলচ্চিত্ৰ। তৃতীয় বিশ্বযুদ্ধ প্ৰতিৰোধ কৰাৰ অৰ্থে এজন গোপন এজেণ্টে কিদৰে সময়ৰ শৰৰ (Arrow of time) সৈতে হেতালি খেলে তাকেই চলচ্চিত্ৰখনত দেখুওৱা হৈছে।

  • মই উপলব্ধি কৰিছিলোঁ যে মই তোমাৰ বাবে কাম কৰা নাছিলোঁ, আমি দুয়ো মোৰ বাবে কাম কৰি আহিছোঁ।
  • মোৰ প্ৰলোভন ক্ষমতাৰ বিষয়ে আপোনাৰ হয়তো এটা স্ফীত ধাৰণা আছে।
  • আমিয়েই সেই মানুহখিনি যিয়ে পৃথিৱীখনক যিটো হ’ব পাৰে তাৰ পৰা ৰক্ষা কৰি আছো৷ কি হ’ব পাৰে পৃথিৱীয়ে কেতিয়াও গম নাপাব। আনকি তেওঁলোকে গম পালেও, তেওঁলোকে কোনো গুৰুত্ব নিদিব। কাৰণ যিটো বোমা বিস্ফোৰণ নহ’ল, সেই বোমাটোৰ কথা কোনেও গুৰুত্ব নিদিয়ে, কেৱল যিটো বোমা বিস্ফোৰণ হ’ল, তাৰ কথাতহে গুৰুত্ব দিব। এইটোৱেই সেইটো বোমা যিটো বিস্ফোৰণ নহ’ল, কোনেও গম নোপোৱা বিপদটো কিন্তু বাস্তৱ আছিল; সেইটোৱেই হৈছে পৃথিৱীখন সলনি কৰাৰ প্ৰকৃত শক্তি থকা বোমাটো৷
  • আৰম্ভণিতে লগ পাম, বন্ধু!
  • অতীতত আপোনাৰ এটা ভৱিষ্যত আছে। বছৰ বছৰ আগতে মোৰ বাবে, এতিয়াৰ পৰা বছৰ বছৰ পাছত আপোনাৰ বাবে।
  • “যি হ’ল হ’ল আৰু।” যিটো পৃথিৱীৰ যান্ত্ৰিকতাৰ ওপৰত বিশ্বাসৰ এক বহিঃপ্ৰকাশ। এইটো একো নকৰাৰ কোনো অজুহাত নহয়৷
  • মিছা কথা কোৱাই হৈছে মানক কাৰ্য্যকৰী পদ্ধতি।
  • তুমি পৃথিৱীখনক নতুন ধৰণে চাবলৈ আৰম্ভ কৰিব লাগিব।
  • বিশ্বক টেনেটৰ প্ৰয়োজন।
  • সময় শেষ হৈ যায়।