টিৰিয়ন লেনিষ্টাৰ

ৱিকিউদ্ধৃতিৰ পৰা

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • তুমি কি সেইটো কেতিয়াও পাহৰি নাযাবা, বাকী পৃথিৱীয়েও নাপাহৰিব। ইয়াক কৱচৰ দৰে পিন্ধি লোৱা আৰু কেতিয়াও তোমাক আঘাত দিবলৈ ইয়াক ব্যৱহাৰ কৰিব পৰা নাযাব।
  • এটা মনক কিতাপৰ প্ৰয়োজন যেনেকৈ তৰোৱালক শান শিলৰ প্ৰয়োজন।
  • মোৰ হৃদয়ত পংগু, হাৰামী আৰু ভঙা বস্তুৰ বাবে এটা আলসুৱা স্থান আছে।
  • সকলো সময়তে মদ খাই থকাটো সহজ নহয়৷ সহজ হ'লে সকলোৱে খালেহেঁতেন।
  • মই সেইটোৱেই কৰো: মই মদ খাওঁ আৰু মই কথাবোৰ জানো।
  • আঁচনি আৰু ষড়যন্ত্ৰ একেটাই বস্তু।
  • মৃত্যু চূড়ান্ত। আনহাতে জীৱন সম্ভাৱনাৰে পৰিপূৰ্ণ।
  • পূৰ্বতে আমাৰ মানুহবোৰৰ মাজত বন্ধুত্ব নাছিল। কিন্তু আমি এতিয়া একেলগে যুঁজ দিব লাগিব। নহ'লে মৃত্যু বৰণ কৰিব লাগিব।
  • ম‌ই যিমান পাৰো সিমান মানুহক জানিবলৈ চেষ্টা কৰো। আপোনাক কোনটোৰ প্ৰয়োজন হ'ব আপুনি কেতিয়াও নাজানে।
  • এজন জ্ঞানীয়ে এবাৰ কৈছিল যে পৃথিৱীৰ প্ৰকৃত ইতিহাস হৈছে মাৰ্জিত কোঠাত হোৱা মহান কথোপকথনৰ ইতিহাস।
  • যদি তুমি পংগু হ'বলৈ গৈ আছা, তেন্তে ধনী পংগু হোৱাই ভাল৷
  • পেটত কিছু মদ থাকিলে সকলো ভাল৷
  • মোৰ কথা শুনা। কেতিয়াবা সা-সম্পত্তি এক বিমূৰ্ত ধাৰণা মাথোঁ। যেতিয়া তেওঁলোকে মোক বন্দী কৰিলে, তেতিয়া তেওঁলোকে মোৰ মোনাখন লৈ গ'ল, কিন্তু সোণখিনি এতিয়াও মোৰ।
  • হত্যা আৰু ৰাজনীতি সদায় একে নহয়৷
  • যুক্তিতকৈ প্ৰেম অধিক শক্তিশালী।
  • কেতিয়াবা, কৰ্তব্য‌‌ই হৈছে প্ৰেমৰ মৃত্যু।
  • সকলোৱে জনা কথাতকৈ মই এজন সৎ মানুহৰ চকুক বেছি বিশ্বাস কৰোঁ।

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]